NEWS

Bangladesh News : পুনৰ উত্তাল বাংলাদেশ, শিক্ষাৰ্থী আৰু আনছাৰ সদস্যৰ মাজত সংঘাত, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা

পুনৰ শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তপ্ত হয় চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। ঢাকাত পুনৰ সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। নিশা ঢাকাৰ সচিবালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰী আৰু আনছাৰ সদস্যৰ মাজত হোৱা সংঘাতত কমেও ৪০ জন লোক আহত হয়। ছাত্ৰ আন্দোলনৰ দুজন নেতা হাছনাত আব্দুল্লা আৰু চাৰ্জিছ আলমক আটক কৰাৰ খবৰ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱাৰ পিছতে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সচিবালয় ঘেৰাও কৰিবলৈ ওলাই আহে। সেই সময়তে আনছাৰৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীসকলক বাধা দিয়াত পৰিস্থিতি বিষম হৈ পৰে। আনছাৰৰ সদস্যই একাংশ শিক্ষাৰ্থীক লাঠিৰে প্ৰহাৰ কৰাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীয়ে শিল, ইটা নিক্ষেপ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰু আৰক্ষী মোতায়েন কৰিবলগীয়া হয়। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় সেনা-আৰক্ষীয়ে। ইপিনে সংঘৰ্ষত আহতসকলক উদ্ধাৰ কৰি নিশাই ঢাকা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে কিছুদিন পূৰ্বে সংৰক্ষণক লৈ বাংলাদেশত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। শিক্ষাৰ্থীৰ আন্দোলনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ লগতে বাংলাদেশ এৰি ভাৰতত আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। শিক্ষাৰ্থীৰ আন্দোলনৰ পিছতে বাংলাদেশত হিন্দুৰ ওপৰতো চলিছিল অত্যাচাৰ-নিৰ্যাতন। অৱশেষত ন’বেল বিজয়ী মহম্মদ ইউনুছক বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে ঘোষণা কৰাৰ পিছতে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ কিছু শাম কাটিছিল যদিও দেওবাৰে ছাত্ৰ নেতাক আটক কৰাৰ খবৰৰ পিছতে পুনৰ অশান্ত হয় বাংলাদেশৰ পৰিস্থিতি। অসমৰ বাতৰি / খবৰ / বিশ্ব / Bangladesh News : পুনৰ উত্তাল বাংলাদেশ, শিক্ষাৰ্থী আৰু আনছাৰ সদস্যৰ মাজত সংঘাত, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা Bangladesh News : পুনৰ উত্তাল বাংলাদেশ, শিক্ষাৰ্থী আৰু আনছাৰ সদস্যৰ মাজত সংঘাত, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আনছাৰৰ সদস্যই একাংশ শিক্ষাৰ্থীক লাঠিৰে প্ৰহাৰ কৰাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীয়ে শিল, ইটা নিক্ষেপ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 26, 2024, 11:19 am IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das Written By : Jitumani Sarma সম্পৰ্কীয় বাতৰি পুনৰ শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তপ্ত হয় চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। ঢাকাত পুনৰ সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। নিশা ঢাকাৰ সচিবালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰী আৰু আনছাৰ সদস্যৰ মাজত হোৱা সংঘাতত কমেও ৪০ জন লোক আহত হয়। ছাত্ৰ আন্দোলনৰ দুজন নেতা হাছনাত আব্দুল্লা আৰু চাৰ্জিছ আলমক আটক কৰাৰ খবৰ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱাৰ পিছতে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সচিবালয় ঘেৰাও কৰিবলৈ ওলাই আহে। সেই সময়তে আনছাৰৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীসকলক বাধা দিয়াত পৰিস্থিতি বিষম হৈ পৰে। বিজ্ঞাপন আনছাৰৰ সদস্যই একাংশ শিক্ষাৰ্থীক লাঠিৰে প্ৰহাৰ কৰাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীয়ে শিল, ইটা নিক্ষেপ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰু আৰক্ষী মোতায়েন কৰিবলগীয়া হয়। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় সেনা-আৰক্ষীয়ে। ইপিনে সংঘৰ্ষত আহতসকলক উদ্ধাৰ কৰি নিশাই ঢাকা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে কিছুদিন পূৰ্বে সংৰক্ষণক লৈ বাংলাদেশত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। শিক্ষাৰ্থীৰ আন্দোলনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ লগতে বাংলাদেশ এৰি ভাৰতত আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। শিক্ষাৰ্থীৰ আন্দোলনৰ পিছতে বাংলাদেশত হিন্দুৰ ওপৰতো চলিছিল অত্যাচাৰ-নিৰ্যাতন। অৱশেষত ন’বেল বিজয়ী মহম্মদ ইউনুছক বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে ঘোষণা কৰাৰ পিছতে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ কিছু শাম কাটিছিল যদিও দেওবাৰে ছাত্ৰ নেতাক আটক কৰাৰ খবৰৰ পিছতে পুনৰ অশান্ত হয় বাংলাদেশৰ পৰিস্থিতি। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Bangladesh , bangladesh news First Published : August 26, 2024, 11:19 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.