NEWS

The Smiling Man: Incredible Weight Loss...অবিশ্বাস্য! ৬১০ কিলোগ্ৰামৰ পৰা ৬৩ কিলোগ্ৰামলৈ..., ৬ মাহত হ্ৰাস কৰিলে ৫৪২ কিলোগ্ৰাম ওজন

৬১০ কিলোগ্ৰাম ওজনৰ খালিদ বিন মোহছেন শ্বাৰিৰ ওজন এতিয়া মাত্ৰ ৬৩.৫ কিলোগ্ৰাম। এসময়ৰ আটাইতকৈ গধুৰ মানৱৰূপে পৰিচিত আছিল ছৌদি আৰৱৰ খালিদ বিন মোহছেন শ্বাৰি। কিন্তু ৬মাহৰ ভিতৰত আধাতকৈও অধিক ওজন কমাবলৈ সক্ষম হৈছে খালিদ বিন মোহছেন শ্বাৰি। ছৌদি আৰৱৰ প্ৰাক্তন ৰজা আব্দুলাৰ কৃপাত এই অসম্ভৱ হৈ উঠিছে সম্ভৱ। প্ৰাক্তন ৰজা আব্দুলাৰ তৎপৰতাত হোৱা চিকিৎসাৰ ফলত খালিদ বিন মোহছেন শ্বাৰিৰ ওজন হ্ৰাস পালে ৫৪২কিলোগ্ৰাম। ২০১৩ চনত খালিদ বিন মোহছেন শ্বাৰিৰ ওজন আছিল ৬১০ কিলোগ্ৰাম। দেহৰ ওজন অধিক হোৱাৰ বাবে বিগত তিনি বছৰতকৈও অধিক সময় বিচনাতে পৰি আছিল ছৌদি আৰৱৰ খালিদ বিন মোহছেন শ্বাৰি। ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল ৩৩ বছৰীয়া খালিদৰ। আনকি তেওঁ অতি মৌলিক প্ৰয়োজনীয়তাৰ বাবেও বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ ওপৰত কৰিবলগীয়া হৈছিল নিৰ্ভৰ। খালিদৰ দুৰৱস্থা দেখি আৱেগিক হৈ পৰিছিল পূৰ্বৰ ৰজা আব্দুলা। যিকোনো প্ৰকাৰে খালিদাক পুনৰ জীৱনদান দিয়াৰ বাবে পণ লৈছিল ছৌদি আৰৱৰ প্ৰাক্তন ৰজাগৰাকী। কোনো ধৰণৰ টকা নোলোৱাকৈয়ে ৰজা আব্দুলাই খালিদ বিন মোহেছনক প্ৰদান কৰিছিল উন্নতমানৰ চিকিৎসা। জাজানৰ ঘৰৰ পৰা ফ’ৰ্কলিফ্ট আৰু বিশেষভাৱে ডিজাইন কৰা বিচনা ব্যৱহাৰ কৰি খালিদক ৰিয়াদৰ ৰজা ফাহদ মেডিকেল চিটীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছিল ৰজা আব্দুলাই। খালিদৰ কঠিন চিকিৎসা আৰু খাদ্য প্ৰস্তুত কৰিবলৈ একত্ৰিত কৰা হৈছিল ৩০ জনীয়া এটা চিকিৎসাকৰ্মীৰ দল। খালিদৰ চিকিৎসাৰ ভিতৰত আছিল গেষ্ট্ৰিক বাইপাছ অস্ত্ৰোপচাৰ, নিজৰ ইচ্ছা অনুসৰি খাদ্য আৰু ব্যায়ামৰ পৰিকল্পনাৰ লগতে নিবিড় ফিজিঅ’থেৰাপি। ৰজা আব্দুলাৰ লক্ষ্য আছিল খালিদৰ গতিশীলতা পুনৰ কাৰ্যক্ষম কৰাত সহায় কৰা। মধ্যপ্ৰাচ্যৰ আগশাৰীৰ চিকিৎসা বিজ্ঞানীসকলৰ সহায়ত খালিদে লাভ কৰিছিল উল্লেখযোগ্য ফলাফল। এসময়ত জীৱিত আটাইতকৈ গধুৰ মানৱ আৰু এতিয়ালৈকে দ্বিতীয় গধুৰ মানৱ খালিদ বিন মোহছেন শ্বাৰিয়ে ওজন হ্ৰাসৰ ক্ষেত্ৰত লাভ কৰিছে ঐশ্বৰিক ফলাফল। ৬১০ কিলোগ্ৰামৰ ওজনৰ খালিদ বিন মোহছেন শ্বাৰিয়ে মাত্ৰ ৬ মাহতে হ্ৰাস কৰিবলৈ সক্ষম হৈছে দেশৰ আধাতকৈও অধিক ওজন। বৰ্তমান ৩৩ বছৰীয়া খালিদ বিন মোহছেন শ্বাৰিৰ ওজন ৬৩.৫ কিলোগ্ৰাম। এসময়ৰ আটাইতকৈ গধূৰ মানৱ খালিদ বিন মোহছেন শ্বাৰি, আজি তেওঁক জনা জায় ‘দ্য স্মাইলিং মেন’ৰূপে। দেহৰ গঠনৰ অবিশ্বাস্য পৰিৱৰ্তনৰ বাবে ছৌদি আৰৱৰ খালিদক চিকিৎসা কৰ্মীসকলে মৰমেৰে নাম দিলে ‘দ্য স্মাইলিং মেন’। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.