NEWS

Budget 2024 : মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট, কি থাকিব বাজেটত? মধ্যবিত্তক সকাহ দিবনে? কি কি বস্তুৰ দাম কমিব? কি কি বস্তুৰ দাম বাঢ়িব?

বাজেট অধিবেশনক লৈ উৎকণ্ঠা সাধাৰণ জনতাৰ। মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটত সৰ্বসাধাৰণৰ আশা আকাংক্ষাক কেনেদৰে প্ৰতিফলিত কৰিব তাক লৈ অপেক্ষা জনতাৰ। কৰ নীতি, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ, নিৱনুৱা সমস্যা, ৰাজহুৱা উদ্যোগৰ বাবে কি নীতি থাকিব বাজেটত তালৈ বিৰোধীৰ তীক্ষ্ণ নজৰ আছে। ইতিমধ্যে বাজেটক লৈ বিৰোধী দল কংগ্ৰেছ সাজু হৈছে চৰকাৰক প্ৰত্যাহ্বান জনাবলৈ। আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন আৰম্ভ হৈছে। মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হ’ব। মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব পূৰ্ণাংগ বাজেট। এইবাৰৰ বাজেট অধিৱেশনত ৬খন গুৰুত্বপূৰ্ণ বিধেয়ক দাখিলৰ সম্ভাৱনা আছে। অহা ১২ আগষ্টলৈকে চলিব বাজেট অধিৱেশন। মুঠ ১৯টা কৰ্ম দিনৰে হ’ব বাজেট অধিৱেশন। বাজেট অধিবেশনৰ পূৰ্বে দিনৰ ১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব অৰ্থনৈতিক জৰীপ। তাৰ পাছতে ভাৰতৰ অৰ্থনীতিৰ শেহতীয়া অৱস্থাক লৈ মুখ্য অৰ্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰনে বিতং তথ্য দাঙি ধৰিব সংবাদমেলত। আশা কৰা হৈছে এইবাৰৰ বাজেটত মধ্যবিত্ত সকলৰ বাবে কেইবাটাও নতুন ঘোষণা কৰাৰ সম্ভাৱনা আছে। দেশৰ মধ্যবিত্ত লোকসকলক আয়কৰৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে। আন্তঃগাঁঠনি, বিত্তীয় একত্ৰিকৰণ আদি কেইবাটাও অৰ্থনৈতিক সংস্কাৰৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ক্ৰমাগতভাৱে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব সপ্তমখন বাজেট। বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণৰ ই এক অভিলেখ সৃষ্টি হ’ব। একেৰাহে বিত্তমন্ত্ৰী হিচাপে সপ্তমখন বাজেট দাখিল কৰা নিৰ্মলা সীতাৰমণেই হ’ব ভাৰতৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী। বাজেটত দীৰ্ঘম্যাদী আৰু হস্বম্যাদী কেইবাখনো আঁচনি থকাৰ সম্ভাৱনা আছে। বিৰোধীৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব চৰকাৰ। বহু প্ৰত্যাশিত কেন্দ্ৰীয় বাজেট ২০২৪ৰ এদিন পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰিসংখ্যাগত বৈশিষ্ট সমূহৰ সৈতে ২০২৩-২৪ চনৰ অৰ্থনৈতিক জৰীপ উত্থাপন কৰিব বাজেট দাখিলৰ পূৰ্বে। অৰ্থাৎ ভাৰতবৰ্ষৰ অৰ্থনৈতিক জৰীপ প্ৰকাশ কৰিব বাজেট দাখিলৰ পূৰ্বে। কি অৱস্থাত আছে ভাৰতৰ অৰ্থনৈতিক অৱস্থা বা সাম্প্ৰতিক ভাৰতবৰ্ষৰ অৰ্থনীতিৰ বিশদ বিৱৰণ। ভাৰতক বিশ্বৰ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালত অন্যতম ভূমিকা গ্ৰহণ কৰিব এইবাৰৰ বাজেটে। কিয়নো বাজেটৰ ওপৰতে নিৰ্ভৰ কৰিব আগন্তুক দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু অৱনমন। যাৰ বাবে এইবাৰৰ বাজেট অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। তৃতীয়টো কাৰ্যকালত মোদী চৰকাৰৰ এইখন প্ৰথম বাজেট। ভাৰতক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰে কি ৰোড মেপ তৈয়াৰ কৰিছে তাৰ স্পষ্ট প্ৰতিফলন ঘটিব বাজেটত। মুদ্ৰস্ফীতি নিয়ন্ত্ৰণ, অৰ্থনৈতিক উন্নয়ন তৰান্বিত কৰা, কৰ নীতি আদিৰ বিশেষ ভূমিকা থাকিব বাজেটত। উল্লেখ্য যে, এইবাৰৰ বাজেটক কঠোৰ সমালোচনা কৰাৰ বাবে সাজু হৈছে বিৰোধী দল। বিৰোধীৰ নেতাসকলে ইতিমধ্যে বাজেটক লৈ কি ভূমিকা গ্ৰহণ কৰিব তাৰ পূৰ্ণ প্ৰস্তুতি সম্পন্ন কৰিছে। বিৰোধীৰ প্ৰৱল বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে বিজেপি চৰকাৰ। নিৱনুৱা সমস্যা, ৰে’ল বিভাগৰ সুৰক্ষা, ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহৰ ক্ষেত্ৰত চৰকাৰে কি নীতি গ্ৰহণ কৰিব তাৰ ওপৰতো নিৰ্ভৰ কৰিব ভৱিষ্যতৰ অৰ্থনীতিৰ দিশসমূহ। এক প্ৰকাৰ মোদী চৰকাৰক চাপত ৰাখিবলৈ চেষ্টা চলাব বিৰোধী দলে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.