টি-২০ মেচত লজ্জাজনক নজিৰ গঢ়িলে আইভৰি কোষ্টে। মাত্ৰ ৭ ৰানতে শেষ হৈ গ’ল তেওঁলোকৰ ইনিংছ। আগন্তুক টি-২০ বিশ্বকাপৰ বাবে আফ্ৰিকা অঞ্চলৰ প্ৰাথমিক যোগ্যতা অৰ্জনৰ খেলত এই নজিৰ গঢ়িলে আইভৰি কোষ্টে। এই মেচখনত নাইজেৰিয়াই ২৬৪ ৰানত জয়লাভ কৰে। পুৰুষৰ আন্তৰ্জাতিক টি-২০ মেচত আটাইতকৈ কম ৰানৰ ইনিংছ এয়া। ২২ গজৰ যুঁজত মাত্ৰ ৭ ৰানত অলআউট হৈ যায় দলটো। ইয়াৰ পূৰ্বে পুৰুষৰ টি-২০ ক্ৰিকেটত আটাইতকৈ কম ৰানৰ ইনিংছৰ ৰেকৰ্ড আছিল মংগোলিয়া আৰু আইল অব মেনৰ। দুয়োটা দলৰ ইনিংছ শেষ হৈছিল ১০ ৰানত। বিগত বছৰ ছিংগাপুৰৰ বিৰুদ্ধে মংগোলিয়া আৰু স্পেইনৰ বিৰুদ্ধে আইল অব মেনৰ ইনিংছ ১০ ৰানত শেষ হৈছিল। আইভৰি কোষ্টৰ প্ৰতিপক্ষ আছিল নাইজেৰিয়া। প্ৰথমে বেটিং কৰি তেওঁলোকে ৪ উইকেটত ২৭১ ৰান কৰে। নাইজেৰিয়াৰ অপেনাৰ ছেলিম ছালাউৱে ১৩টা চাৰি আৰু ২টা ছয়েৰে ৫৩ বলত ১১২ ৰানৰ ইনিংছ খেলে। আহত হৈ খেলপথাৰ এৰে তেওঁ। ইয়াৰ উপৰি ভাল ৰান কৰে ইছাক ওকপে (২৩ বলত অপৰাজিত ৬৫) আৰু অন্যগৰাকী অপেনা ৰানছেউৱে (২৯ বলত ৫০)। জয়ৰ বাবে ২৭২ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নামি ৭.৩ অভাৰতে শেষ হয় আইভৰি কোষ্টৰ ইনিংছ। দলৰ ৮ গৰাকী বেটছমেনে কোনো ৰান কৰিবলৈ সক্ষম নহ’ল। তিনিগৰাকীয়ে কৰিছে ১ ৰানকৈ। সৰ্বোচ্চ ৪ ৰান আহে অপেনাৰ উৱাত্তাৰা মোহম্মদৰ বেটৰ পৰা। কোনো উইকেট নেহেৰুৱাকৈ ৪ ৰান কৰিছিল আইভৰি কোষ্টে। তাৰ পিছত ৩ ৰানত ১০টা উইকেট হেৰুৱায় তেওঁলোকে। নাইজেৰিয়াৰ সফলতম বলাৰ প্ৰছপাৰ উছেনিয়ে কোনো ৰান নিদিয়াকৈ ৩টা উইকেট লয়। পিটাৰ আহোৱে কোনো ৰান নিদিয়াকৈ দুটা উইকেট দখল কৰে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.