NEWS

Sheikh Hasina : বাংলাদেশৰ ৰাজনৈতিক অৰাজকতাৰ ইতিহাস : বিৱৰ্তিত পথত শ্বেখ হাছিনাৰ বিৱৰ্তন

এসপ্তাহজুৰি হিংসাত্মক প্ৰতিবাদৰে তেজেৰে তুমৰলি হোৱা ঘটনাৰাজিৰ মাজতে অন্ত পৰিল শ্বেখ হাছিনাৰ ১৫ বছৰীয়া শাসনকালৰ। ৫ আগষ্টৰ দিনা বাংলাদেশৰ ইতিহাসৰ দীৰ্ঘতম সময়ৰ বাবে, ১৫ বছৰ ধৰি শাসনৰ বাঘজৰী ধৰা একমাত্ৰ নেত্ৰী শ্বেখ হাছিনাই নিজ পদবীৰ পৰা পদত্যাগ কৰাই নহয়, দেশান্তৰিত হ’বলৈও বাধ্য হৈছিল। বাংলাদেশৰ শেহতীয়া ঘটনাৰাজিয়ে পুনৰ মনত পেলাই দিছে দেশখনৰ ইতিহাসৰ কেতবোৰ ৰক্তাক্ত ঘটনা। বাংলাদেশৰ ইতিহাসৰ ঘটনাৱলীত এভুমুকি ১৯৭৫: বংগবন্ধুৰ হত্যাকাণ্ড শ্বেইখ মজিবুৰ ৰহমান - এক সামৰিক অভ্যুত্থান বা বিদ্ৰোহত বাংলাদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আৰু হাছিনাৰ পিতৃক তেওঁৰ পৰিয়ালৰ বহুকেইজনৰ সৈতে হত্যা কৰা হৈছিল। হাছিনাৰ পিতৃ (সেই সময়ৰ বাংলাদেশৰ ৰাষ্ট্ৰপতি) সহ তেওঁৰ পৰিয়ালৰ ১৮গৰাকী সদস্য- তেওঁৰ মাতৃ, তিনি ভাতৃ আৰু অন্যান্য সম্পৰ্কীয়ক ১৯৭৫ চনৰ এটা সামৰিক বিদ্ৰোহত হত্যা কৰা হৈছিল। দেশৰ বাহিৰত থকাৰ বাবে হাছিনা আৰু তেওঁৰ ভগ্নীহে কেৱল ৰক্ষা পৰিছিল। এই হত্যাকাণ্ডৰ পাছত স্বামী আৰু সন্তানসহ হাছিনাই ভুৱা পৰিচয়েৰে দিল্লীত ৬ বছৰ আত্মগোপন কৰি আছিল। ১৯৮১তহে তেওঁ বাংলাদেশলৈ ঘূৰি গৈছিল। একেটা বছৰতেই সংঘটিত হৈছিল আন দুটা সামৰিক অভ্যুত্থানো ৰহমানৰ হত্যাকাণ্ডৰ পাছত ফণ্ডেকাৰ মোস্তাক আহমেদে একাংশ সেনাৰ সহযোগত শাসনভাৰ লাভ কৰে। পৰৱৰ্তী সময়ত সেনাধ্যক্ষ খালেদ মোছাৰফৰ নেতৃত্বত হোৱা সেনা অভ্যুত্থানত তেওঁকো ক্ষমতাচ্যুত কৰি হত্যা কৰা হয়। নৱেম্ৱৰত জেনেৰেল জিয়াউৰ ৰহমানে শাসনভাৰ দখল কৰে। ১৯৮১ - জিয়াউৰ হত্যাকাণ্ড মেজৰ জেনেৰেল মহম্মদ আব্দুল মঞ্জুৰৰ নেতৃত্বত হোৱা সেনা বিদ্ৰোহত জিয়াউৰ ৰহমানক হত্যা কৰা হৈছিল। ১৯৮২ - ৰক্তক্ষয় নোহোৱা অভ্যুত্থান ৰহমানৰ পৰৱৰ্তী নেতা আব্দুছ ছাত্তাৰক সেনাৰ জেনেৰেল মহম্মদ ইৰ্ছাদৰ নেতৃত্বত হোৱা সম্পূৰ্ণ শান্তিপূৰ্ণ সেনা অভ্যুত্থানৰ জৰিয়তে ক্ষমতাচ্যুত কৰা হৈছিল। প্ৰথমে ইৰছাদে মুখ্য সেনা প্ৰশাসক হিচাপে কাৰ্য নিৰ্বাহ কৰি পাছত নিজকে ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰে। ২০০৭ - তত্ৱাবধায়ক চৰকাৰ ২০০৭ৰ ১১ জানুৱাৰীত মুখ্য সেনাধ্যক্ষ মঈন ইউ আহমেদে আন এটা সামৰিক অভ্যুত্থানৰ নেতৃত্ৱ দিয়ে। এই অভ্যুত্থানৰ জৰিয়তে সেনাৰ সহযোগত এখন তত্বাবধায়ক চৰকাৰ গঠন কৰা হয়। সংবিধান গণ্ডিৰ ভিতৰত থাকিয়েই চৰকাৰখনে চলাইছিল কাম-কাজ। দুবছৰ এই চৰকাৰে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ২০০৮ চনত হাছিনাই ৰাজনীতিলৈ আহে আৰু চৰকাৰ গঠন কৰে। ২০০৯ - অৰ্ধ সামৰিক বাহিনীৰ বিদ্ৰোহ অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ গোটে ঢাকাত বিদ্ৰোহ কৰি ৭০ৰো অধিক লোকক হত্যা কৰে। ইয়াৰে অধিকাংশই সেনা বিষয়া। ৬ বছৰ পাছত বিদ্ৰোহৰ শাম কাটে। কেইবালানিও আলোচনাৰ অন্তত বিদ্ৰোহীসকলে অস্ত্ৰ সম্বৰণ কৰে। ২০১২ - এটা অসফল বিদ্ৰোহ শ্বাৰিয়া প্ৰচলন আৰু ইছলাম আইন প্ৰচলনৰ অভিযানৰ দ্ৱাৰা প্ৰভাৱিত হৈ বাংলাদেশ সেনাই এটা বিদ্ৰোহ ওফৰাই দিছিল। ২০২৪ - হাছিনাক পলাবলৈ বাধ্য কৰা হ’ল জনতাৰ প্ৰতিবাদৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদত্যাগ কৰি দেশান্তৰিত হ’বলৈ বাধ্য কৰা হ’ল। শ্বেখ হাছিনা পলাবলগীয়া হ’ল কিয়? বাংলাদেশত এটা সংৰক্ষণ ব্যৱস্থা আছিল। এই ব্যৱস্থা মতে, যিসকলে ১৯৭১ত পাকিস্তানৰ বিৰুদ্ধে যুঁজিছিল, সেইসকল লোকৰ পৰিয়াললৈ চৰকাৰী চাকৰিৰ ৩০% সংৰক্ষণৰ কথা ঘোষণা কৰা হৈছিল। এই সন্দৰ্ভত জুন ২০২৪ত নিৰ্দেশ জাৰি কৰা হৈছিল। ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতেই লৈছিল এই সিদ্ধান্ত। বিশ্ববিদ্যালয় চৌহদত আৰম্ভ হোৱা এই ঘটনাৰ প্ৰতিবাদ দেশৰ সৰ্বত্ৰ প্ৰতিফলন হৈছিল। প্ৰতিবাদী শিক্ষাৰ্থীৰ অভিযোগ যে এই সংৰক্ষণ ব্যৱস্থা বৈষম্যমূলক আৰু কেৱল আৱামী লীগৰ সদস্য আৰু তেওঁলোকৰ সহযোগীকহে লাভৱান্বিত কৰিব। ফলশ্ৰুতিত প্ৰতিবাদমুখৰ হৈ পৰিছিল ছাত্ৰসমাজ। পৰৱৰ্তী পৰ্যায়ত হিংসাত্মক ৰূপ ল’লে এই প্ৰতিবাদে। হাছিনা চৰকাৰে প্ৰতিবাদ দমনৰ বাবে লোৱা নীতিয়েও হিংসা বঢ়াইছিল। বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শ্বেখ হাছিনাই একেৰাহে ১৫ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। জুলাইৰ মাজ ভাগত দেশজুৰি অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল আৰু কঠোৰভাৱে ইয়াক দমন কৰা হৈছিল। ইয়াৰ ফলশ্ৰুতিত বহু লোকৰ প্ৰাণহানি হৈছিল। জাৰি কৰিছিল ‘দেখিলেই গুলীওৱা’ৰ নিৰ্দেশ। চৰকাৰে কাটি দিছিল ইণ্টাৰনেট ব্যৱস্থা। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ১১,০০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ৩০০জন নিহত হৈছিল হিংসাত্মক ঘটনাত। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কোটা ব্যৱস্থাৰ পুনৰ প্ৰচলনৰ ৰায়ে চৰকাৰক শ’লঠেকত পেলালে। কিন্তু এই সময়লৈ এই প্ৰতিবাদ চৰকাৰবিৰোধী বিদ্ৰোহলৈ পৰিৱৰ্তিত হৈছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.