ভাৰতৰ তাৰকা মল্লযোদ্ধা বজৰং পুনিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে নেচনেল এণ্টি ডপিং এজেন্সীয়ে। NADAই তেওঁৰ বিৰুদ্ধে ৪ বছৰৰ নিষেধাজ্ঞা জাৰি কৰিছে। নিষেধাজ্ঞা জাৰি কৰাৰ কাৰণ এণ্টী ডপিং কোড উলংঘা। এই কঠোৰ সিদ্ধান্তৰ পিছতে এতিয়া ধাৰণা কৰা হৈছে যে খেলুৱৈ হিচাপে তেওঁৰ কেৰিয়াৰ হয়তো শেষ। কিয়নো ইয়াৰ ফলত তেওঁ কোচিঙো দিব নোৱাৰিব। ৰাষ্ট্ৰীয় দলৰ ট্ৰায়েলৰ বাবে ১০ মাৰ্চত ড’প টেষ্টৰ বাবে নিজৰ নমুনা দিবলৈ অস্বীকাৰ কৰিছিল বজৰং পুনিয়াই। যাৰ বাবে NADAই ২৬ নৱেম্বৰত বজৰং পুনিয়াক চাৰি বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰে। ইয়াৰ পূৰ্বে NADAই টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী মল্লযোদ্ধাগৰাকীক এই অপৰাধৰ বাবে প্ৰথমে ২৩ এপ্ৰিলত নিষিদ্ধ কৰিছিল। ইয়াৰ পিছত মল্লযুঁজৰ বৈশ্বিক পৰ্যায়ৰ সংস্থা UWW (United World Wrestling)য়ো নিষিদ্ধ কৰিছিল তেওঁক। বজৰং পুনিয়াই এই নিষেধাজ্ঞাৰ বিৰুদ্ধে আপিল কৰিছিল আৰু NADAৰ অনুশাসনাত্মক ড’পিং পেনেলে ৩১ মে’ত নাডাৰ দ্বাৰা নিটিচ জাৰি কৰালৈ ইয়াক বাতিল কৰে। নাডাই ইয়াৰ পিছত ২৩ জুনত মল্লযোদ্ধাগৰাকীক নটিচ দিছিল। উল্লেখযোগ্য যে বজৰং পুনিয়া সহযোগী মল্লযোদ্ধা ভিনেশ ফোগাটৰ সৈতে কংগ্ৰেছত যোগদান কৰিছিল। য’ত তেওঁক অখিল ভাৰতীয় কিষাণ কংগ্ৰেছৰ দায়িত্ব দিয়া হৈছিল। বজৰং পুনিয়াক লৈ ADDPয়ে নিজৰ নিৰ্দশনাত কয়, পেনেলে সিদ্ধান্ত লৈছে যে এথলীটগৰাকীক অনুচ্ছেদ ১০.৩.১ অনুসৰি চাৰি বছৰৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। এই নিষেধাজ্ঞাৰ অৰ্থ এয়াই যে বজৰং পুনিয়াই প্ৰতিযোগিতামূলক মল্লযুঁজত অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু তেওঁ বিচাৰিলেও বিদেশত কোচিং বা চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব। পেনেলে কয় যে বজৰং পুনিয়াৰ ওপৰত ৪ বছৰৰ নিষেধাজ্ঞা ২৩.০৪.২০২৪ৰ পৰা কাৰ্যকৰী হ’ব। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.