আমি সকলোৱে সৰুৰেপৰা কলপাত দেখি আহিছো, ইয়াক ব্যৱহাৰ কৰি আহিছো। অন্যান্য ৰাজ্যৰ লগতে অসমতো কলপাতৰ ব্যৱহাৰ অত্যধিক। অসমীয়া সমাজ ব্যৱস্থাত কলপাত নহ’লে কোনো ধৰ্মীয় কাম কৰিব নোৱাৰি। ধৰ্মীয় কাম কাজত কলপাতে মুখ্য ভূমিকা লাভ কৰে। বিশেষকৈ গাওঁ সমূহত বিয়া-সবাহ আদি মাংগলিক কাৰ্যৰ পৰা খোৱা বোৱা লৈকে সকলোতে কলপাতৰ প্ৰয়োজন হয়। বিবাহ বা সবাহ অনুষ্ঠিত কৰিবলৈ হ’লে অথবা গাঁৱৰ নামঘৰ সমূহত ধৰ্মীয় অনুষ্ঠান আয়োজন কৰিবলৈ হ’লে প্ৰথমে সকলোকে প্ৰয়োজন হয় কলপাত। অসমীয়া সমাজত প্ৰতিঘৰ মানুহকে প্ৰয়োজন হয় কলপাত। প্ৰতিঘৰ মানুহে ধৰ্মীয় পৰম্পৰা, ৰীতি নীতি পালন কৰিবলৈ হ’লে প্ৰথমে কলপাত যোগাৰ কৰি ল’ব লগা হয়। অৰ্থাৎ কলপাত নহলে ধৰ্মীয় একো কামেই কৰিব পৰা নাযায় অসমীয়া সমাজত। মন্দিৰ, নামঘৰত অৰিহণা দিবলৈ তামোল পাণৰ লগতে কলপাত দিব লগা হয়। বিভিন্ন প্ৰকাৰৰ জুতি লগা খাদ্য বনাবৰ বাবেও কলপাত ব্যৱহাৰ কৰা হয়।। মুঠতে সকলো দিশতে অসমীয়া সমাজত কলপাতৰ ব্যৱহাৰ অপৰিহাৰ্য্য। পথাৰত ন ভূঁই ৰোৱা খোৱা, ন খোৱা, নতুন বছৰ বিদায় দিয়া সময়ত সকলোৱে মিলি খোৱা প্ৰীতি ভোজ, মাঘৰ বিহুৰ উৰুকাৰ নিশা খোৱা প্ৰীতি ভোজ ইত্যাদিতো কলপাত ব্যৱহাৰ কৰা হয়। কলপাতৰ বিকল্প আমাৰ সমাজত নাই।অসমৰ গাঁৱে ভূঞে কলপাত পোৱা যায়। অসমৰ প্ৰতিঘৰতে কলগছ দেখিবলৈ পোৱা যায়। বহুলোকেবৃহৎ এলেকা ধৰি কলগছৰ খেতিও কৰে। পিছে আপুনি জানেনে এই কলপাতৰ উপকাৰিতাৰ বিষয়ে। কলপাতত ভাত খালে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। কলপাতত খাদ্য খোৱাটোশৰীৰৰ বাবে যথেষ্ট উপকাৰী। এই সন্দৰ্ভত শিৱসাগৰৰ Naturopathy Health Consultor ৰমেন শৰ্মাই কয় যে কলপাতত খাদ্য গ্ৰহণ কৰিলে ভাইৰাছ জনিত ৰোগৰ পৰা সুৰক্ষা দিয়ে। ডায়েৰিয়া, গ্ৰহণী, ব্ৰংকাইটিছ, যক্ষ্মা আদি ৰোগত কোমল কলপাতৰ ৰস খালে উপকৃত হয়। কলপাতত থকা উপাদানে পেটৰ বিষ, জ্বৰ আদি কম কৰাত সহায় কৰে। কলপাতত থকা পলিফেনল আৰু এলো-এণ্টাইন নামৰ উপাদানে পেটৰ ৰোগ নিৰাময় কৰাত সহায় কৰে। তেওঁকয় যে ভীমকলৰ পাতত গৰম ভাত খালে কৃমি পেলুনাশ হয়। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.