NEWS

Sheikh Hasina : ভাৰতত শৰণ মুজিব কন্যাৰ, হাছিনাৰ হেলিকপ্টাৰে ভাৰতৰ সীমাত প্ৰৱেশৰ লগে লগে জাতিক উদ্দেশ্যি ভাষণ বাংলাদেশৰ সেনা প্ৰধানৰ, পৰৱৰ্তী সময়ত ক’লৈ যাব হাছিনা?

শ্বেখ হাছিনাৰ পদত্যাগ। গাদী এৰি বাংলাদশৰ পৰা হাছিনাৰ পলায়ন। আগৰতলা হৈ দিল্লীত উপস্থিত মুজিব কন্যা। ছাত্ৰ সমাজৰ নেতৃত্বত চলা তীব্ৰ প্ৰতিবাদত সেও মানিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। সোমবাৰে প্ৰতিবাদকাৰীৰ ‘ঢাকা চলো’ কাৰ্যসূচীৰ মাজতে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ঢাকা এৰিলে মুজিব কন্যাই। গণভৱনৰ পৰাই ভাৰত অভিমূখে উৰা মাৰিলে হাছিনাৰ হেলিকপ্টাৰ। বিপদকালত হাছিনাক সংগ দিলে ভনীয়েক ৰেহানাৰ লগতে বাংলাদেশ বায়ুসেনাৰ ১০১ স্কোৱাড্ৰণৰ কামাণ্ডাৰ আব্বাছে। সোমবাৰে চতুৰ্দিশৰ পৰা ঢাকালৈ জনস্ৰোত বোৱাৰ উমান পোৱা মাত্ৰকে হাছিনাক ৪৫ মিনিটৰ ভিতৰত পদত্যাগৰ সময় বান্ধি দিলে সেনা বাহিনীয়ে। জাতিক উদ্দেশ্যি বিদায়ী ভাষণ ৰেকৰ্ড কৰাৰ শেষ ইচ্ছা পূৰণৰো সুযোগ নাপালে শ্বেখ হাছিনাই। হাছিনাৰ পদত্যাগৰ পূৰ্বেই হেলিকপ্টাৰৰ ককপিটত বহিছিলগৈ কামাণ্ডাৰ আব্বাছ। সেই হেলিকপ্টাৰ আকাশলৈ উৰি যোৱাৰ ক্ষন্তেক পাছতে গণভৱন দখল কৰি প্ৰতিবাদকাৰীয়ে চূৰ্ণ-বিচূৰ্ণ কৰিলে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি। বাংলাদেশ অতিক্ৰম কৰি হাছিনাৰ হেলিকপ্টাৰে ভাৰতৰ সীমাত প্ৰৱেশ কৰা মাত্ৰকে জাতিক উদ্দেশি ভাষণ দিলে বাংলাদেশৰ সেনাপ্ৰধান ৱাকাৰ উজ জামানে। সদ্যহতে সংসদৰ অধ্যক্ষৰ হাতত বাংলাদেশৰ শাসনভাৰ অৰ্পণ কৰাৰ কথা ঘোষণা সেনাপ্ৰধানৰ।পৰৱৰ্তী সময়ত তদাৰকী চৰকাৰ গঠন কৰি কিছু বছৰৰ ভিতৰতে বাংলাদেশত সাধাৰণ নিৰ্বাচন পতাৰো প্ৰতিশ্ৰুতি দিলে সেনাপ্ৰধান ৱাকাৰ উজ জামানে। সেনাপ্ৰধানৰ ভাষণৰ মাজতে আগৰতলা বিমানবন্দৰত সুকলমে অৱতৰণ কৰিলে শ্বেখ হাছিনাৰ হেলিকপ্টাৰ। ঢাকাৰ পৰা হেলিকপ্টাৰেৰে দিল্লীলৈ অহাটো অসম্ভৱ হোৱা বাবেই নিকটৱৰ্তী অগৰতলালৈ অহাৰ সিদ্ধান্ত ল’লে মুজিব কন্যা হাছিনাই। এনে বিপদকালত ভনীয়েক ৰেহানা হাছিনাৰ লগত আছে যদিও পুত্ৰ চাজিব ৱাজেদ জয় আছে আমেৰিকাত। বিপৰীতে কন্যা ছাইমা ৱাজেদে বহুদিন ধৰি বাহৰ পাতি আছে দিল্লীত। হয়তো সোমবাৰে নিশাই দিল্লীলৈ আহিব পাৰে হাছিনা। দিল্লীত কন্যাৰ সৈতে সাক্ষাৎ কৰাৰ পাছত লণ্ডনলৈ উৰা মৰাৰো সম্ভাৱনা আছে বাংলাদশৰ পদত্যাগী প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.