চলিত বছৰতে চাকিৰৰ যোগ এই ৰাশি লোকৰ। অশুভ প্ৰভাৱ কেনেকৈ আঁতৰাব? অসমীয়া নৱবৰ্ষটো সিংহ ৰাশিৰ কেনেদৰে পাৰ হ’ব আৰু অশুভ প্ৰভাৱৰ প্ৰতিকাৰ সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় জ্যোতিষী ড০ হৰধন শৰ্মাই। তেওঁ উল্লেখ কৰা অনুসৰি, অসমীয়া নৱবৰ্ষটো সিংহ ৰাশিৰ জাতক-জাতিকাৰ শাৰীৰিকভাৱে ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। এই বছৰটো যথেষ্ট কষ্টৰ মাজেৰে পাৰ কৰিব লাগিব সিংহ ৰাশিৰ লোকসকলে। মানসিকভাৱে বহু অশান্তিৰ সন্মুখীন হ’ব চলিত বৰ্ষটোত। শাৰীৰিকভাৱেও কিছু সৰু-সুৰা ৰোগত ভুগিব লগা হ’ব। প্ৰাথমিক শিক্ষাৰ্থীৰ বাবে এইবছৰটো শুভ নহয়। শিক্ষাৰ্থীৰ মনৰ চঞ্চলতা বাঢ়িব। স্মৃতি শক্তিৰ ক্ষেত্ৰতো অসুবিধা সন্মুখীন হ’ব। কিন্তু উচ্চ শিক্ষাৰ লগত জড়িত শিক্ষাৰ্থীৰ বাবে এই বৰ্ষটো শুভ। শিক্ষাৰ্থীসকলে নিজৰ প্ৰতিভা সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব পাৰিব। সিংহ ৰাশিৰ যিসকল লোকে চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে শুভ। এই বছৰটোত তেওঁলোকে চাকৰি পোৱাৰ সম্পূৰ্ণ যোগ দেখা গৈছে। ইপিনে যিসকল ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত তেওঁলোকৰ বাবে বৰ বিশেষ শুভ নহয়। ব্যৱসায়ত যিখিনি উন্নতি লাভ কৰিব লাগে সেইখিনি নাপাব। যুটীয়া ব্যৱসায় এই বছৰটোত সিংহ ৰাশিৰ লোকে নকৰাই ভাল। যিসকলৰ হোটেল ব্যৱসায় আছে তেওঁলোকৰ এই বছৰটো অশুভ দেখা গৈছে। চলিত বৰ্ষটোত সিংহ ৰাশিৰ জাতক-জাতিকাই ভাগ্যৰ ক্ষেত্ৰত খেলিমেলি পাব। পাব লগা বস্তু বিলাক সময়ত নাপাব। প্ৰতিকাৰ হিচাপে সিংহ ৰাশিৰ লোকে প্ৰতিদিনে গা ধোৱা পানীত ৰঙা চন্দন মিহলি কৰি গা ধুব পাৰে। মঙ্গলবাৰে হনুমান চালিছাখন পাঠ কৰিব। আৰু পাৰিলে হনুমান মন্দিৰো দৰ্শন কৰিব। বৃহস্পতিবাৰে হালধিৰ পানীৰে গা ধুব। ক’লা, ঘন নীলা আৰু ৰঙা ৰঙৰ কাপোৰ এই বছৰটোত বৰ্জন কৰা ভাল। সিংহ ৰাশিৰ লোকে আকাশী নীলা আৰু গুলপীয়া ৰঙৰ কাপোৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিব। আৰু যিসকল শিক্ষাৰ্থী তেওঁলোকে আকাশী ৰঙৰ কাপোৰ পিন্ধিলে সুফল লাভ কৰিব। লগতে পঢ়াৰ দিশটো উত্তৰ দিশ কৰিলে ভাল হ’ব। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.