NEWS

গাড়ীৰ ভিতৰতে ছটফটাই মৰ্মান্তিক মৃত্যু তিনি বছৰীয়া কন্যাৰ

গাড়ীৰ ভিতৰত আবদ্ধ অৱস্থাত ৩ বছৰীয়া কন্যা শিশুৰ মৃত্যু। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ কোটাত। পিতৃ-মাতৃৰ সৈতে বিবাহৰ অনুষ্ঠানলৈ যোৱাৰ সময়তে অসাৱধানবশতঃ গাড়ীৰ ভিতৰতে আবদ্ধ হৈ থাকে কণমানি শিশুটি। বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু হয় শিশুটিৰ। দেশৰ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বুধবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনাটো। আৰক্ষীৰ সূত্ৰে জনা গৈছে, মৃত শিশুটিৰ পিতৃৰ নাম প্ৰদীপ নাগাৰ। প্ৰদীপ নাগাৰে পত্নী আৰু দুই কন্যা সন্তানৰ সৈতে গৈছিল বিবাহৰ এক অনুষ্ঠানলৈ। বিয়াঘৰত উপস্থিত হোৱাৰ পিছত প্ৰদীপ নাগাৰ আৰু তেওঁৰ পত্নী আৰু ডাঙৰ কন্যাই গাড়ীৰ পৰা নামি বিয়াঘৰত প্ৰৱেশ কৰে। সকলোৱে গাড়ীৰ পৰা নমা বুলি ভাবি গাড়ীখন লক কৰি দিছিল প্ৰদীপে। কিন্তু গাড়ীতে আবদ্ধ হৈ ৰৈছিল সৰু কন্যা। বিয়াৰ অনুষ্ঠানত কিছু সময় কটোৱাৰ পিছত পিতৃ-মাতৃয়ে বুজিব পাৰিলে যে তেওঁলোকৰ লগত অহা নাই সৰু কন্যা। ইয়াৰ পিছতে সৰু কন্যাক বিচাৰি হাহাকাৰ কৰে পৰিয়ালটোৱে। প্ৰায় ২ ঘণ্টা পিছত গাড়ীৰ ভিতৰত অচেতন অৱস্থাত পোৱা যায় শিশুটিক। স্থানীয় চিকিৎসা কেন্দ্ৰলৈ চিকিৎসাৰ বাবে শিশুটিক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত শিশুটিৰ পিতৃ-মাতৃয়ে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিছে আৰু আইনী গোচৰলৈ নোযোৱাৰ সিদ্ধান্ত লোৱা বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। অসমৰ বাতৰি / খবৰ / দেশ / Rajasthan : গাড়ীৰ ভিতৰতে ছটফটাই মৰ্মান্তিক মৃত্যু তিনি বছৰীয়া কন্যাৰ, বিয়াঘৰত ব্যস্ত আছিল পিতৃ-মাতৃ Rajasthan : গাড়ীৰ ভিতৰতে ছটফটাই মৰ্মান্তিক মৃত্যু তিনি বছৰীয়া কন্যাৰ, বিয়াঘৰত ব্যস্ত আছিল পিতৃ-মাতৃ বিয়াঘৰত উপস্থিত হোৱাৰ পিছত প্ৰদীপ নাগাৰ আৰু তেওঁৰ পত্নী আৰু ডাঙৰ কন্যাই গাড়ীৰ পৰা নামি বিয়াঘৰত প্ৰৱেশ কৰে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : May 17, 2024, 10:44 am IST Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি গাড়ীৰ ভিতৰত আবদ্ধ অৱস্থাত ৩ বছৰীয়া কন্যা শিশুৰ মৃত্যু। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ কোটাত। পিতৃ-মাতৃৰ সৈতে বিবাহৰ অনুষ্ঠানলৈ যোৱাৰ সময়তে অসাৱধানবশতঃ গাড়ীৰ ভিতৰতে আবদ্ধ হৈ থাকে কণমানি শিশুটি। বন্ধ গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধ হৈ মৃত্যু হয় শিশুটিৰ। দেশৰ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, বুধবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনাটো। আৰক্ষীৰ সূত্ৰে জনা গৈছে, মৃত শিশুটিৰ পিতৃৰ নাম প্ৰদীপ নাগাৰ। প্ৰদীপ নাগাৰে পত্নী আৰু দুই কন্যা সন্তানৰ সৈতে গৈছিল বিবাহৰ এক অনুষ্ঠানলৈ। বিজ্ঞাপন বিয়াঘৰত উপস্থিত হোৱাৰ পিছত প্ৰদীপ নাগাৰ আৰু তেওঁৰ পত্নী আৰু ডাঙৰ কন্যাই গাড়ীৰ পৰা নামি বিয়াঘৰত প্ৰৱেশ কৰে। সকলোৱে গাড়ীৰ পৰা নমা বুলি ভাবি গাড়ীখন লক কৰি দিছিল প্ৰদীপে। কিন্তু গাড়ীতে আবদ্ধ হৈ ৰৈছিল সৰু কন্যা। বিয়াৰ অনুষ্ঠানত কিছু সময় কটোৱাৰ পিছত পিতৃ-মাতৃয়ে বুজিব পাৰিলে যে তেওঁলোকৰ লগত অহা নাই সৰু কন্যা। ইয়াৰ পিছতে সৰু কন্যাক বিচাৰি হাহাকাৰ কৰে পৰিয়ালটোৱে। প্ৰায় ২ ঘণ্টা পিছত গাড়ীৰ ভিতৰত অচেতন অৱস্থাত পোৱা যায় শিশুটিক। স্থানীয় চিকিৎসা কেন্দ্ৰলৈ চিকিৎসাৰ বাবে শিশুটিক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বিজ্ঞাপন মৃত শিশুটিৰ পিতৃ-মাতৃয়ে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰিছে আৰু আইনী গোচৰলৈ নোযোৱাৰ সিদ্ধান্ত লোৱা বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Rajasthan First Published : May 17, 2024, 10:43 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.