ক'লা চাউল (Black Rice)ৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন। ২০১১ চনৰ পৰা কৃষি বিপ্লৱৰ জৰিয়তে আৰ্থিকভাৱে টনকিয়াল হৈছে গোৱালপাৰাৰ একাংশ লোক। ইয়াৰ নেতৃত্ব প্ৰদান কৰি আহিছে ৰাজ্যিক সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম গৌৰৱ’ সন্মান লাভ কৰা উপেন্দ্ৰ ৰাভাই। তেওঁ ব্লেক ৰাইচ বা ক’লা চাউলৰ প্ৰথম উৎপাদনকৰী হিচাপে ২০২৩ চনত ‘অসম গৌৰৱ’ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ২০১১ চনৰ পৰা তেওঁ হাজাৰ হাজাৰ বিঘা ক’লা চাউলৰ খেতি কৰি আহিছে। এইদৰে বহু লোক স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। তেওঁলোকৰ উৎপাদিত চাউল পৃথিৱীৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তত লগতে অসমৰো বিভিন্ন ঠাইত বিক্ৰী কৰা হয়। ক’লা চাউলৰ পৃথিৱীজুৰি চাহিদা বহুত। কিন্তু তেওঁলোকে চাহিদা অনুসৰি বৰ্তমান পৰ্যন্ত উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই। যিমান উৎপাদন কৰে তাতকৈ অধিক চাহিদা আছে বজাৰত। তেওঁলোকে ক’লা চাউলৰ চিৰা, কেক আদিও প্ৰস্তুত কৰি বিক্ৰী কৰে। ক’লা চাউলৰ কেইবাটাও প্ৰকাৰ আছে। তাৰে এটা উপেন্দ্ৰ ৰাভা নামেৰে নামকৰণ কৰে অসম চৰকাৰে। ইয়াৰ উপৰি মণিপুৰী ১, মণিপুৰী ২ এইদৰে কেইবাটাও প্ৰকাৰ দেখিবলৈ পোৱা যায়। ব্লেক ৰাইচ বা ক’লা চাউলৰ আছে আশ্চৰ্যকৰ গুণ। তেওঁলোকে বিভিন্ন মেলাতো অংশগ্ৰহণ কৰে। আৰু মেলাৰ বিপণীত ক’লা চাউলৰ গুণসমূহৰ বিষয়ে লিখি ৰাখে। চিকিৎসক ডাঃ ভূপেন শইকীয়াৰ মতে, উপেন্দ্ৰ চাউলৰ (BLACK RICE) আশ্চৰ্যকৰ গুণসমূহ এনেধৰণৰ- ১) ডায়েবেটিছ ৰোগীৰ বাবে উপযোগী: ক’লা চাউলত থকা ফাইবাৰ আৰু এণ্টি-অক্সিডেন্টৰ বাবে তেজলৈ ছুগাৰৰ শোষণ (Absorption) কমকৈ হয়। সেয়ে টাইপ-২ ডাইবেটিছত ই অতি উপকাৰী। ২) হৃদৰোগৰ পৰা সুৰক্ষা: ক’লা চাউলৰ নিয়মিত গ্ৰহণে কলেষ্টেৰল, ট্রাইগ্লিচাৰাইড আৰু এল ডি এল কলেষ্টেৰল কমায়। তেজৰ নলীত চৰ্বীৰ প্রলেপ (Atherosclderosis) হ’বলৈ নিদিয়ে। ৩) লিভাৰৰ অসুখত উপযোগী: এণ্টি-অক্সিডেণ্টে লিভাৰক সুৰক্ষা দিয়ে। ফলত ফেটি লিভাৰৰ উপশম ঘটে। ৪) মেদবহুলতা কমায়: ক’লা চাউলৰ ১০০ গ্রাম সিদ্ধ ভাতত কেল’ৰি থাকে মাত্র ৩০০। তদুপৰি দিনটোত এবাৰ ভাত খালেই উদৰ পূৰ্ণ হৈ থকা যেন লাগে। এনে কাৰণত তেজৰ অপকাৰী কলেষ্টেৰলৰ লগতে শৰীৰৰ ওজনো কমে। ৫) পাকস্থলীৰ অসুখ নিৰাময় কৰে: শৌচ নিয়মীয়া কৰে। ওকালি, বদহজম, ডায়েৰিয়া, ইৰিটেবল বাৱেল ছীনড্রম আদি পেটৰ অসুখ ভাল কৰে। ৬) কৰ্কট ৰোগৰ পৰা সুৰক্ষা: ক’লা চাউলৰ লাগতিয়াল তত্ত্বসমূহে শৰীৰৰ ইমিউনিটী বঢ়ায়। শৰীৰৰ পৰম অহিতকাৰী ফ্ৰী ৰেডিকেলছৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু শৰীৰক কেন্সাৰ ৰোগৰ পৰা সুৰক্ষা দিয়ে। ৭) তেজ বিশুদ্ধকৰণ: এণ্টি-অক্সিডেণ্টে লিভাৰ আৰু কিডনীৰ কাম সুচল হোৱাত সহায় কৰি শৰীৰৰ তেজ বিশুদ্ধ থকাত সহায় কৰে। ৮) চকুৰ সুৰক্ষা: ক’লা চাউলে কেটেৰেক্ট গ্ল’কমাৰ পৰা সুৰক্ষা দিয়ে আৰু দৃষ্টিশক্তি বঢ়ায়। ৯) ছাল আৰু চুলিৰ বাবে উপযোগী ভিটামিন: ই হ’ল চুলি আৰু চৰ্মৰ সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় তত্ব। ক’লা চাউলৰ ফেচ মাস্ক বনাই লগাব পাৰি। ১০) হাপানী ৰোগৰ প্ৰতিৰোধক: এণ্টোছায়ানিনে শ্বাস প্রণালীক সুৰক্ষা দিয়ে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.