কানাড়া চিনেমা আৰু টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰী শোবিতা শিৱান্নাৰ ৰহস্যজনক মৃত্যু। তেলেংগানাৰ গাচিবৌলি জিলাৰ কোণ্ডাপুৰ অঞ্চলৰ শোবিতাৰ ঘৰৰ পৰা উদ্ধাৰ হয় মৃতদেহ। চিপ লৈ উলমি থকা অৱস্থাত উদ্ধাৰ হয় অভিনেত্ৰীগৰাকীৰ মৃতদেহ। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ অন্তত অভিনেত্ৰীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে। ইতিমধ্যে শোবিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তদন্তকাৰীয়ে আৰক্ষীয়ে মন্তব্য কৰে যে মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁৰ মৃত্যুৰ কাৰণ স্পষ্ট হ’ব। আৰু পঢ়ক: আজি এই ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে হ’ব শুভ! কৰ্মক্ষেত্ৰত লাভ কৰিব সফলতা! হাতলৈ আহিব নতুন সুযোগ! কিন্তু সাৱধানে থাকিব এইসমূহ ৰাশিৰ জাতক-জাতিকা! মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক ২ ডিচেম্বৰৰ ৰাশিফল ১৯৯২ চনৰ ২৩ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল শোবিতাই। সৰুৰে পৰা মনোৰঞ্জন আৰু শিল্পৰ জগতখনৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল শোবিতাৰ। বাল্ডউইন গাৰ্লছ হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত শোবিতাই নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিত ফেশ্বন ডিজাইনিং অধ্যয়ন কৰিছিল। আৰু পঢ়ক: আজি অসম দিৱস! কিয় পালন কৰা হয় অসম দিৱস? কেতিয়াৰ পৰা পালন কৰা হৈছে অসম দিৱস? জানি লওক ২০১৫ চনত কানাড়া ছবি ‘ৰঙী তৰানা’ৰ জৰিয়তে অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল শোবিতাই। এই ছবিখন তেওঁৰ কেৰিয়াৰৰ এক মাইলৰ খুঁটি আছিল। ‘ইউ টাৰ্ণ’, ‘কে জি এফ চেপ্টাৰ ৱান’ আৰু ‘কে জি এফ চেপ্টাৰ টু’কে ধৰি কেইবাখনো কানাড়া ছবিত অভিনয় কৰিছিল। তেওঁৰ কেৰিয়াৰৰ আন কেইখনমান উল্লেখযোগ্য ছবি হ’ল ‘এৰাডোণ্ডালা মুৰু’, ‘জেকপট’ আৰু ‘অন্ধ কাথে হেলা’। আনফালে টেলিভিছনৰ ধাৰাবাহিক ‘গলিপাতা’, ‘মংগলা গৌৰী’, ‘কোগিলে’, ‘কৃষ্ণ ৰুক্মিণী’ত অভিনয় কৰা অভিনয়েও দৰ্শকৰ মন জয় কৰিছিল। তেওঁৰ অকাল মৃত্যুৱে কানাড়া মনোৰঞ্জন জগতখনক স্তব্ধ কৰি তুলিছে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.