NEWS

White House on Bangladesh crisis: আমেৰিকা-ৰাছিয়াৰ ভূ-ৰাজনৈতিক যুঁজত বাংলাদেশৰ মৰণ? শ্বেখ হাছিনাক উভতি ধৰিলে আমেৰিকাই

ৰাছিয়া-আমেৰিকাৰ ভূ-ৰাজনৈতিক যুঁজৰ বলি হ’ল নেকি বাংলাদেশ? দুই শক্তিধৰ ৰাষ্ট্ৰৰ কূটনৈতিক অৰিয়াঅৰিত দেশান্তৰিত হ’ব লগীয় হ’ল নেকি শ্বেখ হাছিনা? বাংলাদেশত ৪ আগষ্টত হোৱা গণ অভ্যুত্থানৰ দিন বাগৰাৰ লগে লগে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। ইতিমধ্যে বাংলাদেশৰ ৯খন গাঁও থকা ছেইণ্ট মাৰ্টিনছ দ্বীপটো আমেৰিকাক গতাই নিদিয়াৰ বাবেই শ্বেখ হাছিনা গাদীচ্যুত হ’বলগীয়া হ’ল বুলি প্ৰকাশ কৰিছে। বিপৰীতে বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰে আমেৰিকাৰ কোনো সম্পৰ্ক নাই স্থিতি স্পষ্ট কৰিছে হোৱাইট হাউছে। শেহতীয়াকৈ ছেইণ্ট মাৰ্টিনছ দ্বীপৰ প্ৰসংগৰে বাংলাদেশৰে আমেৰিকাৰ সংযোগৰ সমীকৰণ প্ৰকাশ হোৱাৰ পাছতে হোৱাইট হাউছৰ প্ৰেছ উপদেষ্টা কাৰিন জিন-পিয়েৰে বিবৃতিযোগে কয়-, ‘‘এয়া সম্পূৰ্ণ ভুৱা আৰু মিছা অভিযোগ।’’ শ্বেখ হাছিনাই পদত্যাগ কৰিবলৈ বাধ্য হোৱা বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ আঁৰত আমেৰিকাৰ হাত থকা কথাটো সম্পূৰ্ণ উৰা বাতৰি বুলিও হোৱাইট হাউছে প্ৰকাশ কৰে। লগতে হোৱাইট হাউছৰ প্ৰেছ উপদেষ্টাগৰাকীয়ে কয়, ‘‘বাংলাদেশৰ জনগণে দেশৰ চৰকাৰৰ ভৱিষ্যতৰ বিষয়ে নিজে সিদ্ধান্ত ল’ব। এয়া বাংলাদেশী জনগণৰ সিদ্ধান্ত।’’ শ্বেখ হাছিনাৰ অভিযোগ অনুসৰি আমেৰিকাই ছেইণ্ট মাৰ্টিনছ দ্বীপত সামৰিক ঘাটি পাতি বংগ উপ-সাগৰৰ নিয়ন্ত্ৰণ দখল কৰিব বিচাৰিছে। ছেইণ্ট মাৰ্টিনছ দ্বীপত আমেৰিকাই ঘাটি পাতিলে বাংলাদেশ, ম্যানমাৰৰ লগতে ভাৰত, চীনো আমেৰিকাৰ ৰাডাৰত থাকিব। এনে সুবিধাৰ বাবেই বাংলাদেশৰ ছেইণ্ট মাৰ্টিনছ দ্বীপত আমেৰিকাই চকু দি আহিছে। ইপিনে ৰাছিয়াই বাংলাদেশত পাৰমাণৱিক শক্তি প্ৰকল্প পতাক লৈও বাংলাদেশৰ বিৰুদ্ধে হোৱাইট হাউছ নাৰাজ হৈ আছে। বাংলাদেশৰ ৰূপপুৰত স্থাপন কৰা পাৰমাণৱিক শক্তি প্ৰকল্পত ৰাছিয়াই প্ৰায় ৯০ শতাংশ বিনিয়োগ কৰিছে। এই পাৰমাণৱিক প্ৰকল্পৰ বাবে ৰাছিয়াৰ পৰা বাংলাদেশলৈ ইউৰেনিয়াম ৰপ্তানি হৈছে। চিৰশত্ৰু ৰাছিয়াৰ সৈতে বাংলাদেশৰ এনে সুসম্পৰ্কয়ো আমেৰিকাক ক্ৰোধান্বিত কৰি তুলিছে। বাংলাদেশে ৰাছিয়াক আদৰণি জনোৱাটো আমেৰিকাই কোনোকাৰণতে সহজভাৱে লোৱা নাই। বাংলাদেশত আমেৰিকাই প্ৰয়োগ কৰিছে নিজৰ পুৰণি কৌশল। আমেৰিকা-ৰাছিয়াৰ যুঁজত মৰণ ঘটিছে বাংলাদেশৰ। চলে-বলে কৌশলে আমেৰিকাই বাংলাদেশত সৃষ্টি কৰিব বিচাৰিছে ৰাজনৈতিক অস্থিৰতা! আৰু বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আমেৰিকাৰ অনুকূলেই গতি কৰিলে। বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ প্ৰধান তথা প্ৰধান উপদেষ্টা হিচাপে মহম্মদ ইউনিছে কাৰ্যভাৰ গ্ৰহণ কৰিলে। লক্ষ্যণীয়ভাৱে এইগৰাকী নোবেল বিজয়ী অৰ্থনীতিবিদো আমেৰিকাৰ অতি সুহৃদ। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.