হাতো নেমেলিবি, ফুলো নিছিঙিবি! আপুনি যদি তেজীমলাৰ কাহিনীটো পঢ়িছে বা শুনিছে তেন্তে নিশ্চয় মনত আছে। কিন্তু আজি তেজীমলাৰ কাহিনী নকওঁ। তেনেকুৱাৰ কাহিনী সংঘটিত হ’ল কৰিমগঞ্জত। ফুল ছিঙাৰ বাবে নহয় ফুল গছৰ ডাল কটাক কেন্দ্ৰ লংকাকাণ্ড সংঘটিত হ’ল কৰিমগঞ্জত। ফুল গছৰ ডাল কটাক কেন্দ্ৰ কৰি দুই পক্ষৰ ৰক্তক্ষয়ী মাৰপিট কৰিমগঞ্জত। দুই ফৈদৰ মাৰপিট আহত দেবাৰতি দত্ত চৌধুৰী নামৰ এগৰাকী মহিলা। আৰু পঢ়ক: ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ বাতিল, কি হ’ব দৰ্শকৰ টিকটৰ ধন? কোনসকল দৰ্শকে কেনেলৈ লাভ কৰিব টিকটৰ ধন? কৰিমগঞ্জ চহৰৰ মেইন ৰোডৰ চৰকাৰী HS বিদ্যালয়ৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। ঘটনা লৈ কৰিমগঞ্জ সদৰ থানাত গোচৰ তৰিছে ভুক্তভোগী পৰিয়ালে। আহত মহিলাগৰাকীৰ হাতত ৫টা চিলাই কৰিব লগা হৈছে। ভুক্তভোগীয়ে অভিযোগ কৰা মতে, তেওঁৰ ঘৰৰ পিছফালে এডাল ফুলৰ গছ আছে। সেই গছৰ কেইটামান ডাল প্ৰতিবেশী বাদল মজুমদাৰৰ খালি ভূমিৰ ফালে ওলাই গৈছিল। যাৰ ফলত গছজোপা কাটি পেলোৱাৰ বাবে কৈ আছিল বাদল মজুমদাৰে। এই ক্ষেত্ৰত তেওঁ কৈছিল, গছজোপা নেকাটি ডালকেইটা তেওঁৰ সীমাত আনি বান্ধি দিব। আৰু পঢ়ক: পাহাৰত খুন্দা ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ! ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ! কিন্তু আজি বাদলে মজুমদাৰে কেইটামান ডাল কাটি দিয়ে। তাৰপাছত দুয়ো পক্ষৰ মাজত লংকাকাণ্ড সংঘটিত হয়। দেবাৰতি দত্ত চৌধুৰীৰ অভিযোগ মতে, প্ৰতিবেশী বাদল মজুমদাৰ আৰু তেওঁৰ পুত্ৰ তন্ময় মজুমদাৰে তেওঁ লোকক আক্ৰমণ কৰাৰ বাবে এখন দাৰে কোৱাই দিয়ে। যাৰ ফলত তেওঁৰ হাত কাটি ব্যাপক ৰক্তক্ষৰণ হয়। পিছত কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত গৈ ৫টাকৈ চিলাই ল’বলগীয়া হয়। ঘটনা লৈ কৰিমগঞ্জ সদৰ থানাত গোচৰ তৰিছে দেবাৰতি দত্ত চৌধুৰীয়ে। আৰক্ষীৰ অধিক তদন্তৰ পিছতে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। কিন্তু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কৰিমগঞ্জ চহৰত। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.