শিৱসাগৰৰ ৰুদ্ৰসাগৰত ভগৱান শ্ৰীকৃষ্ণৰ এটা মূৰ্তিক লৈ চাঞ্চল্য। আঠাইসাগৰ বৰ নামঘৰৰ সমীপত এই মুৰ্তিটো উদ্ধাৰ হোৱাৰ পিছতে বনজুইৰ দৰে বিয়পি পৰে খবৰটো। মূৰ্তিটোৰ সৈতে উদ্ধাৰ হ’ল এখন চিঠি। য’ত লিখা আছিল সপোন অন্ধবিশ্বাস আৰু নিৰ্মম বাস্তৱৰ এক কাহিনী। যি কাহিনী এতিয়া অঞ্চলটোৰ লোকৰ মুখে মুখে। এতিয়া জানো আহক আচল কাহিনী। ৰুদ্ৰসাগৰ বৰনামঘৰৰ সমীপত পুৱাই ৰাইজে প্ৰত্যক্ষ কৰে ভগৱান শ্ৰীকৃষ্ণৰ এটা মূৰ্তি। কাষতে চাৰিযোৰ তামোল-পাণ আৰু এখন চিঠি। গামোচাৰে মেৰিয়াই ৰখা হৈছিল বাসুদেৱৰ মূৰ্তিটো। ৰাইজে গামোচাখন খুলি প্ৰায় ৭-৮ ইঞ্চিৰ সোণালী ৰঙৰ মূৰ্তিটো দেখি হতভম্ব হৈ পৰে। কিন্তু কাষতে উদ্ধাৰ হোৱা চিঠিখন দেখি অধিক আচৰিত হৈ পৰে ৰাইজ। চিঠিখনত আছিল সেই আচৰিত কাহিনীৰ বিৱৰণ। চিঠিখনত দাবী কৰা অনুসৰি, মূৰ্তিটো সোণৰ। চিঠিখনত কোনো লোকৰ নাম উল্লেখ নাছিল যদিও আছিল এক বিশ্বাস-অন্ধবিশ্বাসৰ দোমোজাত পেলোৱা এক কাহিনী। যি কাহিনী পঢ়ি হতচকিত হৈ পৰে ৰাইজ। চিঠিখনত অজ্ঞাত ব্যক্তিজনে লিখিছিল, মূৰ্তিটো থকা বাবেই হেনো তেওঁৰ পত্নীৰ চাৰি বছৰত চাৰিটা মৃত সন্তান জন্ম হৈছিল। ইয়াৰ পিছতে তেওঁ সপোনত দেখিছিল, তেওঁ মূৰ্তিটো ঘৰৰ পৰা আঁতৰাই নতুনকৈ স্থাপন কৰিবলগীয়া সত্ৰত চমজাই দিলেই হেনো তেওঁৰ পিছৰ সন্তান বাচি থাকিব। পঞ্চম সন্তানটো জীৱিত অৱস্থাত জন্ম হোৱাত অচিনাক্ত ব্যক্তিজনে এইদৰে এৰি যায় মূৰ্তিটো। অনাগত দিনত মৃত সন্তানকেইটাৰ সোঁৱৰণত দহ লাখ টকা নাম উল্লেখ নকৰাকৈয়ে দি যাব বুলিও উল্লেখ আছে চিঠিখনত। সপোনৰ ওপৰত ভিত্তি কৰি লিখা এই আচৰিত ঘটনাৰ কথা পঢ়ি আচৰিত হৈ পৰে ৰাইজ। খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে মূৰ্তিটো আনিব বিচাৰিছিল যদিও ৰাইজে আৰক্ষীক চমজাই নিদিলে শ্ৰীকৃষ্ণৰ মূৰ্তিটো। বুধবাৰে জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ অহাৰ পিছত পৰীক্ষা কৰা হ’ব মূৰ্তিটো। কিন্তু সোণৰ হ’লেও বা ৰূপ-পিতল যিহৰেই নহওক ৰাইজে মূৰ্তিটো সত্ৰত ৰাখিব বুলি সিদ্ধান্ত লৈছে। ইফালে সন্তান জন্মৰ সৈতে মূৰ্তিৰ কথা সাঙোৰাটো অন্ধবিশ্বাসৰ বাদে আন একো নহয় বুলি বিজ্ঞানমনস্ক লোকৰ অভিমত। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.