NEWS

নীৰজ চোপ্ৰাৰ সৈতে সম্পৰ্ক? মুখ খুলিলে পেৰিছ অলিম্পিকৰ পদক জয়ী মনু ভাকেৰে

নীৰজ চোপ্ৰাৰ সৈতে মনু ভাকেৰ আৰু মাতৃৰ কথা-বাৰ্তাৰ ভিডিঅ’ক লৈ চলিছে তীব্ৰ চৰ্চা। পেৰিছ অলিম্পিকত দুই পদক জয়ী কি সম্পৰ্কত বান্ধ খাইছে? এনে প্ৰশ্নৰ সৃষ্টি হৈছে ক্ৰীড়াপ্ৰেমীৰ মাজত। সেই ঘটনাক লৈ মুখ খুলিলে পেৰিছ অলিম্পিকত দুটাকৈ পদক জয়ী শ্বুটাৰগৰাকীয়ে। নীৰজৰ সৈতে সম্পৰ্কৰ চৰ্চাক লৈ মনুৱে কয়, ‘‘বিষয়টোক লৈ খুব বেছি ক’ব নোৱাৰিম। মাই যেতিয়া কথা পাতিছিল, তেতিয়া মই নাছিলো। ২০১৮ চনৰ পৰা আমাৰ বিভিন্ন প্ৰতিযোগিতাত দেখা হৈছিল। কথাও হয়। এইবাৰো সেয়াই হৈছে। খুব বেছি কথা নহয় আমাৰ মাজত। সামাজিক মাধ্যমত যি ধৰণৰ জল্পনা কল্পনা চলিছে, তেনে একেবাৰেই নহয়।’’ পূৰ্বেই মনুৰ পিতৃ ৰাম কিষাণে সংবাদ মাধ্যমত কৈছিল, ‘‘মনু এতিয়াও বহু সৰু। বিয়াৰ বয়স হোৱা নাই। সেয়ে বিয়াক লৈ এতিয়াও একো ভৱা নাই।’’ নীৰজৰ সৈতে তেওঁলোকৰ পৰিয়ালৰ সম্পৰ্ক খুব ভাল বুলিও জনায় ৰাম কিষাণে। তেওঁ কয়, ‘‘মনুৰ মাতৃয়ে নীৰজক নিজৰ পুত্ৰৰ দৰে জ্ঞান কৰে। তেওঁক আমি সকলোৱে ভাল পাওঁ।’’ এইবাৰ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলত ব্যক্তিগত আৰু মিক্সড ইভেণ্টত ব্ৰঞ্জৰ পদক জিকিছে মনুৱে। স্বাধীনতাৰ পিছত মনু প্ৰথম ভাৰতীয় যিয়ে এখন অলিম্পিকত দুটা পদক লাভ কৰিছে। নীৰজে স্বৰ্ণপদক জিকিব বুলি আশা কৰিছিল দেশবাসীয়ে। কিন্তু পেৰিছত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / নীৰজ চোপ্ৰাৰ সৈতে সম্পৰ্ক? মুখ খুলিলে পেৰিছ অলিম্পিকৰ পদক জয়ী মনু ভাকেৰে নীৰজ চোপ্ৰাৰ সৈতে সম্পৰ্ক? মুখ খুলিলে পেৰিছ অলিম্পিকৰ পদক জয়ী মনু ভাকেৰে নীৰজ চোপ্ৰাৰ সৈতে মনু ভাকেৰ আৰু মাতৃৰ কথা-বাৰ্তাৰ ভিডিঅ’ক লৈ চলিছে তীব্ৰ চৰ্চা। পেৰিছ অলিম্পিকত দুই পদক জয়ী কি সম্পৰ্কত বান্ধ খাইছে? অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 15, 2024, 3:14 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি নীৰজ চোপ্ৰাৰ সৈতে মনু ভাকেৰ আৰু মাতৃৰ কথা-বাৰ্তাৰ ভিডিঅ’ক লৈ চলিছে তীব্ৰ চৰ্চা। পেৰিছ অলিম্পিকত দুই পদক জয়ী কি সম্পৰ্কত বান্ধ খাইছে? এনে প্ৰশ্নৰ সৃষ্টি হৈছে ক্ৰীড়াপ্ৰেমীৰ মাজত। সেই ঘটনাক লৈ মুখ খুলিলে পেৰিছ অলিম্পিকত দুটাকৈ পদক জয়ী শ্বুটাৰগৰাকীয়ে। নীৰজৰ সৈতে সম্পৰ্কৰ চৰ্চাক লৈ মনুৱে কয়, ‘‘বিষয়টোক লৈ খুব বেছি ক’ব নোৱাৰিম। মাই যেতিয়া কথা পাতিছিল, তেতিয়া মই নাছিলো। ২০১৮ চনৰ পৰা আমাৰ বিভিন্ন প্ৰতিযোগিতাত দেখা হৈছিল। কথাও হয়। এইবাৰো সেয়াই হৈছে। খুব বেছি কথা নহয় আমাৰ মাজত। সামাজিক মাধ্যমত যি ধৰণৰ জল্পনা কল্পনা চলিছে, তেনে একেবাৰেই নহয়।’’ বিজ্ঞাপন পূৰ্বেই মনুৰ পিতৃ ৰাম কিষাণে সংবাদ মাধ্যমত কৈছিল, ‘‘মনু এতিয়াও বহু সৰু। বিয়াৰ বয়স হোৱা নাই। সেয়ে বিয়াক লৈ এতিয়াও একো ভৱা নাই।’’ নীৰজৰ সৈতে তেওঁলোকৰ পৰিয়ালৰ সম্পৰ্ক খুব ভাল বুলিও জনায় ৰাম কিষাণে। তেওঁ কয়, ‘‘মনুৰ মাতৃয়ে নীৰজক নিজৰ পুত্ৰৰ দৰে জ্ঞান কৰে। তেওঁক আমি সকলোৱে ভাল পাওঁ।’’ এইবাৰ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলত ব্যক্তিগত আৰু মিক্সড ইভেণ্টত ব্ৰঞ্জৰ পদক জিকিছে মনুৱে। স্বাধীনতাৰ পিছত মনু প্ৰথম ভাৰতীয় যিয়ে এখন অলিম্পিকত দুটা পদক লাভ কৰিছে। নীৰজে স্বৰ্ণপদক জিকিব বুলি আশা কৰিছিল দেশবাসীয়ে। কিন্তু পেৰিছত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: manu bhaker , Neeraj Chopra First Published : August 15, 2024, 3:14 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.