কলেজৰ বেঞ্চত বহি ভূগোলৰ শ্ৰেণীকোঠাৰ ডেস্কত কিলাকুতিৰে ভৰ দি যি ল’ৰাই তোমাৰ ঢৌ খেলা চুলিৰ সতে খেলাৰ কথা ভাবিছিল, আজি তিনিআলিৰ আড্ডাত তাৰ লিহিৰি আঙুলিয়ে ঠেলি আছে কেৰমৰ গুটি। হেৰী পোটাৰৰ ঝাড়ুত বহি ভালপোৱাৰ প্ৰথমটো কবিতা লিখোতে তোমাৰ ভাৱনাৰ আকাশত মোৰ সতে একেলগে উৰি আছিল তোমাৰ ওঠৰ সবিশেষ, নীলা চকুৰ এচিদচিছ। সলনি হম বুলি চিগাৰেট জ্বলাই দিয়াৰ পিছতো একাপ দুকাপ চাহৰ নিক’টিন, ডাৰ্ক চকলেটৰ মেন্যু আৰু গুগলে ৰিকমেণ্ড কৰা বহু কিবা কিবি, chatgpt-ক বিগত বহুদিনৰ পৰাই সুধি আছোঁ তোমাৰ প্ৰিয় ৰং, প্ৰিয় গান, প্ৰিয় শীতল পানীয় আৰু তোমাৰ সতে কথাবোৰ পুনৰ কিমানৰ পৰা আৰম্ভ কৰিম। এটা দীঘল হুমুনিয়াহৰ বিৰাম লোৱাৰ পিছত আকৌ তোমাৰ হৃদয়ত মোৰ অভিমানক শুৱাই ৰখাৰ বাবে উপলভ্যতা সুধিম। বাকী বাদ দিলোঁ, লগ পোৱাৰ কথা আছিল, বিভাজন আৰু বিচ্ছেদে সাঁচি ৰখা দূৰত্বৰ বিপৰীতে এদিন লগ পোৱাৰ কথা আছিল, মোমোৰ প্ৰথমটো বাইট লোৱাৰ পৰত দাঁতৰ ফাকেৰে সৰি পৰিল ‘ভালে আছা! কি খবৰ?’, কৌতুহল আৰু জিজ্ঞাসাৰ তুলাচনিত বহু ভাৱনাৰ বিস্ফোৰণ, যদিও প্ৰতিটো কথাৰ উত্তৰ সম্ভৱ নহয় তথাপি, প্ৰশ্নবোধক ৰৈ যায় বহু কিবা, চুপৰ অন্তিমটো সোহা মাৰি প্ৰশ্নোত্তৰ শিতানত সীমিত উত্তৰৰ স্তৱক, ‘ভালে আছোঁ, তোমাৰ কোৱা’, টিছু পেপাৰেৰে ওঠটো মচি পেলোৱাৰ পিছত আকৌ বাঢ়িল হৃদস্পন্দন, পৰবৰ্তী প্ৰশ্নৰ প্ৰতি গভীৰ আকৰ্ষণ, -প্ৰিয় পুৰুষৰ কি খবৰ, কি প্লেন, কি নতুন চয়ন, কেকোৰা চুলিৰ ভাঁজৰ কোণ জুখি জুখি কোণমাপ যন্ত্ৰৰ ৯০°ৰ ঘৰত চেলাউৰি বেকা কৰি আশা কৰা ধৰণে একেই উত্তৰ, -তেখেতৰ ভাল, কেতিয়াবা কাজিয়া, কেতিয়াবা বহুত মৰম, সংশয় আৰু অনিশ্চয়তাৰে কঁপি থকা দুই ওঠৰ পুনৰ মিলন, হঠাৎ মৌনতা আৰু মৌনতাৰ আঁৰত থকা কথাবোৰ নীৰৱে বাজি ৰ’ল কাণত। চাহৰ শেষত দুহাতৰ বিদায় সম্ভাষণত তোমাৰ সতে গ’ল, ভালপোৱাৰ তিনিটা ঋতু, টিনপাতৰ কোনেৰে সৰি জমা হোৱা তিনি গেলন বৰষুণ, বিচনীৰ বেৰীয়াৰ বতাহজাক আৰু বহুতো… বাৰিষাৰ অন্তিমটো বাছ ষ্টপেজত মই আকৌ অপেক্ষা কৰিম, মেলি দিবা সম্ভাৱনাৰ নীলা ছাতি তুমি কথাবোৰ আকৌ আৰম্ভ কৰিম। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.