পৱন গগৈ: কিমান উপায়হীন হৈ পৰিলে এগৰাকী শিল্পীয়ে সহায় বিচাৰি ৰাইজলৈ মুকলিকৈ আহ্ৱান জনাব পাৰে এবাৰ ভাবি চাওক চোন। তেনে এক ঘটনাই ঘটিছে প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় বাঁহী বাদক দীপক শৰ্মাৰ সৈতে। আৰ্থিকভাৱে জুৰুলা হৈ শিল্পীগৰাকীয়ে মঙলবাৰে নিশা সামাজিক মাধ্যমযোগে ৰাইজক তেওঁক সহায় কৰিবলৈ আহ্ৱান জনাইছিল। সামাজিক মাধ্যমতে তেওঁ এটা G-Payৰ ম’বাইল নম্বৰ দি কোনো সুহৃদ লোকে তেওঁক সহায় কৰিলে কৰিবলৈ আহ্ৱান জনোৱা দেখা গ’ল। সামাজিক মাধ্যমত পোষ্ট ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এগৰাকী প্ৰখ্যাত বাঁহীবাদকে আজিৰ এই যোগত কি দৰে আৰ্থিক সমস্যাত পৰিলে জুৰুলা হৈ পৰে সেই ছবিখন বাৰুকৈয়ে সমাজৰ আগত ওলাই পৰিছে। তেওঁ শাৰিৰীকভাৱে অসুস্থ হৈ পৰাৰ পিছতে আগৰ দৰে অনুষ্ঠান সমূহ কৰিব নোৱাৰা হ’ল। যাৰফলত তেওঁৰ আৰ্থিক অৱস্থা অসুচল হৈ পৰে। ঘৰ সংসাৰ চলোৱাৰ লগতে নিজৰ স্বাস্থ্যৰ চিকিৎসা কৰি তেঁও বাৰুকৈয়ে আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে। সেয়ে উপায়ন্তৰ হৈ মঙলবাৰে আবেগিকভাৱে দীপক শৰ্মাই এইদৰে সামাজিক মাধ্যমত পোষ্ট দিয়ে। শিল্পীগৰাকীয়ে লিখিছে, ‘‘বহু দিন বাঁহীৰ অনুষ্ঠান পাতি নাই, অলপ পইচাৰ অভাৱ হৈছে, ৰাইজে যদি অলপ সহায়ৰ হাত আগবঢ়াই মই আপোনাৰ প্ৰতি কৃতজ্ঞ থাকিম। শ্ৰদ্বাৰে বাঁহীবাদক দীপক শৰ্মা। মোৰ 9864055400 এইটো নম্বৰত G-Pay কৰিব পাৰে, একাউণ্ট নম্বৰ -30509214515 IFSC Code SBIN0007202 দীপক শর্মা’’ উল্লেখ্য যে, ক’ভিডত আক্ৰান্ত হোৱাৰ উপৰিও ডেংগুতো আক্ৰান্ত হৈছিল বাঁহী বাদক গৰাকী। তাৰ পিছত জণ্ডিছত আক্ৰান্ত দীপক শৰ্মাৰ যকৃতকে ধৰি দেহৰ আন কিছু অংগতো বিসংগতি ধৰা পৰিছিল। সেয়েহে চিকিৎসাকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত দিল্লীলৈ চিকিৎসাৰ বাবে গৈছিল তেওঁ। তাৰ পিছতে তেওঁ সুস্থ হৈ ঘৰলৈ উভতি আহিছিল কিন্তু পূৰ্বৰ দৰে অনুষ্ঠান সমূহ কৰিবলৈ নোপোৱাত শৰ্মাৰ আৰ্থিক অৱস্থা অসুচল হৈ পৰে। বাঁহীবাদক দীপক শৰ্মাই ২০১৩চনলৈ ৩খন অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ লগতে জি টিভিত সম্প্ৰচাৰিত হোৱা কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনা কৰিছিল । বাঁহীবাদক গৰাকীয়ে সংগীত পৰিচালনা কৰা ৩ খন অসমীয়া চলচ্চিত্ৰ হ’ল জংকি পানৈ, জাতিঙ্গা ইত্যাদি (২০০৭), লুইতক ভেটিব কোনে (২০১৩) ৷ ইয়াৰোপৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা সন্মান-স্বীকৃতি পাবলৈ সক্ষম হৈছে বাঁহীবাদকগৰাকী৷ আজি সেই গৰাকী বাঁহী বাদক আৰ্থিক সংকটত পৰি ৰাইজৰ সহায় বিচাৰিবলৈ বাধ্য হৈ পৰিছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.