Pitha Utsav 2025.
বৰাক উপত্যকাৰ কন্টেন্ট ক্ৰিয়েটৰৰ মিলন ক্ষেত্ৰলৈ পৰিণত হ’ল শিলচৰৰ পিঠা উৎসৱ ২০২৫। শিলচৰৰ ফাৰ্ষ্ট লিংক ৰোডৰ চিলড্ৰেনছ পাৰ্কত দেওবাৰৰ পৰা আৰম্ভ হৈছে পিঠা উৎসৱ ২০২৫। য’ত বৰাকৰ কন্টেন্ট ক্ৰিয়েটৰসকলৰ এক অসাধাৰণ মিলন ক্ষেত্ৰত পৰিণত হৈছে। কন্টেন্ট ক্ৰিয়েটৰ ডেইলি পাচাঁলি আৰু মৃত্তিকা লোকগানৰ দলৰ উদ্যোগত আৰম্ভ হোৱা পিঠা উৎসৱে প্ৰথম দিনাই বিপুল সঁহাৰি লাভ কৰিছে। সভাস্থলীত পিঠাৰ সুগন্ধি, হাঁহি, ধেমালি আড্ডা আদিৰে ভৰি পৰিছে। আয়োজন কৰা হৈছে সাংস্কৃতিক অনুষ্ঠানৰো। সুস্বাদু পিঠাৰ ষ্টলৰ পৰা আৰম্ভ কৰি গহনা ব্যৱসায়ীসকলেও পিঠা উৎসৱত অংশগ্ৰহণ কৰিছে। ষ্টলত সুস্বাদু পিঠাৰ যেনে পুলি, মালপোৱা, লাড়ু, পাটিছেপটা আদি উপলব্ধ হৈছে। শিলচৰ নিউজৰ কৃষ্ণকান্ত সিনহা, কৰিমগঞ্জ টুডেৰ সুজান দেব ৰায়, নৰুল হক কাষ্টমছ, শিলচাৰী মাইয়া মুন, শিল্পা চিলেটি ব্লগকে ধৰি বহুকেইজন উপস্থিত থাকে। মতিনগৰ টুডেৰ অভিজিৎ ধৰ, বিপ্লৱ ৰায় জি বি এম, টিপু কানু ব্লগ, মনোজ দাস ব্লগ, প্ৰণৱ দেৱৰাই ব্লগৰ লগতে আৰু বহুতে উপস্থিত থাকে পিঠা উৎসৱ ২০২৫-ত। অনুষ্ঠানৰ আয়োজকৰ হৈ স্বপ্নজিৎ গোৱালপাৰিয়াই কয় যে পিঠা উৎসৱৰ প্ৰথম দিনাই বিপুল সঁহাৰি লাভ কৰিছে। মানুহৰ যথেষ্ট ভিৰ গোট খাইছে। যদিও নামটো পিঠা উৎসৱ, মূলতঃ ই বৰাক উপত্যকাৰ কন্টেন্ট ক্ৰিয়েটৰৰ সমাৱেশ। সকলোকে এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা হৈছে। লগতে ইয়াত বহু গৃহিণীয়ে পিঠা ষ্টল দিছে। বহুতে পিঠা বনাই আৰু খোৱাই ভাল পায়। ফলত উৎসাহত সকলোৱে অংশগ্ৰহণ কৰে। পিঠা বিক্ৰেতা মীৰা দেৱী আৰু শৰ্মিষ্ঠা দামে কয়, পুহ মাহ মানে পিঠা। ঘৰতে সদায় পিঠা বনায় তেওঁলোক। এতিয়া তেওঁলোকে মঞ্চত পিঠা বনাই মানুহক খুৱাব পৰাকৈ আনন্দ লৈছে। কিমান টকা বিক্ৰী হ’ব বুলি চিন্তা কৰা নাই। এতিয়াৰ বাবে মানুহৰ লগত চিনাকি হোৱাত তেওঁলোক সুখী। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.