NEWS

RIYAN PARAG: টেষ্ট দলত স্থান লাভ কৰাৰ বাবে ৰিয়ানলৈ সোণালী সুযোগ! দুলীপ ট্ৰফীৰ দলত অন্তৰ্ভুক্ত অসম সন্তান ৰিয়ান আৰু আকাশ

দুলীপ ট্ৰফীৰ দলত অন্তৰ্ভুক্ত ২গৰাকীকৈ অসম সন্তান। অসম সন্তান ৰিয়ান পৰাগ আৰু আকাশ সেনগুপ্তাৰ স্থান লাভ দুলীপ ট্ৰফীৰ দলত। দুলীপ ট্ৰফীত ভাৰতীয় A দলত স্থান লাভ ৰিয়ান পৰাগৰ আৰু ভাৰতীয় D দলত স্থান লাভ আকাশ সেনগুপ্তাৰ। ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ২০২৪-২৫ বৰ্ষৰ দুলীপ ট্ৰফী মেচ। অন্ধ প্ৰদেশ অনন্তপুৰ আৰু বেংগলুৰুত অনুষ্ঠিত হ’ব দুলীপ ট্ৰফী মেচ। বাংলাদেশ আৰু নিজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰতীয় টেষ্ট দলত স্থান লাভ কৰাৰ বাবে ৰিয়ান বাবে এয়া হ’ব এক সোণালী সুযোগ। পূৰ্বে ৬টা জ’নত অনুষ্ঠিত হোৱা দুলীপ ট্ৰফীৰ মেচ এইবাৰ মাত্ৰ চাৰিটা দল থাকিব। যাৰ নাম হ’ব টিম এ, টিম বি, টিম চি আৰু টিম ডি হ’ব। ভাৰতীয় A : শুভমন গিল (অধিনায়ক), মায়ংক আগৰৱাল, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল (wk), কে এল ৰাহুল, তিলক বৰ্মা, শিৱম ডুবে, তনুষ কোটিয়ান, কুলদীপ যাদৱ, আকাশ দীপ, প্ৰসিদ্ধ কৃষ্ণ, খলিল আহমেদ, আৱেশ খান, বিদ্বত কাবেৰাপ্পা , কুমাৰ কুশাগ্ৰা, শাসৱত ৰাৱত। ভাৰতীয় B : অভিমন্যু ঈশ্বৰন (অধিনায়ক), যশস্বী জয়ছোৱাল, সৰফৰাজ খান, ঋষভ পণ্ট (wk), মুছিৰ খান, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, মহম্মদ ছিৰাজ, যশ দয়াল, মুকেশ কুমাৰ, ৰাহুল চহৰ , আৰ সাই কিশোৰ, মোহিত অৱস্থী, এন জগদীশন (wk) ভাৰতীয় C : ঋতুৰাজ গাইকৱাদ (অধিনায়ক), সাই সুদৰ্শন, ৰজত পাটিদাৰ, অভিষেক পোৰেল (wk), সূৰ্যকুমাৰ যাদৱ, বাবা ইন্দ্ৰজিথ, হৃতিক শোকিন, মানৱ সুথাৰ, উমৰাণ মালিক, ব্যাশক বিজয়কুমাৰ, অংশুল খাম্বোজ, হিমাংশু চৌহান, মায়ংক মাৰ্কাণ্ডে, আৰিয়ান জুৱাল (wk), সন্দীপ ৱাৰিয়ৰ ভাৰতীয় D : শ্ৰেয়ছ আয়েৰ (অধিনায়ক), অথৰ্ব টাইডে, যশ ডুবে, দেৱদত পদ্দিকল, ঈশান কিষাণ (wk), ৰিকি ভুই, সৰণশ জৈন, অক্ষৰ পেটেল, আৰ্শদীপ সিং, আদিত্য ঠাকাৰে, হৰ্ষিত ৰাণা, তুষাৰ দেশপাণ্ডে, আকাশ সেনগুপ্তা, কে এছ ভাৰত (wk), সৌৰভ কুমাৰ উল্লেখ্য যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এইবাৰ দুলীপ ট্ৰফীত অংশ লোৱাৰ সম্ভাৱনা আছিল যদিও শেহতীয়াকৈ প্ৰকাশ পোৱা দলত নাই দুয়োগৰাকী ক্ৰিকেটাৰৰ নাম। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.