দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-টুৱেণ্টীত ৬১ ৰাণত জয়ী হ’ল টীম ইণ্ডিয়া। টছত জয়লাভ কৰি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে দক্ষিণ আফ্ৰিকাই। কিছুসময় পাছতে বেটিঙৰ বাবে ক্ৰিজলৈ আহে সঞ্জু ছেমচন আৰু অভিষেক শৰ্মা। আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক খেল খেলিবলৈ আৰম্ভ কৰে সঞ্জু ছেমচনে। মাত্ৰ ২৭টা বলতে ৩টা চাৰি আৰু ৫টা ছিক্স কোবাই অৰ্ধশতক সম্পূৰ্ণ কৰে সঞ্জুৱে। ঠিক ২০ টা বলৰ অন্তত অৰ্থাৎ ৪৭ টা বলতে শতক অৰ্জন কৰে ছেমচনে। ছেমচনৰ শতকীয় ইনিংছটোত আছিল ১০টা ছিক্স আৰু ৭টা ফ’ৰ। ৫০টা বলত ১০৭ ৰাণ কৰি আউট হয় সঞ্জু ছেমচন। উল্লেখ্য যে টি-টুৱেণ্টীত সঞ্জু ছেমচনৰ এইটো ক্ৰমাগত দ্বিতীয়টো শতক। ইয়াৰ পূৰ্বে বাংলাদেশৰ বিৰুদ্ধে শেষৰখন টি-টুৱেণ্টীত শতক অৰ্জন কৰিছিল ছেমচনে। একেৰাহে ২টা আন্তঃৰাষ্ট্ৰীয় ইনিংছত শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় উইকেটকীপাৰ হিচাপে পৰিগণিত হয় সঞ্জু। টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত একাধিক শতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় উইকেটকীপাৰ ছেমচন। কিন্তু ছেমচনৰ বাহিৰে সফল হ’ব নোৱাৰিলে অন্য কোনো এজন ভাৰতীয় বেটছমেন। ছেমচনৰ লগতে তিলক বাৰ্মাৰ ৩৩ ৰাণ, অধিনায়ক সূৰ্য কুমাৰ যাদৱৰ ২১ ৰাণৰ সহযোগত ২০ অভাৰত ভাৰতে সংগ্ৰহ কৰে ২০২ ৰাণ। ২০৩ ৰাণৰ লক্ষ্যৰে ফিল্ডত নমা দক্ষিণ আফ্ৰিকাই আৰম্ভণিতে উজুতি খায়। সফল হ’ব নোৱাৰিলে এজনো দক্ষিণ আফ্ৰিকাৰ বেটছমেন। আৰ্শ্বদীপ সিঙে প্ৰথমে আঘাত হানে দক্ষিণ আফ্ৰিকাৰ বেটিং লাইন আপত। দক্ষিণ আফ্ৰিকাৰ হৈ হেনৰিক ক্লাছনে সৰ্বাধিক ২৫ ৰাণ কৰি আউট হয়। ২০৩ ৰাণৰ লক্ষ্যৰে ফিল্ডত নমা দক্ষিণ আফ্ৰিকা দলটো ১৭.৫ অভাৰতে ১৪১ ৰাণ কৰি অল আউট হয়। ভাৰতৰ হৈ ৰবি বিষ্ণই আৰু বৰুণ চক্ৰৱৰ্তীয়ে ৩টাকৈ উইকেট দখল কৰে। আভেষ খানে ২ টা উইকেট আৰু আৰ্শ্বদীপ সিঙে এটা উইকেট দখল কৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-টুৱেণ্টীত ৰোহিত শৰ্মাৰ অভিলেখ স্পৰ্শ কৰে সঞ্জু ছেমচনে। ছেমচনে শুকুৰবাৰে ডাৰবানত ১০টা ছয় কোবাই ৰোহিত শৰ্মাৰ ৭ বছৰৰ পূৰ্বৰ ৰেকৰ্ড স্পৰ্শ কৰে। ২০১৭ চনত ইন্দোৰত শ্ৰীলংকাৰ বিৰুদ্ধে ৪৩ বলত ১১৮ ৰাণ সংগ্ৰহ কৰাৰ পথত ৰোহিত শৰ্মাই ১০টা ছয় কোবাই অভিলেখ গঢ়িছিল। ডাৰবানত শতক কৰি উজলি উঠা সঞ্জু ছেমচনক মেন অব্ দ্য মেচ ঘোষণা কৰা হয়। শৃংখলাৰ দ্বিতীয়খন টি-টুৱেণ্টী দেওবাৰে অনুষ্ঠিত হ’ব। উল্লেখ্য যে বৰ্তমানৰ টীম ইণ্ডিয়া ফিল্ডিং প্ৰশিক্ষক অসমৰ শুভদ্বীপ ঘোষ। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.