দেওবাৰে কুৱেইটৰ আমিৰৰ বাসভৱনৰ বায়ান পেলেচত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অৰ্ডাৰ অব্ মোবাৰক অল-কবীৰ’ প্ৰদান কৰা হয়। কুৱেইটৰ আমিৰ শ্বেইখ মিছাল অল-আহমদ অল-ছাবাই প্রধানমন্ত্ৰী মোদীক প্ৰদান কৰে এই সন্মান। কুৱেইটৰ ‘অৰ্ডাৰ অব্ মোবাৰক অল-কবীৰ’ পৰম্পৰাগতভাৱে ৰাষ্ট্ৰৰ মুৰব্বী, বিদেশী ৰাষ্ট্ৰপতি, আৰু ৰাজকীয় পৰিয়ালৰ সদস্যসকলক বন্ধুত্বৰ ইংগিত হিচাপে প্ৰদান কৰা হয়। I am honoured to be conferred the Mubarak Al-Kabeer Order by His Highness the Amir of Kuwait, Sheikh Meshal Al-Ahmad Al-Jaber Al Sabah. I dedicate this honour to the people of India and to the strong friendship between India and Kuwait. pic.twitter.com/fRuWIt34Cx বৰ্তমানলৈকে ২০টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় সন্মান গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা কুৱেইটৰ এই সন্মান পূৰ্বে লাভ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আৰু জৰ্জ বুশ্ব আৰু ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ দৰে বিশ্বপ্ৰসিদ্ধ ব্যক্তিত্বই। আৰু পঢ়কঃ ‘ভাৰত বিশ্বৰ বিকাশৰ ইঞ্জিন হ’ব’, কুৱেইটত ‘হালা মোদী’ শীৰ্ষক অনুষ্ঠানত প্ৰবাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী, যিটো ৪৩ বছৰৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই উপসাগৰীয় দেশখনলৈ কৰা প্ৰথমটো ভ্ৰমণ। কুৱেইটৰ আমিৰ শ্বেইখ মেছাল আল আহমদ আল জাবেৰ আল ছাবাহৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে শনিবাৰে ক্ৰাউন প্ৰিন্স শ্বেখ চাবাহ আল খালিদ আল ছাবাহকো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তাত বসবাস কৰা প্ৰবাসী ভাৰতীয়সকলে আয়োজন কৰা এক অনুষ্ঠানতো অংশগ্ৰহণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.