দৰ্শকৰ ব্যাপক সঁহাৰি প্ৰথম দিনাৰ পৰাই সকলোকে আচৰিত কৰি তুলিছে ‘পুষ্পা ২’ই। ৫ ডিচেম্বৰত মুক্তি পালে ‘পুষ্পা ২’। আল্লু অৰ্জুন অভিনীত ছবিখনে সাধাৰণ দৰ্শকৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে। এই চিনেমাখন একাধিক ভাষাত শুভমুক্তি দিয়া হৈছে। কিয়নো প্ৰথমাৱস্থাত ‘পুষ্পা’ৰ প্ৰথম খণ্ডই প্ৰতিজন দৰ্শকৰে হৃদয় জয় কৰিব পাৰিছিল। আৰু তেতিয়াৰে পৰা সকলো অপেক্ষাৰে ৰৈ আছিল দ্বিতীয় খণ্ডৰ বাবে আৰু মুক্তিৰ লগে লগে দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে। বহু শুভাকাংক্ষীয়ে এই চিনেমাখনে কিমান টকা উপাৰ্জন কৰিব তাক লৈও আলোচনা কৰা দেখা গৈছে। প্ৰথম দিনটোৰ পৰাই ‘পুষ্পা ২’ ছ’চিয়েল মিডিয়াতো ট্ৰেণ্ডিঙত থকা দেখা গৈছে। দেশৰ প্ৰতিটো ছবিগৃহত দৰ্শকৰ ব্যাপক ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ সমান্তৰালভাৱে অন্যান্য ৰাজ্যৰ তুলনাত অসমতো প্ৰতিটো ছবিগৃহতে দৰ্শকৰ সঁহাৰি লাভ কৰিছে দাক্ষিণাত্যৰ ছবি ‘পুষ্পা ২’য়ে। নাজিৰাৰ ছবিগৃহতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ‘পুষ্পা ২’ৰ ঢৌৱে সকলোকে স্পৰ্শ কৰি গৈছে। বিভিন্ন স্হানৰ পৰা দৰ্শক আহি ছবিগৃহত ভিৰ কৰিছেহি। কোনো কোনো সময়ত দৰ্শকৰ ভিৰ হোৱাৰ বাবে নগৰৰ মাজত যান-জঁটৰ সমস্যা হোৱাও দেখিবলৈ পোৱা গৈছে। মুঠতে দাক্ষিণাত্যৰ ছবি ‘পুষ্পা ২’য়ে অন্য সকলো ছবিকে পিছ পেলাই এক জোৱাৰ সৃষ্টি কৰা দেখা গৈছে, য’ত বলীউডৰ ছবিসমূহেও বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগা হৈছে বুলিও বহুজনে ক’ব বিচাৰে। ‘পুষ্পা ২’ ছবিখনে প্ৰথম দিনাই অকল ভাৰততে ১৭৫.১ কোটি টকা উপাৰ্জন কৰে। এই ছবিখনৰ বাবে প্ৰচাৰো যথেষ্ট কৰা হৈছিল যদিও দৰ্শকৰ মাজত পূৰ্বৰে পৰা ছবিখন ছোৱাৰ ইচ্ছা আছিল। ছবিখনক লৈ ছ’চিয়েল মিডিয়াত হোৱা প্ৰচাৰৰ ফলত সৃষ্টি হোৱা উন্মাদনাত প্ৰভাৱিত হৈ বহু লোকে প্ৰথম দিনাই ছবিখন চাবলৈ ইচ্ছা প্ৰকাশ কৰা দেখা গ’ল। শুভমুক্তিৰ প্ৰথম দিনটোতে এই ছবিখনে তেলুগু ভাষাত ৯৫.১ কোটি টকা উপাৰ্জন কৰে। আৰু হিন্দী ভাষাত ছবিখনে ৬৭ কোটি টকা উপাৰ্জন কৰে। এই ছবিখনে ইতিমধ্যে ‘আৰ আৰ আৰ’, KGF, বাহুবলী ২ৰ দৰে ছবিসমূহৰ অভিলেখ ভংগ কৰিছে। দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনৰ উপৰিও ৰশ্মিকা মান্দানাক সকলো দৰ্শকে প্ৰশংসাৰে ওপচাই দিয়া দেখিবলৈ পোৱা গৈছে। বহুতে কয় যে ‘পুষ্পা ২’ত নাৰীক আগবাঢ়ি যোৱাৰ বাবে উৎসাহিত কৰাৰ বিভিন্ন দৃশ্য দেখুওৱা হৈছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.