লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই ৰাজ্যৰ বজাৰত হুৰাহুৰে বৃদ্ধি পাইছে বিভিন্ন সামগ্ৰীৰ দাম। ঔষধ, টোল কৰ, পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ পাছতে দাম বৃদ্ধি পাইছে শাক-পাচলিৰ। অৰ্থাৎ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি মাছ-মাংস, শাক-পাচলি সকলোতে এতিয়া জুই চাই দাম। দাম বৃদ্ধিৰ জুইয়ে বেয়াকৈ দহিছে সাধাৰণ জনতাক। নিৰ্বাচনী ফলাফলৰ আগমুহূৰ্তত যিসমূহ শাক-পাচলিৰ দাম প্ৰতি কিলো ৩০ৰ পৰা ৪০ টকা আছিল সেই সমূহ শাক-পাচলিৰ দাম এতিয়া ৮০ৰ পৰা ১০০ টকা পৰ্যন্ত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ফলত সাধাৰণ জনতাৰ মাজত লাগিছে হাহাকাৰ। এতিয়া কি খাই জীয়াই থাকিব সাধাৰণ জনতা? এক ডাঙৰ প্ৰশ্ন উদয় হৈছে। ফুলকবি ১০০ টকা প্ৰতি কেজি, বিন ১০০-১২০ টকা প্ৰতি কেজি, ভেন্দী ৬০ টকা প্ৰতি কিলো, বিলাহী ৬০-৮০ টকা প্ৰতি কিলো, জিকা ৮০ টকা প্ৰতি কেজি সমান্তৰালকৈ আলু, পিঁয়াজ, নহৰু সকলোতে দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। অৰ্থাৎ অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক। বজাৰলৈ আহি খালি মোনা ঘৰলৈ লৈ যাবলৈ বাধ্য হৈছে কিছু গ্ৰাহক। বজাৰলৈ আহি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে সাধাৰণ নাগৰিক। প্ৰতিগৰাকী গ্ৰাহকৰ চৰকাৰলৈ এটাই আহ্বান চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম বৃদ্ধি ৰোধ কৰক। যিদৰে নিৰ্বাচনৰ পূৰ্বে জনতাক মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে চৰকাৰে ঠিক সেইদৰে এতিয়া সকলো সামগ্ৰীৰে দাম হ্ৰাস কৰিব লাগে বুলি উল্লেখ কৰে সাধাৰণ জনতাই। অসমৰ বাতৰি / খবৰ / অসম / Guwahati News: বজাৰলৈ আহি মূৰে-কপালে হাত দিছে গ্ৰাহকে! মূল্যবৃদ্ধিৰ জুয়ে দহিছে সাধাৰণ জনতাক Guwahati News: বজাৰলৈ আহি মূৰে-কপালে হাত দিছে গ্ৰাহকে! মূল্যবৃদ্ধিৰ জুয়ে দহিছে সাধাৰণ জনতাক লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই ৰাজ্যৰ বজাৰত হুৰাহুৰে বৃদ্ধি পাইছে বিভিন্ন সামগ্ৰীৰ দাম। ঔষধ, টোল কৰ, পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ পাছতে দাম বৃদ্ধি পাইছে শাক-পাচলিৰ। অধিক পঢ়ক … 1-MIN READ local18 Guwahati [Gauhati],Kamrup Metropolitan,Assam Last Updated : June 11, 2024, 0:16 am IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Reported By : Ankur Chetia সম্পৰ্কীয় বাতৰি লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই ৰাজ্যৰ বজাৰত হুৰাহুৰে বৃদ্ধি পাইছে বিভিন্ন সামগ্ৰীৰ দাম। ঔষধ, টোল কৰ, পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ পাছতে দাম বৃদ্ধি পাইছে শাক-পাচলিৰ। অৰ্থাৎ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি মাছ-মাংস, শাক-পাচলি সকলোতে এতিয়া জুই চাই দাম। দাম বৃদ্ধিৰ জুইয়ে বেয়াকৈ দহিছে সাধাৰণ জনতাক। নিৰ্বাচনী ফলাফলৰ আগমুহূৰ্তত যিসমূহ শাক-পাচলিৰ দাম প্ৰতি কিলো ৩০ৰ পৰা ৪০ টকা আছিল সেই সমূহ শাক-পাচলিৰ দাম এতিয়া ৮০ৰ পৰা ১০০ টকা পৰ্যন্ত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ফলত সাধাৰণ জনতাৰ মাজত লাগিছে হাহাকাৰ। এতিয়া কি খাই জীয়াই থাকিব সাধাৰণ জনতা? এক ডাঙৰ প্ৰশ্ন উদয় হৈছে। বিজ্ঞাপন ফুলকবি ১০০ টকা প্ৰতি কেজি, বিন ১০০-১২০ টকা প্ৰতি কেজি, ভেন্দী ৬০ টকা প্ৰতি কিলো, বিলাহী ৬০-৮০ টকা প্ৰতি কিলো, জিকা ৮০ টকা প্ৰতি কেজি সমান্তৰালকৈ আলু, পিঁয়াজ, নহৰু সকলোতে দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। অৰ্থাৎ অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক। বজাৰলৈ আহি খালি মোনা ঘৰলৈ লৈ যাবলৈ বাধ্য হৈছে কিছু গ্ৰাহক। বজাৰলৈ আহি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে সাধাৰণ নাগৰিক। প্ৰতিগৰাকী গ্ৰাহকৰ চৰকাৰলৈ এটাই আহ্বান চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম বৃদ্ধি ৰোধ কৰক। যিদৰে নিৰ্বাচনৰ পূৰ্বে জনতাক মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে চৰকাৰে ঠিক সেইদৰে এতিয়া সকলো সামগ্ৰীৰে দাম হ্ৰাস কৰিব লাগে বুলি উল্লেখ কৰে সাধাৰণ জনতাই। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Guwahati , local18 , Vegetable Price First Published : June 11, 2024, 0:16 am IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.