NEWS

Tayabun Nisha: নাজিৰাত উপস্থিত 'ডিচকাছ ৰাণী' তয়াবুন নিছা, বিশিষ্ট ক্ৰীড়াবিদগৰাকীক জ্ঞাপন কৰিলে সম্বৰ্ধনা

নাজিৰালৈ আহিল বিশিষ্ট ক্ৰীড়াবিদ তৈয়বুন নিছা নাজিৰাত ডিচকাছ ৰাণী হিচাপে খ্যাত তৈয়বুন নিছা। নাজিৰা বহুকেইটা সামাজিক অনুষ্ঠানে সম্বৰ্ধনা জনালে বিশিষ্ট ক্ৰীড়াবিদ গৰাকীক। ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ তেওঁ। ক্ৰীড়াৰ ক্ষেত্ৰখনত বিশেষ নাম আছে বিশিষ্ট ক্ৰীড়াবিদ তৈয়বুন নিছাৰ। তেওঁ এগৰাকী প্ৰাক্তন এথলীট যদিও বৰ্তমান সময়তো উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰখনত সাহসেৰে আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰাৰ লগতে সহায় কৰি অহা দেখিবলৈ পোৱা গৈছে । তৈয়বুন নিছাই ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰে। ১৯৭৪ চনত ডিছকাছ থ্ৰ’ত তেওঁ দূৰত্বৰ এক বাৰ বছৰীয়া ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত তৈয়বুন নিছাই ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । ১৯৫৩ চনত শিৱসাগৰ জিলাত জন্ম লাভ কৰা তৈয়াবুন নিছা নাজিৰাত উপস্থিতহোৱাৰ লগে লগে নাজিৰাৰ বহুকেইটা সামাজিক অনুষ্ঠান একত্ৰিত হৈ বিশিষ্ট ক্ৰীড়াবিদ গৰাকীক গামোচা, চেলেং চাদৰ, জাপি ইত্যাদিৰে নাজিৰা এম.চি ক্লাৱত সম্বৰ্ধনা জনোৱা দেখিবলৈ পোৱা গ’ল। ১৯৭১ চনত তৈয়বুন নিছাই আহমেদাবাদত অনুষ্ঠিত হোৱা নৱম আন্তৰাজ্যিক এথলীটত ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰথম অসমীয়া মহিলা খেলুৱৈ হোৱাৰ সন্মান লাভ কৰে। সৰুৰ পৰা অতি কষ্টৰ মাজেৰে জীৱন সংগ্ৰাম কৰি এই সন্মান গোটাবলৈ চেষ্টা কৰা বিশিষ্ট ক্ৰীড়াবিদ গৰাকীয়ে তেওঁৰ জীৱন সংগ্ৰামৰ বিষয়ে সম্বৰ্ধনা অনুষ্ঠানত সকলোৰে আগত সবিস্তাৰে কৈ যোৱাৰ লগতে অনুষ্ঠানত উপস্হিত থকা শিক্ষাৰ্থীসকলে ক্ৰীড়াৰ ক্ষেত্ৰখনত কি দৰে আগবাঢ়ি যাব সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰা দেখিবলৈ পোৱাগ’ল। সেই সময়ত ক্ৰীড়াৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ বিশেষ সুবিধা নাছিল যদিও বৰ্তমান সময়ত সকলো ফালৰ পৰাই যথেষ্ট সুবিধা প্ৰদান কৰা হয় সেয়ে এই সময়ত ক্ৰীড়াৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ শিক্ষাৰ্থীসকলে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে বিশিষ্ট ক্ৰীড়াবিদ গৰাকীয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.