NEWS

Ukraine incursion in Russia : আগফালে মাৰো ডাং, পাছফালে ধোবাংবাং : ৰাছিয়াৰ ভূ-খণ্ডত ইউক্ৰেইনৰ আগ্ৰাসন

ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ ত্ৰিশ মাহ উকলিল৷ ৩০ মাহ পূৰ্বে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ডাংকোপ মাৰি ৪৮ ঘণ্টাৰ ভিতৰতে কিভ দখল কৰিবলৈ ওলোৱা ৰাছিয়াই আজিও ইউক্ৰেইন আগ্ৰাসনত বৰ বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে৷ কেৱল হানি হ’ল ধন-জনৰ৷ বিপৰীতে আকস্মিকভাৱে ইউক্ৰেইনে ৰাছিয়াৰ মূল ভূখণ্ডত প্ৰৱেশ কৰি এটা বৃহৎ অঞ্চল অধিগ্ৰহণ কৰিলে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ৰাছিয়াৰ ভূখণ্ডত হোৱা বিদেশী শক্তিৰ এয়াই সৰ্ববৃহৎ আক্ৰমণ৷ ৬ আগষ্টৰ পুৱা ইউক্ৰেইনৰ সৈন্য আৰু অস্ত্ৰসজ্জিত বাহনে পশ্চিম ৰাছিয়াৰ কুৰ্স্ক অঞ্চলৰ সীমান্ত প্ৰতিৰক্ষা বেহু ভাঙি ৰাছিয়াৰ মূল ভূখণ্ডত প্ৰৱেশ কৰে৷ ইউক্ৰেইনৰ বাহিনীয়ে আক্ৰমণৰ প্ৰথম ২৪ ঘণ্টাৰ ভিতৰতে ৰাছিয়াত কেইবা মাইল আগবাঢ়ে৷ সোমবাৰ পৰ্যন্ত ইউক্ৰেইন বাহিনীয়ে ৰাছিয়াৰ কুৰ্স্ক অঞ্চলৰ ২৮খন চহৰ আৰু গাঁও নিজৰ নিয়ন্ত্ৰণলৈ নিয়ে৷ ইউক্ৰেইনৰ সেনাই ২৫ মাইলৰ ফ্ৰণ্টেৰে ৰাছিয়াৰ ভূখণ্ডৰ সাত মাইল পৰ্যন্ত দখল কৰে৷ বহু লোকে নিজৰ ঘৰ বাৰী এৰি প্ৰাণৰ মমতাত পলায়ন কৰে৷ প্ৰাথমিক তথ্য অনুসৰি ইউক্ৰেইনৰ আক্ৰমণত ১২ জন সাধাৰণ নাগৰিকৰ মৃত্যু হয়। আৰু পঢ়ক : ধৈৰ্য ধৰক, মোক সময় দিয়ক - বাংলাদেশত বসবাস কৰা হিন্দুৰ পৰা সময় বিচাৰিলে অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা ড০ মহম্মদ ইউনুছে ইউক্ৰেইনৰ এই আক্ৰমণৰ প্ৰায় এসপ্তাহৰ অন্তত ১৩ আগষ্টত ইউক্ৰেইন সেনাই ৰাছিয়াৰ অধিক অভ্যন্তৰলৈকে দখল কৰে৷ এতিয়া ইউক্ৰেইনৰ দখলত ৰাছিয়াৰ প্ৰায় এহেজাৰ বৰ্গকিলোমিটাৰ অঞ্চল৷ ১২হাজাৰৰো অধিক লোকে ঘৰ-বাৰী এৰি ৰাছিয়াৰ ভিতৰ ভাগলৈ পলায়ন কৰে। ইউক্ৰেইনৰ বাহিনীৰ দ্ৰুত আগ্ৰাসন ক্ৰেমলিনৰ বাবে লজ্জাজনক হৈ পৰিছে৷ এনে সময়তে ইউক্ৰেইনে ৰাছিয়ালৈ শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিছে৷ ৰাছিয়াই যদি কেৱল শান্তি বিচাৰে, তেন্তে ইউক্ৰেইনে দখল কৰা অঞ্চলত ৰাছিয়াৰ নাগৰিকক হাৰাশাস্তি বা তালাচী নচলায় বুলি প্ৰস্তাৱ প্ৰেৰণ কৰিছে৷ পিছে ৰাছিয়াৰ বাবে এই প্ৰস্তাৱ অতি লজ্জাজনক হৈ পৰিছে৷ সেয়ে পুটিনে ইউক্ৰেইনৰ প্ৰস্তাৱৰ কোনো সঁহাৰি জনোৱা নাই৷ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.