NEWS

Healthy Fruits: কি কি ফল আপোনাৰ শৰীৰৰ বাবে অতি উপকাৰী? কি ফলত এণ্টিঅক্সিডেণ্ট অধিক পোৱা যায়?

এই কেইবিধ ফলত যথেষ্ট পৰিমাণে অ্যান্টিঅক্সিডেণ্টে পোৱা যায় । যিকোনো ফল আমাৰ শৰীৰৰ কাৰণে বহু উপকাৰী। ফলে আমাৰ শৰীৰৰ প্ৰয়োজনীয় ভিটামিন সমূহ পূৰণ কৰে। পিছে আপুনি জানেনে কোন কেইবিধ ফলত অধিক মাত্ৰাত এন্টিঅক্সিডেণ্টপোৱা যায়। এন্টিঅক্সিডেণ্টে আমাৰ শৰীৰক কেনেদৰে সুৰক্ষিত ৰাখে জানে নে ? এন্টিঅক্সিডেণ্ট আমাৰ শৰীৰৰ বাবে ঐত্যন্ত প্ৰয়োজনীয় যৌগ। এন্টিঅক্সিডেণ্টসমূহে আমাৰ শৰীৰক সুৰক্ষিত ৰাখিবলৈ মুক্ত ৰ‌্যাডিকেলসমূহ নিষ্ক্ৰিয় কৰে। মুক্ত ৰ‌্যাডিকেল হৈছে অস্থিৰ অনুকণাসমূহ,যি কোষৰ ক্ষতি ঘটাব পাৰে। এই সুৰক্ষামূলক প্ৰভাৱে হৃদৰোগ, কেঞ্চাৰ আৰু বয়সজনিত বিভিন্ন সমস্যাৰ সম্ভাবনা কমাব পাৰে। বেছি পৰিমাণৰ এন্টিঅক্সিডেণ্ট থকা এনে কেইবিধমান ফল হৈছে- ১/ আমলখি (Indian Gooseberry) আমলখিত ভিটামিন চিৰ উচ্চ পৰিমাণৰ বাবে জনাজাত। ইয়াৰ এন্টিঅক্সিডেণ্ট গুণে শৰীৰৰ ৰোগপ্ৰতিৰোধ ক্ষমতা বঢ়ায়। ২/ মধুৰিয়াম (Guava) মধুৰিয়াম ভিটামিন চি আৰু অন্যান্য এন্টিঅক্সিডেণ্টৰে সমৃদ্ধ। মধুৰিয়াম খোৱাৰ ফলত ছালৰ স্বাস্থ্য উন্নত হয়। লগতে ইয়াত ভৰপুৰ পৰিমাণে এন্টিঅক্সিডেণ্টৰ উপস্থিতি পোৱা যায়। ৩/ ডালিম (Pomegranate) ডালিমত এন্টিঅক্সিডেণ্টৰ, ভিটামিন চি আৰু কে ৰে সমৃদ্ধ। হৃদয়ৰ স্বাস্থ্যৰ বাবে ই বহুত উপকাৰী। ৪/ জামু (Black Plum) জামুত অ্যান্থ’চায়ানিন থাকে, যিয়ে শক্তিশালী এন্টিঅক্সিডেণ্টহিচাপে কাম কৰে আৰু ই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। ৫/ অমিতা (Papaya) অমিতা ভিটামিন এ, চি, আৰু ইৰ সমৃদ্ধ। ইয়াৰ পাচন এনজাইমে খাদ্য হজম কৰাত সহায় কৰে। লগতে ইয়াত ভৰপুৰ পৰিমাণে এন্টিঅক্সিডেণ্টৰ উপস্থিতি পোৱা যায়। ৬/ আম (Mango) আম ভিটামিন এ আৰু চিৰ সমৃদ্ধ। ইয়াৰ এন্টিঅক্সিডেণ্টৰআৰু খাদ্যৰ আঁহ শৰীৰৰ ৰোগপ্ৰতিৰোধ ক্ষমতা বঢ়ায়। ৭/ আপেল (Apple) আপেল ফাইবাৰ, এন্টিঅক্সিডেণ্ট, ভিটামিন চি আৰু কে ৰে সমৃদ্ধ। হৃদয়ৰ স্বাস্থ্যৰ বাবে উপকাৰী আৰু পাচনত সহায় কৰে। ৮/ আনাৰস (Pineapple) আনাৰসত ব্ৰ’মেলাইন থাকে, যিয়ে পাচনত সহায় কৰে আৰু প্ৰদাহৰ গুণ থাকে। এই ফল বিধতো ভৰপুৰ পৰিমাণে এন্টিঅক্সিডেণ্টৰ উপস্থিতি পোৱা যায়। ৯/ কাষ্টাৰ্ড আপেল (Custard Apple) কাষ্টাৰ্ড আপেল ভিটামিন চি আৰু বি৬, মেগনেছিয়াম, আৰু পটাছিয়ামৰ সমৃদ্ধ। ইয়াৰ এন্টিঅক্সিডেণ্ট গুণ স্বাস্থ্যৰ বাবে উপকাৰী। ১০/ ক’লা আঙুৰ (Black Grapes) ক’লা আঙুৰত ৰেছভেৰাট্ৰল আৰু ফ্লাভোনয়েড থাকে, যিয়ে হৃদয়ৰ স্বাস্থ্যৰ বাবে উপকাৰী। ১১/ কমলা (Orange) কমলাত ভিটামিন চি আৰু ফ্লাভোনয়েডৰ উচ্চ পৰিমাণ থাকে। ইয়াৰ ব্যৱহাৰে ৰোগপ্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু ছালৰ স্বাস্থ্য উন্নত কৰে লগতে ইয়াত ভৰপুৰ পৰিমাণে অ্যান্টিঅক্সিডেণ্টৰ উপস্থিতি পোৱা যায়। সেয়েহে ডাক্তৰ পল ৰবচন মেধিয়ে এই ফল সমূহ সীমিত মাত্ৰাত সেৱন কৰিবলৈ উপদেশ প্ৰদান কৰিছে । None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.