ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক-পাচলি খালে হ'ব পাৰে এইসমূহ ৰোগ! ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক-পাচলি খোৱাৰ বাবে আমাৰ কেনেধৰণৰ সমস্যা হ’ব পাৰে? আপুনি জানি আচৰিত হ’ব যে আজিকালি দেখিবলৈ পোৱা বিভিন্ন ৰোগৰ মূল কাৰণ হৈছে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক-পাচলি। এই সম্পৰ্কে জানিবলৈ দিয়ে আয়ুৰ্বেদিক চিকিৎসক ডাঃ বিশ্বজিৎ দাসে। তেওঁ উল্লেখ কৰা অনুসৰি,আজিকালি বজাৰত যিবিলাক শাক-পাচলি পোৱা যায় তাৰ বেছি ভাগতেই ৰাসায়নিক দ্ৰব্য পোৱা যায়। ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা শাক-পাচলি খোৱাৰ ফলত আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। ১. বিশেষকৈ পেটৰ বিভিন্ন সমস্যা যেনে বদহজমি, খোৱাৰ পাছত পেটতো ফুলি থকা ইত্যাদি বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ আজিকালি খুব বেছিকৈ বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হৈছে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা শাক-পাচলিসমূহ। ২. তাৰোপৰি আজিকালি ফেটি লিভাৰত ভুগা ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। আগতে যিসকল ব্যক্তিয়ে মদ্যপান কৰিছিল তেওঁলোকৰহে ফেটি লিভাৰ হৈছিল। কিন্তু আজিকালি মদ্যপান নকৰা ব্যক্তিৰ মাজতো ফেটি লিভাৰৰ প্ৰাদুৰ্ভাৱ খুব বেছি বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হৈছে বিভিন্ন ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা শাক-পাচলি। ৩. ৰাসায়নিক সাৰত এনেকুৱা কিছুমান দ্ৰব্য থাকে যিয়ে আমাৰ হ’ৰমনৰ কাৰ্য ক্ৰিয়াত প্ৰভাৱ পেলায়। হ’ৰমন হৈছে শৰীৰত অতি দৰকাৰী পদাৰ্থ। যিয়ে আমাৰ শৰীৰৰ বিভিন্ন কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। ৰাসায়নিক সাৰ সমূহত থকা কিছুমান দ্ৰব্যই হ’ৰমনৰ স্বাভাৱিক ক্ৰিয়াকলাপত বাধা জন্মায়। ৪. হ’ৰমনৰ স্বাভাৱিক ক্ৰিয়াকলাপত বাধা অহাৰ ফলত আজিকালি বিভিন্ন ধৰণৰ ৰোগৰ সমস্যা দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে ডায়েবেটিচ, মেদবহুলতা, স্নায়ুজনিত ৰোগ, থাইৰয়ড সম্পৰ্কীয় বিভিন্ন ৰোগ ইত্যাদি সমস্যাসমূহৰ পৰিমাণ আগতকৈ বৃদ্ধি পাইছে। ৫. বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ ক্ষেত্ৰতো ৰাসায়নিক দ্ৰব্য মিশ্ৰিত শাক-পাচলিয়ে যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.