NEWS

Bidurbhai : ৰাজ্যজুৰি চৰ্চাত ‘বিদুৰভাই’, 'বিদুৰভাই' উপভোগ কৰি কেনেকুৱা পাইছে দৰ্শকে?

'বিদুৰভাই' উপভোগ কৰি কি পাইছে দৰ্শকে? বৰ্তমান ৰাজ্যৰ ছবিগৃহত দপদপাই আছে নতুন অসমীয়া ছবি ‘বিদুৰভাই’। বিগত ১৯ জুলাইত ৰাজ্যৰ ১৭৯টা ছবিগৃহত মুক্তি লাভ কৰে বহু অসমীয়া ছবি ‘বিদুৰভাই’। ছবিখনৰ নিৰ্মাণ কৰি থকাৰ পৰাই যেন ছবিগৃহত ছবিখন চাবলৈ সকলো অপেক্ষাৰত আছিল। মুক্তি দিয়াৰ পাছতেই সফলতাৰ শীৰ্ষত উপনীত হৈছে ‘বিদুৰভাই’। ছবিখন মুক্তিৰ প্ৰথম ৬ দিনৰ ভিতৰতে মুঠ ২ কোটি ৩০লাখ টকা সংগ্ৰহ কৰি অসমীয়া চিনেমাত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। সুব্ৰত কাকতিৰ পৰিচালিত আৰু ৰুষ্টক এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজিত ‘বিদুৰভাই’ ছবিখন উপভোগ কৰি দৰ্শকে আনন্দ প্ৰকাশ কৰিছে। প্ৰতিগৰাকী দৰ্শকে একে মুখে ছবিখন এখন বহুত ভাল অসমীয়া ছবি বুলি মন্তব্য প্ৰকাশ কৰিছে। পৰিয়ালৰ সকলো সদস্যই একেলগে বহি ছবিখন উপভোগ কৰিব পাৰিব বুলি উল্লেখ কৰে দৰ্শকে। এনেকুৱা যদি অসমীয়া ছবি ভৱিষ্যতে নিৰ্মাণ হয় তেতিয়া হ’লে অসমীয়া ছবি জগতৰ বাবে খুবেই ভাল দিন আহিব বুলিও মন্তব্য প্ৰকাশ কৰিছে। সাধাৰণ ধেমেলীয়া কাহিনীৰ মাজেৰে বিদূৰভাই ছবিখনে অসমৰ বহুকেইটা জ্বলন্ত সমস্যা দাঙি ধৰিছে। ‘বিদুৰভাই’ ছবিখনত চুমকি কছাৰী, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নীতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, প্ৰস্থান বৰা, হীৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আছিফ জাভেদ, দ্বীপমণি খাটনিয়াৰ আদি সকলোৰে অভিনয়ৰ প্ৰশংসা কৰিছে দৰ্শকে। মুঠতে এতিয়া ছবিগৃহত কেৱল ‘বিদুৰভাই’। অসমৰ বাতৰি / খবৰ / মনোৰঞ্জন / Bidurbhai : ৰাজ্যজুৰি চৰ্চাত ‘বিদুৰভাই’, 'বিদুৰভাই' উপভোগ কৰি কেনেকুৱা পাইছে দৰ্শকে? Bidurbhai : ৰাজ্যজুৰি চৰ্চাত ‘বিদুৰভাই’, 'বিদুৰভাই' উপভোগ কৰি কেনেকুৱা পাইছে দৰ্শকে? 'বিদুৰভাই' উপভোগ কৰি কি পাইছে দৰ্শকে? বৰ্তমান ৰাজ্যৰ ছবিগৃহত দপদপাই আছে নতুন অসমীয়া ছবি ‘বিদুৰভাই’। বিগত ১৯ জুলাইত ৰাজ্যৰ ১৭৯টা ছবিগৃহত মুক্তি লাভ কৰে বহু অসমীয়া ছবি ‘বিদুৰভাই’। ছবিখনৰ নিৰ্মাণ কৰি থকাৰ পৰাই যেন ছবিগৃহত ছবিখন চাবলৈ সকলো অপেক্ষাৰত আছিল। অধিক পঢ়ক … 1-MIN READ local18 Last Updated : July 25, 2024, 4:25 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি বৰ্তমান ৰাজ্যৰ ছবিগৃহত দপদপাই আছে নতুন অসমীয়া ছবি ‘বিদুৰভাই’। বিগত ১৯ জুলাইত ৰাজ্যৰ ১৭৯টা ছবিগৃহত মুক্তি লাভ কৰে বহু অসমীয়া ছবি ‘বিদুৰভাই’। ছবিখনৰ নিৰ্মাণ কৰি থকাৰ পৰাই যেন ছবিগৃহত ছবিখন চাবলৈ সকলো অপেক্ষাৰত আছিল। মুক্তি দিয়াৰ পাছতেই সফলতাৰ শীৰ্ষত উপনীত হৈছে ‘বিদুৰভাই’। ছবিখন মুক্তিৰ প্ৰথম ৬ দিনৰ ভিতৰতে মুঠ ২ কোটি ৩০লাখ টকা সংগ্ৰহ কৰি অসমীয়া চিনেমাত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। বিজ্ঞাপন সুব্ৰত কাকতিৰ পৰিচালিত আৰু ৰুষ্টক এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজিত ‘বিদুৰভাই’ ছবিখন উপভোগ কৰি দৰ্শকে আনন্দ প্ৰকাশ কৰিছে। প্ৰতিগৰাকী দৰ্শকে একে মুখে ছবিখন এখন বহুত ভাল অসমীয়া ছবি বুলি মন্তব্য প্ৰকাশ কৰিছে। পৰিয়ালৰ সকলো সদস্যই একেলগে বহি ছবিখন উপভোগ কৰিব পাৰিব বুলি উল্লেখ কৰে দৰ্শকে। এনেকুৱা যদি অসমীয়া ছবি ভৱিষ্যতে নিৰ্মাণ হয় তেতিয়া হ’লে অসমীয়া ছবি জগতৰ বাবে খুবেই ভাল দিন আহিব বুলিও মন্তব্য প্ৰকাশ কৰিছে। সাধাৰণ ধেমেলীয়া কাহিনীৰ মাজেৰে বিদূৰভাই ছবিখনে অসমৰ বহুকেইটা জ্বলন্ত সমস্যা দাঙি ধৰিছে। ‘বিদুৰভাই’ ছবিখনত চুমকি কছাৰী, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নীতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, প্ৰস্থান বৰা, হীৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আছিফ জাভেদ, দ্বীপমণি খাটনিয়াৰ আদি সকলোৰে অভিনয়ৰ প্ৰশংসা কৰিছে দৰ্শকে। মুঠতে এতিয়া ছবিগৃহত কেৱল ‘বিদুৰভাই’। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Entertainment News , local18 First Published : July 25, 2024, 4:25 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.