Ambassador Taxi still running at Silchar ৯০ দশকত মাত্ৰ এখন গাড়ীয়েহে ৰাজপথত শাসন কৰিছিল। মন্ত্ৰী, আমোলাৰ পৰা আৰম্ভ কৰি আই এ এছ, আই পি এছ, সকলোৰ চকুৰ মণি। গাড়ীত ৰঙা বা হালধীয়া ৰঙৰ লাইট জিলিকনি আৰু লগতে হুটাৰৰ ডাঙৰ শব্দ। গাড়ীখন ‘কিং অৱ ইণ্ডিয়ান ৰোডছ’ এম্বেছাদৰ কাৰ। আজি ৰাজপথত হাজাৰ হাজাৰ গাড়ী, বিভিন্ন আকৃতি, বিভিন্ন ৰং। এম্বেছাদৰ আৰু দেখা পোৱা নাযায়। কিন্তু এই গাড়ীৰ পৰম্পৰা আৰু আভিজাত্য এতিয়াও অপৰিৱৰ্তিত। অসমৰ দ্বিতীয় বৃহত্তম চহৰ শিলচৰৰ ৰাজপথত এতিয়াও চলাচল কৰে এম্বেছাদৰ। শিলচৰৰ সদৰঘাট মটৰ ষ্টেণ্ডৰ পৰা প্ৰায় ৪০ৰ পৰা ৫০ খন এম্বেছাদৰ গাড়ীয়ে কাছাৰ জিলাৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰ, উধাৰবন্দ, ডলু, বৰখলা লক্ষীপুৰৰ মাজত যাত্ৰী সেৱা আগবঢ়াইছে। প্ৰতিদিনে বিভিন্ন অঞ্চলৰ যাত্ৰীসকলে এই এম্বেছাদৰ গাড়ীত উঠি গন্তব্য স্থানত উপস্থিত হয়। সদা ব্যস্ত শিলচৰ সদৰঘাট মটৰ ষ্টেণ্ডটোও যথেষ্ট পুৰণি। নুৰুল হক মজুমদাৰ, ছেলিম উদ্দিন লস্কৰ, সুধাংশু দাস দৰে ৪০ৰ পৰা ৫০ গৰাকী গাড়ী চালকৰ এটাই কথা এম্বেছাদৰৰ দৰে আৰামদায়ক গাড়ী আৰু নাই। এই গাড়ীখনৰ দৰে ড্ৰাইভিং কম্ফৰ্ট আন কোনো গাড়ীৰ তুলনাত নাই। গতিকে তেওঁলোকে এই এম্বেছাদৰ গাড়ীখন বহুদিন ধৰি চলাই আহিছে। তেওঁলোকৰ ম’তে লাখ-লাখ টকীয়া গাড়ী চলাই- আৰাম নাপায়। আজিও এই এম্বেছাদৰ দৰে আন গাড়ী চলাৰ আৰাম নাই। আৰু ইয়াৰ লগতে এই গাড়ীৰ সৈতে কোনোধৰণৰ দুৰ্ঘটনা নঘটে। এইখনৰ কেৱল গাড়ী নহয়, দেশৰ বহুলোকৰ বাবে ষ্টেটাছ চিম্বল আছিল গাড়ীখন। ১৯৫৭ চন। এম্বেছাদৰ ৰাজপথত চলিবলৈ ধৰিছিল। ৬০ আৰু ৭০ৰ দশকত হিন্দুস্তান মটৰ্ছে এম্বেছাদৰৰ সৈতে ভাৰতীয় গাড়ীৰ বজাৰ একচেতিয়া কৰি ৰাখিছিল। ভাৰতত নিৰ্মিত প্ৰথমখন গাড়ীও এম্বেছাদৰ। সেই সময়ত এই গাড়ীখন ষ্টেটাছ চিম্বল পৰিগণিত হৈছিল। হিন্দুস্তান মটৰ্ছৰ এম্বেছাদৰ গাড়ীখন ব্ৰিটিছ গাড়ী মৰিছ অক্সফৰ্ড ছিৰিজ থ্ৰীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। ১৯৫৭ চনত প্ৰথমবাৰৰ বাবে ভাৰতত মুকলি কৰা হৈছিল এই গাড়ীখন। অতি কম সময়ৰ ভিতৰতে এই গাড়ীখন দেশৰ ষ্টেটাছ চিম্বল হৈ পৰিল আৰু পৰৱৰ্তী কেইটামান দশকলৈ বেষ্ট চেলাৰ গাড়ী হিচাপে পৰিগণিত হয়। ভাৰতত বিদেশী কোম্পানীৰ প্ৰৱেশৰ পিছত এম্বেছাদৰ বজাৰ হ্ৰাস পাবলৈ ধৰিলে। ২০১৩-১৪ চনত ইয়াৰ বাৰ্ষিক বিক্ৰী আছিল মাত্ৰ ২৫০০ ইউনিট। ২০১৪ চনত মাত্ৰ ২২০০ গাড়ীহে বিক্ৰী হৈছিল। ইয়াৰ পিছত হিন্দুস্তান মটৰ্ছে উৎপাদন বন্ধ কৰি দিয়ে। ২০১৭ চনত চি এ বিৰলা গ্ৰুপে এম্বেচাডৰ ব্ৰেণ্ডটো ফ্ৰান্সৰ গাড়ী নিৰ্মাতা পিউজোক ৮০ কোটি টকাত বিক্ৰী কৰিছিল। আজিও মেট্ৰ’ চহৰত এম্বেছাদৰ গাড়ীক টেক্সি হিচাপে দেখা যায়। অৱশ্যে বিভিন্ন দেশী-বিদেশী মডেলৰ গাড়ীৰ প্ৰভাৱত এই গাড়ী কিমান দিন বৰ্তী থাকিব সেয়া কোৱা টান। কিন্তু ৯০ দশকত ডাঙৰ হোৱা মানুহৰ হৃদয়ত এতিয়াও এম্বেচাডৰৰ ৰাজত্ব আছে চহৰ শিলচৰত। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.