জে’লত এনিশা কটোৱাৰ পিছত শনিবাৰে পুৱাই মুকলি আকাশৰ তললৈ ‘পুষ্পা’ খ্যাত দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন। শুকুৰবাৰে হায়দৰাবাদ আৰক্ষীয়ে ‘পুষ্পা ২- দ্য ৰুল’ ছবিখনৰ প্ৰিমিয়াৰৰ সময়ত হোৱা পদপিষ্টৰ ঘটনাত এগৰাকী মহিলাৰ মৃত্যুৰ গোচৰত অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। পিছত তেলেংগানা আদালতে আল্লু অৰ্জুনক জামিন মঞ্জুৰ কৰে। ইয়াৰ পিছতো অভিনেতাগৰাকীয়ে জে’লত নিশাটো কটাবলগীয়া হ’ল। জে’লৰ পৰা মুক্তি পোৱাৰ পিছত অভিনেতাগৰাকীৰ প্ৰথমটো ভিডিঅ’ প্ৰকাশ পাইছে, যিটো ভাইৰেল হৈ পৰিছে। চাওক জে’লৰ পৰা মুকলি আকাশৰ তললৈ আহিয়ে কি ক’লে অভিনেতাগৰাকীয়ে- #WATCH | Hyderabad, Telangana: Actor Allu Arjun says, "I thank everyone for the love and support. I want to thank all my fans. There is nothing to worry about. I am fine. I am a law-abiding citizen and will cooperate. I would like to once again express my condolences to the… pic.twitter.com/nNE1xQTyo5 গ্ৰেপ্তাৰৰ পিছত আল্লু অৰ্জুনক চাঞ্চলগুড়া কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়। কিছু ঘণ্টাৰ পাছত খবৰ আহিল যে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। কিন্তু পিছত অভিনেতাগৰাকীক তেলেংগানা উচ্চ ন্যায়ালয়ে ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে। কিন্তু তথাপিও অভিনেতাগৰাকীয়ে নিশাটো জে’লত কটাবলগীয়া হ’ল। এতিয়া জে’লৰ পৰা ওলাই অহাৰ পিছত তেওঁৰ প্ৰথমটো ভিডিঅ’ ভাইৰেল হৈছে। জে’লৰ পৰা ওলাই অহাৰ পিছত অনুৰাগীক সম্ভাষণ জনালে ‘পুষ্পা’ই চাৰি সপ্তাহৰ জামিন লাভ কৰিছে অভিনেতাজনে। জে’লৰ পৰা ওলাই অহাৰ পিছত তেওঁ অনুৰাগী আৰু সংবাদ মাধ্যমক সম্ভাষণ জনায়। মুক্তিৰ পিছত তেওঁৰ অনুৰাগীসকলে প্ৰতিবাদ কৰা দেখা গৈছিল। আল্লু অৰ্জুনক পিতৃ আল্লু অৰবিন্দৰ সৈতে জে’লৰ পৰা ওলাই অহা দেখা গ’ল অভিনেতাগৰাকীক। জে’লৰ পৰা মুক্তি পোৱাৰ লগে লগে অভিনেতাজনে গীতা আৰ্টছ প্ৰডাকচন হাউচ পালেগৈ, ইয়াৰ পৰাই তেওঁ নিজৰ ঘৰলৈ যাব। জে’লৰ পৰা ওলাই অহাৰ পিছত অভিনেতাগৰাকীৰ প্ৰথমটো ভিডিঅ’ পোহৰলৈ আহিছে, যিটো ভাইৰেল হৈ পৰিছে। জে’লৰ পৰা ওলাই অহাৰ পিছত ভাইৰেল ভিডিঅ’ এই ভিডিঅ’টোত আল্লু অৰ্জুনক তেওঁৰ BMW গাড়ীত বহি থকা দেখা গৈছে। গাড়ীৰ সন্মুখৰ চিটত বহি থকা দেখা গ’ল তেওঁক ‘ঝুকেগা নহী’ ৰূপত। চাওক ভিডিঅ’টো- #WATCH | Hyderabad, Telangana: Actor Allu Arjun released from jail. He was taken to Chanchalguda Central Jail yesterday after a Court sent him to a 14-day remand. Later, he was granted interim bail by Telangana High Court on a personal bond of Rs 50,000. pic.twitter.com/Xqu3KpBAt6 মুক্তি লাভ কৰাৰ পিছতো কিয় জে’লত নিশাটো কটালে আল্লু অৰ্জুনে? আল্লু অৰ্জুনৰ মুক্তিৰ সন্দৰ্ভত তেওঁৰ অধিবক্তা অশোক ৰেড্ডীয়ে কয় যে আদালতৰ নিৰ্দেশ অনুসৰি আল্লু অৰ্জুনক কালি (১৩ ডিচেম্বৰ) মুকলি কৰি দিয়া উচিত আছিল। যিটো সম্ভৱ নহ’ল। দৰাচলতে জামিন আদেশৰ কপি অনলাইনত আপলোড নোহোৱাৰ বাবে আল্লু অৰ্জুনক মুকলি কৰি দিব পৰা নগ’ল বুলি নিশা কোৱা হৈছিল। তেওঁলোকৰ থাকিবলৈ কৰ্তৃপক্ষই ১ শ্ৰেণীৰ বেৰেক প্ৰস্তুত কৰিছিল। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.