NEWS

নতুন অসমীয়া চলচ্চিত্ৰ 'সুন্দৰপুৰ CHAOS'ৰ অডিঅ' আৰু মিউজিক ভিডিঅ' মুকলি

নতুন অসমীয়া ছবি 'সুন্দৰপুৰ কেয়চ'ৰ গীতৰ দৃশ্য শ্ৰৱ্যৰ শুভমুক্তি অনুষ্ঠান। RC প্ৰডাকচনৰ নতুন অসমীয়া ছবি ‘সুন্দৰপুৰ কেয়চ’ৰ গীতৰ দৃশ্য শ্ৰৱ্যৰ শুভমুক্তি অনুষ্ঠান। আজি গুৱাহাটীৰ পাঞ্জাৱাৰীৰ অসম ৰাজ্যিক চলচ্চিত্র আৰু বিত্ত উন্নয়ন নিগমৰ আইদেউ ছবিগৃহত শুভমুক্তি দিয়া হয় গীতকেইটিৰ। কণ্ঠশিল্পী গায়ত্রী হাজৰিকা, সাংস্কৃতিক কর্মী ৰমেন্দ্র কুমাৰ চমুৱা, দিগন্ত ঠাকুৰীয়াৰ প্রযোজনাত নিৰ্মাণ কৰা হৈছে ‘সুন্দৰপুৰ কেয়চ’ নামৰ ছবিখন।অনুষ্ঠানত বন্তি প্রজ্বলন কৰে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্রী শ্রী ননীগোপাল দেৱ গোস্বামীয়ে। ‘সুন্দৰপুৰ কেয়চ’ ঝুলনকৃষ্ণ মহন্তৰ কাহিনী চিত্রনাট্য পৰিচালনা আৰু সম্পাদনাৰে তেওঁৰ দ্বিতীয়খন পূর্ণ দৈৰ্ঘৰ চলচ্চিত্ৰ। মহাপুৰুষ শ্রী মন্ত শংকৰদেৱে গঢ়িব খোজা এখন সুন্দৰ অসমৰ প্ৰতিচ্ছবিৰে সুন্দৰপুৰ কেয়চ’ৰ কাহিনী।সংগীত পৰিচালনাৰ বাবে অসম ৰাজ্যিক চলচ্চিত্র বঁটাৰে সন্মানীত হোৱা সৌৰভ মহন্তৰ আৱহ সংগীত আৰু সংগীত পৰিচালনাৰে নির্মিত হোৱা ‘সুন্দৰপুৰ কেয়চ’ৰ প্ৰথমটি গীত ‘অচিনাকী এই চহৰ’ৰ কথা মঞ্জুলা হাজৰিকাৰ। গীতটিত কণ্ঠ নিগৰাইছে ভাৰতবৰ্ষৰ এগৰাকী জনপ্রিয় কণ্ঠশিল্পী শ্বানে।দ্বিতীয় গীতটি ‘কিয় জানো আজি’ৰ কথা আৰু কণ্ঠ বিশিষ্ট কণ্ঠশিল্পী ছবিখনৰ অন্যতম প্রযোজক গায়ত্রী হাজৰিকাৰ। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ পাষণ্ড মর্দনৰ অর্ন্তভুক্ত দুটি ঘোষা আৰু কেইটিমান পদেৰে সৃষ্টি কৰা এটি ‘প্রসংগ’ত কণ্ঠদান কৰিছে অসমৰ এগৰাকী সুযোগ্য সন্তান আৰু জনপ্রিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই। তিনিওটি গীতৰ সংমিশ্রণৰ দায়িত্বত আছে ক্রমে মুম্বাইস্থিত ত্ৰিহংকু লহকৰ আৰু ভাস্কৰ শৰ্মা। ৰাষ্ট্ৰীয় বঁটা প্রাপক শব্দযন্ত্রী দেৱজিৎ গায়ন, অসমৰ এজন বিশিষ্ট চিত্রগ্রহণকাৰী চন্দ্ৰ কুমাৰ দাসৰ চিত্রগ্রহণেৰে ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা অৰুণ নাথ, ৰাজীৱ গোস্বামী, জ্বলী লস্কৰ, গার্গী দত্ত, বণী দেউৰী আদি।অনুষ্ঠানত উপস্থিত থাকে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্রী শ্রী ননীগোপাল দেৱ গোস্বামী, বিশিষ্ট শিল্পী শান্তা উজীৰ, চেতনা দাস, মলয়া গোস্বামী,ড০ হিতেশ বৰুৱা প্ৰমুখ্যে বহুকেইগৰাকী গণ্য মান্য ব্যক্তি। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.