NEWS

Rohit Sharma-Virat Kohli : দীঘলীয়া জিৰণি লাভ নকৰিব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে! বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে খেলপথাৰত নামিব ৰোহিত-বিৰাটে!

শ্ৰীলংকা ভ্ৰমণৰ অন্তত দীৰ্ঘদিনীয়া বিৰতি লাভ কৰিছে ভাৰতীয় ক্ৰিকেট দলে। বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ পূৰ্বে প্ৰায় ডেৰ মাহ ছুটী লাভ কৰিছে টীম ইণ্ডিয়াৰ খেলুৱৈয়ে। কিন্তু এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ ছুটী বেছি দিন লাভ নকৰে। কাৰণ BCCIএ স্পষ্ট কৰি দিছিল যে ক্ৰিকেটাৰসকলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ লগতে ঘৰুৱা ক্ৰিকেটতো অংশ ল’ব লাগিব। সেই অনুসৰি এইবাৰ ঘৰুৱা ক্ৰিকেট খেলা দেখা যাব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে ছুপাৰষ্টাৰক। সমুখত দুলীপ ট্ৰফীৰ মেচ। দুলীপ ট্ৰফীৰ বাবে ইণ্ডিয়া-এ, ইণ্ডিয়া-বি, ইণ্ডিয়া-চি আৰু ইণ্ডিয়া-ডি নামেৰে চাৰিটা দলত বিভক্ত হ’ব ভাৰতীয় ক্ৰিকেট ব’ৰ্ডক। শুভমন গিল, কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা, যশৱী জয়ছোৱাল, সূৰ্যকুমাৰ যাদৱ, কুলদীপ যাদৱ, অক্ষৰ পেটেলৰ দৰে তাৰকাই দুলীপ ট্ৰফীত খেলিব বুলি ইতিমধ্যে জনা গৈছিল। এতিয়া খবৰ অনুসৰি ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে দুলীপ ট্ৰফীৰ মেচ খেলিব। ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা দুলীপ ট্ৰফীৰ খেল ২৪ ছেপ্টেম্বৰলৈকে চলিব। ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত বনাম বাংলাদেশ টেষ্ট ছিৰিজ। ফলত টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই দুলীপ ট্ৰফীত কোনখন মেচ খেলিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ভাৰতীয় দলৰ শ্ৰীলংকা ভ্ৰমণৰ সময়ত যশপ্ৰীট বুমৰাহক বিশ্ৰাম দিয়া হৈছিল। এফালে বহুদিনৰ মূৰত ঘৰুৱা ক্ৰিকেটত ৰোহিত-বিৰাটক চাবলৈ অপেক্ষা কৰি আছে অনুৰাগীসকলে। আৰু যদিহে এইবাৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই দুলীপ ট্ৰফীৰ মেচত অংশ লয়, তেন্তে ক্ৰিকেট অনুৰাগীৰ এক মনৰ আশাৰ পূৰণ হ’ব। আৰু পঢ়ক: জীয়াই আছে ঠিকাদাৰ সুনীল গগৈ! চাঞ্চল্যকৰ মন্তব্য DGP জি পি সিঙৰ, ক’ত আত্মগোপন কৰিছে সুনীল গগৈয়ে? পলাতক সুনীল গগৈক বিচাৰি কি ক্লু পাইছে অসম আৰক্ষীয়ে? দুলীপ ট্ৰফীত খেলা দেখা যাব বিতৰ্কিত ক্ৰিকেটাৰ শ্ৰেয়ছ আয়েৰ আৰু ঈশান কিষাণকো। BCCIৰ চুক্তিৰ পৰা বাদ পৰাৰ পিছত ভাৰতীয় দলত সুযোগ লাভ কৰে শ্ৰেয়ছ আয়েৰে। ঈশান কিষাণ এতিয়াও দলৰ বাহিৰত। দুলীপ ট্ৰফীত ঈশান কিষাণে পুনৰ নিজকে প্ৰমাণ কৰাৰ এক বৃহৎ সুযোগ লাভ কৰিব। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.