এটা ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ গ’ল ২৭গৰাকী লোকৰ। শুকুৰবাৰে উত্তৰ নাইজেৰিয়াৰ নাইজাৰ নদীত সংঘটিত হৈছে নাও দুৰ্ঘটনাটো৷ বিভাগীয় কৰ্তৃপক্ষই সদৰী কৰা তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা নাওখন খাদ্য বজাৰলৈ গৈ আছিল। এই দুৰ্ঘটনাৰ পাছত ১০০ৰো অধিক লোক সন্ধানহীন হৈ আছে। এই ঘটনাত আহত বা নিহতৰ ভিতৰত অধিকাংশই মহিলা আছিল বুলি জানিব পৰা গৈছে। নাইজাৰৰ ৰাজ্যিক জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ মুখপাত্ৰ ইব্ৰাহিম আউডুৱে ‘দ্য এছ’চিয়েটেড প্ৰেছ’ক জনোৱা মতে, নাওখনত প্ৰায় ২০০গৰাকী যাত্ৰী আছিল। নাওখন কোগি ৰাজ্যৰ পৰা চুবুৰীয়া নাইজাৰ ৰাজ্যলৈ গৈ আছিল। কিন্তু এই নাওখন কিয় দুৰ্ঘটনাত পতিত হ’ল, সেই সন্দৰ্ভত কোনো কাৰণ জানিব পৰা হোৱা নাই । কোগি ৰাজ্যিক জৰুৰীকালীন সেৱাৰ মুখপাত্ৰ চেণ্ড্ৰা মোজেছৰ মতে, শুকুৰবাৰে সন্ধিয়ালৈকে উদ্ধাৰকাৰী দলে নদীৰ পৰা ২৭টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ স্থানীয় বহু ডুবাৰুৱে এতিয়াও সন্ধানহীন হৈ থকা লোকক বিচাৰি অভিযান চলাই আছে৷ বিভাগীয় কৰ্তৃপক্ষই নাওখন দুৰ্ঘটনাত পতিত হোৱাৰ কোনো কাৰণ নিশ্চিত কৰা নাই যদিও স্থানীয় কিছু সংবাদ মাধ্যমে নাওখনৰ অতিৰিক্ত বোজাৰ বাবেই উক্ত ঘটনাটো সংঘটিত হোৱা বুলি মত প্ৰকাশ কৰিছে। নাইজেৰিয়াৰ নাগৰিকে উল্লেখ কৰা মতে, এই দুৰ্গম অঞ্চলত নাৱেৰে অতিমাত্ৰা ভাৰ কঢ়িওৱাটো সাধাৰণ কথা৷ কাৰণ নাৱেৰে যাত্ৰা কৰাৰ বাহিৰে উক্ত অঞ্চলৰ লোকৰ বাবে অন্য বিকল্প পথ নাই। ৰাজ্যখনত নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ কাৰ্যকলাপৰ দায়িত্বত থকা জাষ্টিন উৱাজুৰ’নীয়ে জনোৱা মতে, শুকুৰবাৰে সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাৰ পাছত উদ্ধাৰকাৰী দলে ঘণ্টাৰ পাছত ঘণ্টা ধৰি উদ্ধাৰ অভিযানত নিয়োজিত আছিল। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.