NEWS

Zubeen Garg Health Update: বৰ্তমান কেনে আছে জুবিন গাৰ্গ? ICUত কিয় ৰখা হৈছে জুবিন গাৰ্গক? চিকিৎসকে জনালে সবিশেষ

অসমৰ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসুস্থ। চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ। দেওবাৰে পুৱা ১০ বজাত মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছে জুবিন গাৰ্গক। জানিব পৰা মতে জুবিন গাৰ্গৰ ছিজাৰ এটেক (Seizure Attack) হৈছিল। বৰ্তমান জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালৰ MICUত ৰখা হৈছে। জুবিন গাৰ্গৰ শেহতীয়া স্বাস্থ্য সম্পৰ্কে নেমকেয়াৰ হাস্পতালৰ ডাঃ হীতেশ হৰুৱাই জনোৱা অনুসৰি, “জুবিনৰ বৰ্তমান শাৰীৰিক অৱস্থা খুবেই সুস্থিৰ। কিন্তু জুবিনক কিছু জিৰণিৰ প্ৰয়োজন হ’ব। গুণমুগ্ধৰ ভিৰৰ বাবেহে ICUত ৰাখিব লগা হৈছে। এতিয়া কোনো ধৰণৰ অসুবিধা নাই। সোমবাৰে পুৱা সকলো স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্টসমূহ আহিব। তাৰপাছত সিদ্ধান্ত লোৱা হ’ব কিমান দিন হাস্পতালত ৰাখিব লাগিব। জুবিন গাৰ্গক বৰ্তমান চিকিৎসকৰ এটা দলে অহৰ্নিশে নিৰীক্ষণ কৰি আছে।” উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে জনোৱা অনুসৰি শনিবাৰে নিশা জুবিন গাৰ্গ মহানগৰীৰ জোনালীত পৰিয়ালৰ সৈতে আছিল। কোনো কাম বা চিন্তাত নাছিল বুলি জনাইছে জয়ন্ত কাকতিয়ে। কিন্তু দেওবাৰে পুৱাই জুবিন গাৰ্গৰ ছিজাৰ এটেক আহে। উল্লেখ্য যে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহতো চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল জুবিন গাৰ্গক। ২০২৩ৰ নৱেম্বৰ মাহত জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালৰ ICUত ভৰ্তি কৰা হৈছিল। ইয়াৰ পূৰ্বেও স্বাস্থ্যজনিক সমস্যাৰ বাবে জুবিন আয়ুৰচন্দ্ৰা, হেল্থ চিটী, নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈছিল। ২০২২ চনতো ডিব্ৰুগড়ত জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল আৰু তেওঁক এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ অনা হৈছিল। ২০২১ চনৰ অক্টোবৰত উচ্চ ৰক্তচাপৰ বাবে আয়ুৰচন্দ্ৰাত ভৰ্তি কৰোৱা হৈছিল। ২০২০ চনতো অসুস্থ হৈ পৰিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। মুম্বাইতো চিকিৎসাৰ বাবে জুবিন কেইবাদিনো থাকিব লগা হৈছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.