লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। বুধবাৰে বক্সাৰ বিজেন্দৰ সিঙে বিজেপিত যোগদান কৰে। আনহাতে, আজি কংগ্ৰেছ নেতা গৌৰৱ বল্লভে কংগ্ৰেছ দল ত্যাগ কৰে। গৌৰৱ বল্লভে দলৰ পৰা পদত্যাগ কৰি কয় যে তেওঁ সনাতম বিৰোধী শ্লোগান দিব নোৱাৰে। এনে অৱস্থাত দলত থকা কঠিন। গৌৰৱ বল্লভে ছচিয়েল মিডিয়া এক্সত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰৰ ফটো শ্বেয়াৰ কৰি লিখিছে, ‘‘কংগ্ৰেছ দল আজি যিদৰে দিশহাৰা হৈ আগবাঢ়িছে, তাত মই নিজকে সহজ অনুভৱ কৰিব পৰা নাই। মই সনাতন বিৰোধী শ্লোগান দিব নোৱাৰো, লগতে পুৱা-গধূলি দেশৰ ৱেল্থ ক্ৰিয়েটৰ্ছক গালি দিবও নোৱাৰো। সেইবাবে মই কংগ্ৰেছ দলৰ সকলো পদ আৰু প্ৰাথমিক সদস্যপদৰ পৰা ইস্তাফা দিছো।’’ कांग्रेस पार्टी आज जिस प्रकार से दिशाहीन होकर आगे बढ़ रही है,उसमें मैं ख़ुद को सहज महसूस नहीं कर पा रहा.मैं ना तो सनातन विरोधी नारे लगा सकता हूं और ना ही सुबह-शाम देश के वेल्थ क्रिएटर्स को गाली दे सकता.इसलिए मैं कांग्रेस पार्टी के सभी पदों व प्राथमिक सदस्यता से इस्तीफ़ा दे रहाहूं pic.twitter.com/Xp9nFO80I6 তেওঁ খৰ্গেলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত লিখিছে যে ‘মই আবেগিক আৰু ব্যথিত। বহু কথা ক’ব বিচাৰিছো, লিখিব বিচাৰিছো আৰু ক’ব বিচাৰিছো। কিন্তু মোৰ সংস্কাৰে এনেবোৰ কথা কোৱাৰ অনুমতি নিদিয়ে। তথাপি আজি মই মোৰ কথাখিনি প্ৰকাশ কৰিছো, কিয়নো মই ভাবো যে সত্যক লুকুৱাই ৰখাও অপৰাধ। মই অপৰাধৰ অংশ হ’ব নিবিচাৰো।’ None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.