NEWS

Vinesh Phogat : দেশবাসীৰ মনত আশাৰ সঞ্চাৰ! ৰূপৰ পদক পাব নেকি বিনেশে? অচিৰেই দিব ৰায়দান ক্ৰীড়া আদালতে

দেশবাসীৰ বাবে আশাৰ কিৰণ। পেৰিছ অলিম্পিকত ৰূপৰ পদক পাব পাৰে বিনেশ ফোগাটে! তেনে এক সম্ভাৱনাক লৈ শেহতীয়াকৈ আশাবাদী হৈ উঠিছে দেশবাসী। পেৰিছ অলিম্পিকত পদকৰ দাবীদাৰ হৈ থকা ভাৰতৰ মল্লযুঁজাৰু বিনেশ ফোগাটে ক্ৰীড়াৰ সৰ্বোচ্চ ন্যায়ালয়ত তেওঁৰ অযোগ্যতাৰ বিৰুদ্ধে আৱেদন কৰিছে। বিনেশে মহিলাৰ মল্লযুঁজৰ ৫০ কিলোগ্ৰাম শ্ৰেণীৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। কিন্তু বুধবাৰে পুৱা যোগ্যতা প্ৰত্যাহাৰ হৈছিল বিনেশৰ। যাৰ বাবে তেওঁ কেৱল ফাইনেলৰ পৰাই বাদ পৰাই নহয়, পদকৰ দৌৰৰ পৰাও আঁতৰিবলগীয়া হৈছিল। কিন্তু আশা এৰি দিয়া নাই বিনেশ ফোগাটে। বিদ্ৰোহী ক্ৰীড়াবিদগৰাকীয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে। বিনেশ ফোগাটে ক্ৰীড়াৰ বাবে মধ্যস্থতা আদালতত (CAS) তেওঁৰ অযোগ্যতাৰ বিৰুদ্ধে আৱেদন কৰিছে। বিনেশে প্ৰথমে ফাইনেলৰ বাবে পুনৰ বাহাল ৰখাৰ বাবে আৱেদন কৰিছে। বিনেশে ৰূপৰ পদক প্ৰদান কৰিবৰ বাবে দাবী কৰিছে। এতিয়া CAS-এ যদি বিনেশৰ সপক্ষে ৰায়দান কৰে, তেন্তে IOCয়ে বিনেশক ৰূপৰ পদক প্ৰদান কৰিব লাগিব। কি এই Court of Arbitration for Sport? Court of Arbitration for Sport, চমুকৈ CAS। CAS হৈছে ক্ৰীড়া সম্পৰ্কীয় বিবাদ সমাধানৰ বাবে ১৯৮৪ চনত প্ৰতিষ্ঠিত এটা স্বতন্ত্ৰ সংস্থা। CASৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ লাউচেনত অৱস্থিত আৰু আদালত নিউয়ৰ্ক চহৰ আৰু চিডনীত আছে। ইয়াৰ লগতে অলিম্পিক আয়োজক চহৰসমূহত অস্থায়ী আদালত স্থাপন কৰা হয় CASৰ। যাৰ বাবে বিনেশ ফোগাটে পেৰিছত আৱেদন জনাইছে। উল্লেখযোগ্য যে ক্ৰীড়াজনিত বাদ-বিবাদত CASৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / Vinesh Phogat : দেশবাসীৰ মনত আশাৰ সঞ্চাৰ! ৰূপৰ পদক পাব নেকি বিনেশে? অচিৰেই দিব ৰায়দান ক্ৰীড়া আদালতে Vinesh Phogat : দেশবাসীৰ মনত আশাৰ সঞ্চাৰ! ৰূপৰ পদক পাব নেকি বিনেশে? অচিৰেই দিব ৰায়দান ক্ৰীড়া আদালতে দেশবাসীৰ বাবে আশাৰ কিৰণ। পেৰিছ অলিম্পিকত ৰূপৰ পদক পাব পাৰে বিনেশ ফোগাটে! তেনে এক সম্ভাৱনাক লৈ শেহতীয়াকৈ আশাবাদী হৈ উঠিছে দেশবাসী। পেৰিছ অলিম্পিকত পদকৰ দাবীদাৰ হৈ থকা ভাৰতৰ মল্লযুঁজাৰু বিনেশ ফোগাটে ক্ৰীড়াৰ সৰ্বোচ্চ ন্যায়ালয়ত তেওঁৰ অযোগ্যতাৰ বিৰুদ্ধে আৱেদন কৰিছে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 8, 2024, 6:54 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Written By : Dipankar Dutta সম্পৰ্কীয় বাতৰি দেশবাসীৰ বাবে আশাৰ কিৰণ। পেৰিছ অলিম্পিকত ৰূপৰ পদক পাব পাৰে বিনেশ ফোগাটে! তেনে এক সম্ভাৱনাক লৈ শেহতীয়াকৈ আশাবাদী হৈ উঠিছে দেশবাসী। পেৰিছ অলিম্পিকত পদকৰ দাবীদাৰ হৈ থকা ভাৰতৰ মল্লযুঁজাৰু বিনেশ ফোগাটে ক্ৰীড়াৰ সৰ্বোচ্চ ন্যায়ালয়ত তেওঁৰ অযোগ্যতাৰ বিৰুদ্ধে আৱেদন কৰিছে। বিনেশে মহিলাৰ মল্লযুঁজৰ ৫০ কিলোগ্ৰাম শ্ৰেণীৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। কিন্তু বুধবাৰে পুৱা যোগ্যতা প্ৰত্যাহাৰ হৈছিল বিনেশৰ। যাৰ বাবে তেওঁ কেৱল ফাইনেলৰ পৰাই বাদ পৰাই নহয়, পদকৰ দৌৰৰ পৰাও আঁতৰিবলগীয়া হৈছিল। কিন্তু আশা এৰি দিয়া নাই বিনেশ ফোগাটে। বিদ্ৰোহী ক্ৰীড়াবিদগৰাকীয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে। বিজ্ঞাপন বিনেশ ফোগাটে ক্ৰীড়াৰ বাবে মধ্যস্থতা আদালতত (CAS) তেওঁৰ অযোগ্যতাৰ বিৰুদ্ধে আৱেদন কৰিছে। বিনেশে প্ৰথমে ফাইনেলৰ বাবে পুনৰ বাহাল ৰখাৰ বাবে আৱেদন কৰিছে। বিনেশে ৰূপৰ পদক প্ৰদান কৰিবৰ বাবে দাবী কৰিছে। এতিয়া CAS-এ যদি বিনেশৰ সপক্ষে ৰায়দান কৰে, তেন্তে IOCয়ে বিনেশক ৰূপৰ পদক প্ৰদান কৰিব লাগিব। কি এই Court of Arbitration for Sport? Court of Arbitration for Sport, চমুকৈ CAS। CAS হৈছে ক্ৰীড়া সম্পৰ্কীয় বিবাদ সমাধানৰ বাবে ১৯৮৪ চনত প্ৰতিষ্ঠিত এটা স্বতন্ত্ৰ সংস্থা। CASৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ লাউচেনত অৱস্থিত আৰু আদালত নিউয়ৰ্ক চহৰ আৰু চিডনীত আছে। ইয়াৰ লগতে অলিম্পিক আয়োজক চহৰসমূহত অস্থায়ী আদালত স্থাপন কৰা হয় CASৰ। যাৰ বাবে বিনেশ ফোগাটে পেৰিছত আৱেদন জনাইছে। উল্লেখযোগ্য যে ক্ৰীড়াজনিত বাদ-বিবাদত CASৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ ক্ষমতা আছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Paris Olympics 2024 First Published : August 8, 2024, 6:54 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.