খেলপথাৰত সাজু খেলুৱৈ। দীঘলীয়া হূইছেলেৰে ৰেফাৰীয়ে দিলে খেল আৰম্ভণিৰ সংকেট। বল লৈ আগুৱাই গ’ল খেলুৱৈ, প্ৰতিপক্ষৰ খেলুৱৈৰ বাধা নেওচি আগুৱাই গৈছে খেলুৱৈগৰাকী। ফৰৱাৰ্ডলৈ আগবঢ়াই দিছে দীঘলীয়া শ্বট। খেল উপভোগ কৰি থকা দৰ্শকৰ মাজৰ এজনে চিঞৰিলে- বাহ! আমাৰ ছোৱালীয়েও ফুটবল খেলিছে, ল’ৰাৰ দৰেই বলৰ আগে আগে দৌৰিছে… হয়, আপুনি মই সাধাৰণতে নপতা কথাৰেই প্ৰতিফলন ঘটিল গুৱাহাটীত। মহানগৰীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ল ৰেইনব’ কাপ মহিলা ফুটবল প্ৰতিযোগিতা, এখন ফুটবল টুৰ্ণামেণ্ট কেৱল মহিলাৰ ফুটবলৰ বাবে। ৰেইনব’ ফুটবল কোচিং ক্লাৰ উদ্যোগত আৰু Assam Skill Development Missionৰ সহযোগিতাত মহানগৰীৰ ওদালবাক্ৰাত অনুষ্ঠিত হয় কেৱল মাত্ৰ মহিলা ফুটবলাৰৰ বাবে এই ব্যতিক্ৰম খেল সমাৰোহ। ফুটবলৰ প্ৰতি স্কুলীয়া ছোৱালী-যুৱতীসকলক আগ্ৰহী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় এই ফুটবল প্ৰতিযোগিতা। মহানগৰীৰ মুঠ ১২টা দলৰ প্ৰায় ১১০গৰাকী যুৱতীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। প্ৰতিযোগিতাৰ ফাইনেলত Guwahati Warrior দলে ছেম্পিয়নৰ খিতাপ দখল কৰে। বিপৰীতে লখৰা Club UKS ক্লাবে লাভ কৰে ৰানাৰ্ছ আপৰ খিতাপ। বিজয়ী দললৈ আগবঢ়োৱা হয় ৰেইন ব’ কাপ। আৰু পঢ়ক : টি-২০ বিশ্বকাপৰ পিছত ১০ তাৰকা ক্ৰিকেটাৰৰ অৱসৰ! তালিকাত টীম ইণ্ডিয়াৰ দুই মহাতাৰকা! ফাইনেল খেলৰ পূৰ্বে খেলুৱৈসকলৰ সৈতে চিনাকি হৈ মত বিনিময় কৰে কমনৱেল্থ গে’মছৰ লনবলত সোণৰ পদক বিজেতা নয়নমণি শইকীয়াই। শইকীয়াৰ সৈতে উপস্থিত থাকে অসম মহিলা ফুটবল প্ৰশিক্ষক মঞ্জু চলিহা। ভাষণ প্ৰসংগত প্ৰশিক্ষক মঞ্জু চলিহাই ফুটবল খেলৰ প্ৰতি ছোৱালীক উৎসাহিত কৰাৰ বাবে চলাই থকা প্ৰচেষ্টাৰ বাবে ৰেইনব’ কোচিং ক্লাবৰ শলাগ লয়। লগতে ক্লাবৰ উন্নয়নৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ সদা প্ৰস্তুত হৈ থাকিব বুলিও আশ্বাস দিয়ে। উল্লেখ্য, ২০১৩ চনত প্ৰতিষ্ঠা হোৱা ফুটবল কোচিং চেণ্টাৰটোৰ প্ৰথমগৰাকী ছোৱালী ফুটবলাৰ হ’ল মাৰিয়ানা বসুমতাৰী ট’ড। আজিৰ তাৰিখত এই ফুটবল কোচিং চেণ্টাৰত ২০ গৰাকী ছোৱালীয়ে ফুটবলৰ প্ৰশিক্ষণ লৈ আছে। ইয়াৰে কেইবাগৰাকী মহিলা ফুটবলাৰে জিলা, ৰাজ্যিক পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। সোমবাৰে অনুষ্ঠিত এই ফুটবল সমাৰোহত প্ৰতিটো মহিলা ফুটবল দলত ৭ গৰাকীকৈ খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল। ১২টা দলৰ প্ৰায় ১১০গৰাকী খেলুৱৈয়ে এই সমাৰোহত অংশগ্ৰহণ কৰিছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, কেৱল যুৱতীৰ বাবে উছৰ্গিত ফুটবল প্ৰতিযোগিতা গুৱাহাটীত এয়াই প্ৰথম। এই সন্দৰ্ভত কোচিং চেণ্টাৰটোৰ মুখ্য প্ৰশিক্ষক পীটাৰ এলেক্স ট’ড বৰুৱাই এই সন্দৰ্ভত কয়,‘‘অসমত ফুটবলৰ জনপ্ৰিয়তা উল্লেখনীয়, কিন্তু ফুটবলৰ ক্ষেত্ৰখনত মহিলাসকলকো সক্ৰিয়ভাৱে অংশীদাৰ কৰোৱাৰ বাবে এতিয়াও বহু কৰণীয় আছে। আমাৰ এই ক্লাবত প্ৰশিক্ষণ গ্ৰহণ কৰা বহু ছোৱালীয়ে যোৱা সময়ছোৱাত জিলা, ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।’’ ফুটবল টুৰ্ণামেণ্টখনত মহিলা খেলুৱৈসকলক উৎসাহ যোগাবলৈ আগবাঢ়ি আহিল মহানগৰীৰ মিলিজুলি সংঘ, ও়ালবাক্ৰা জনজাতীয় যুৱ কল্যাণ পৰিষদ, অংকুৰজ্যোতি সংঘকে ধৰি বহুকেইগৰাকী শুভকাংক্ষীয়ে। উল্লেখযোগ্য যে সম্প্ৰতি মহানগৰীৰ বহু অঞ্চলত ফুটবল ক্লাব গঢ় লৈ উঠিছে যদিও ছোৱালীৰ বাবে ফুটবল প্ৰশিক্ষণৰ বিশেষ তেনে কোনো সুবিধা নাই। এই ক্ষেত্ৰত ৰেইনব’ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰচেষ্টা নিঃসন্দেহে উল্লেখনীয়। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.