NEWS

OPPO K12x 5G: এটা অপ্ৰতিৰোধ্য জীৱনৰ বাবে এক অনন্য স্মাৰ্টফোন

স্মাৰ্টফোন আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। এইবোৰ আমাৰ কেমেৰা, আমাৰ ৱালেট, আমাৰ মনোৰঞ্জনৰ ভঁৰাল আৰু বিশ্বৰ সৈতে আমাৰ সংযোগস্থল। কিন্তু এয়া মানিবই লাগিব যে, এই ডিভাইচসমূহৰ সৈতে আমাৰ ভালপোৱা সঘনে বিঘ্নিত হয় যেতিয়া এইবোৰ দুৰ্ঘটনাবশতঃ পৰি গ’লে, পানী পৰি হোৱা ক্ষতি বা দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষয়-ক্ষতিৰ সন্মুখীন হয়। এতিয়া পৰিৱৰ্তনৰ সময়। এতিয়া এনে স্মাৰ্টফোনৰ সময় যিয়ে আমাৰ ষ্টাইল আৰু পাৰফৰ্মেন্সৰ সৈতে কোনো আপোচ নকৰাকৈ গতিশীল জীৱনৰ সৈতে মোকাবিলা কৰিব পাৰে। আহি গ’ল অপ্ৰতিৰোধ্য OPPO K12x 5G। ই আকৰ্ষণীয় হোৱাৰ লগতে শক্তিশালীও OPPO K12x 5G কেৱল এটা ফোনেই নহয়; ই বজাৰৰ একেবাৰে নব্য সংস্কৰণ যিয়ে আমাৰ মনোযোগ দাবী কৰে। ইয়াৰ ক্ষুদ্ৰতৰ ডিজাইনে এটা পাতল ওজন তথা মসৃণ সৌন্দৰ্য্য কঢ়িয়ায়, য’ত ইয়াৰ ওজন 186 g আৰু ইয়াৰ 7.68 mmৰ অতি ক্ষীণ প্ৰফাইলে আপোনাক পকেটত আৰামত সোমাই পৰে। ক’চমিক ফ্লেশ্বলাইটৰ সৈতে বৃত্তাকাৰ কেমেৰাৰ মডিউলে ভৱিষ্যতৰ সূক্ষ্মদৰ্শন নিশ্চিত কৰে। এইটো এনে এটা ডিভাইচ যি কেৱল দেখনিয়াৰেই নহয়, ই আপোনাৰ হাততো শুৱাব। কিন্তু ইয়াৰ কালাৰৰ বিকল্পসমূহে OPPO K12x 5G-ক আনসমূহৰ পৰা পৃথক কৰি তুলিছে। OPPO-ৰ অদ্বিতীয় মেগনেটিক পাৰ্টিকল ডিজাইনৰ সৈতে মৰুৎ-নীলা ৰঙৰ ফোনটোৱে এক মন্ত্ৰমুগ্ধ প্ৰভাৱ পেলায় যিটো শান্ত হোৱাৰ দৰে মনোমাহাও। আনহাতে, OPPO-ৰ উজ্জ্বল ডিজাইনৰ সৈতে মিডনাইট ভায়’লেট ৰঙৰ ফোনটোৱে এক সূক্ষ্ম আবৃত গাঁথনি সৃষ্টি কৰে যি কেৱল বিস্ময়কৰ লগাই নহয় ই আঙুলিৰ ছাপ ৰোধ কৰি ফোনটোক আকৰ্ষণীয় যেন দেখাটোও নিশ্চিত কৰে। দীৰ্ঘম্যাদী হ’বলৈ আৰু শিহৰণ জগাই তুলিবলৈ নিৰ্মিত OPPO K12x 5G হৈছে আপোনাৰ পকেটৰ এটা প্ৰকৃত দুৰ্গ, যি জীৱনৰ অনাকাংক্ষিত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ নিৰ্মিত। ইয়াৰ 360-ডিগ্ৰী ক্ষয়-প্ৰতিৰোধী আৰ্মাৰ বডী হৈছে ৰূঢ় স্থিতিস্থাপকতাৰ সৈতে অত্যাধুনিক প্ৰযুক্তিৰ মিশ্ৰণেৰে এক উল্লেখনীয় অভিযান্ত্ৰিক অৱদান। এই দুৰ্গৰ বুনিয়াদ হৈছে সাধাৰণ গ্লাচতকৈ দুগুণ শক্তিশালী ইয়াৰ ডাবল এনফৰ্চড পাণ্ডা গ্লাচ, যিয়ে স্ক্ৰীন ভঙাৰ আশংকাৰ ক্ষেত্ৰত অধিক সুৰক্ষা প্ৰদান কৰে। ইয়াৰ ওপৰিও OPPO-ই নিজাববীয়াকৈ বনোৱা অতি-শক্তিশালী সংকৰ ফ্ৰেমে সাংগঠনিক দিশত অদ্বিতীয় অখণ্ডতা প্ৰদান কৰে। কিন্তু প্ৰকৃত যাদু ইয়াৰ ভিতৰতহে আছে। OPPO-ৰ অভিনৱ স্পঞ্জ বায়’নিক কুশ্বনিঙে শ্বক শুহি লৈ আৰু প্ৰভাৱ শক্তিক ছিন্ন-ভিন্ন কৰি গুৰুত্বপূৰ্ণ উপাদানসমূহৰ আশে-পাশে এটা সুৰক্ষিত চকৰী নিৰ্মাণ কৰে। গুৰুত্বপূৰ্ণ অংশসমূহ অতিৰিক্তভাৱে শ্বক-এব্‌জৰ্বিং ফেনৰ দ্বাৰা আবৃত হৈ থাকে যাতে চৰম পৰিস্থিতিতো সেইবিলাক সুৰক্ষিত হৈ থাকে। ধৰি লওক যে এখন পকা মজিয়াত আপোনাৰ ফোনটো পৰি গৈছে। এতিয়া কল্পনা কৰক যে, এটাও দাগ নোহোৱাকৈ ই উফৰি পৰিছে। সেয়াই হৈছে OPPO K12x 5G। ইয়াৰ ওপৰিও, OPPO-ই বাকচটোত সৰি পৰাৰ পৰা বচাবলৈ শ্বিল্ড্‌ৰ এটা কেচ একচেটিয়াকৈ অন্তৰ্ভুক্ত কৰিছে। চুকবোৰত কুশ্বন প্ৰদান কৰি আৰু পাছফালটো অধিক সুৰক্ষিত কৰি এই ষ্টাইলিছ সামগ্ৰীয়ে সুৰক্ষাৰ অন্য এটা স্তৰ প্ৰদান কৰিছে। দৰাচলতে, পৰীক্ষাসমূহে দৰ্শাইছে যে এই কেচটোৰ ব্যৱহাৰে মাত্ৰ ফোনটো ব্যৱহাৰ কৰাতকৈ 200% অধিক সুৰক্ষা প্ৰদান কৰিছে। কিন্তু সেয়াই সকলো নহয়। OPPO K12x 5G-য়ে কঠিন সম্পৰীক্ষাৰো সন্মুখীন হৈছে যাতে ই চৰমতৰ পৰিস্থিতিৰো মোকাবিলা কৰিব পাৰে। এইটো হৈছে এই শাখাৰ একমাত্ৰ ফোন যিয়ে মিলিটেৰী গ্ৰেডৰ MIL-STD-810H প্ৰমাণীকৰণ প্ৰাপ্ত কৰিছে যি ইয়াৰ স্থিৰতাৰ এক নিদৰ্শন। 1.4 মিটাৰ ওপৰৰ পৰা পৰি যোৱাৰ পৰাকে আদি কৰি চৰম উত্তাপৰ সাল-সলনিও সহিষ্ণুতাৰে সহি লোৱা আৰু 11 টন ওজনৰ এখন বাছৰ ভৰ সহিব পৰালৈকে OPPO K12x 5G-এ নিজৰ শৌৰ্য্য-বীৰ্য্য প্ৰমাণ কৰিছে। আৰু অভাৱনীয় ছিটিকনি বা ঘৰ্মাক্ত শৰীৰচৰ্চাৰ বাবে, OPPO K12x 5G-ত কোনো টেনছনেই নাই। ইয়াৰ IP54 ৰেটিঙে পানী আৰু ধূলিৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰে, য’ত নেকি অভিনৱ Splash Touch technology-য়ে ভিজি থকা আঙুলিৰ সৈতেও মসৃণতাৰে ফোনটো টিপি যাব পৰাটো নিশ্চিত কৰে। সমগ্ৰ দিনটোৰ বাবে শক্তি অতিকায় 5100mAh বেটাৰীৰে সমৃদ্ধ, এই ফোনটোৰ সহিষ্ণু শক্তিয়ে অতি সহজে একলেথাৰিয়ে কিবা চাই থাকিলে আৰু মাৰাথন গেম খেলিলেও চেম্পিয়নৰ দৰে প্ৰদৰ্শন দেখায়। আৰু যেতিয়া পুনৰ চাৰ্জ কৰিবলগীয়া হয়, 45W SUPERVOOCTM দ্ৰুত চাৰ্জে অতি দ্ৰুততাৰে আপোনাৰ ফোনটোক চাৰ্জ কৰি অতিশীঘ্ৰে আপোনাক আগৰ কামলৈ ঘূৰাই আনিব। 10 মিনিটৰ চাৰ্জিঙৰ সৈতে আপুনি বেটাৰীক 20% বৃদ্ধি কৰিব পাৰে আৰু মাত্ৰ 74 মিনিটতে আপোনাৰ চাৰ্জ সম্পূৰ্ণ হ’ব। কেপাচিটীৰ উপৰিও এই ফোনটোৱে দীৰ্ঘকালৰ অংগীকাৰ প্ৰদান কৰিব পাৰে। OPPO-ৰ হাইপাৰ এনাৰ্জী বেটেৰী টেকনল’জী সঁচাকৈয়ে অনন্য। এডভান্স সামগ্ৰী আৰু ইণ্টেলিজেণ্ট চাৰ্জিং এলগ’ৰিথমৰ সৈতে OPPO K12x 5G-এ 4 বছৰৰো অধিক জীৱনকালৰ প্ৰমিছ কৰে, যিটোত 1600 টা চাৰ্জ চক্ৰৰ পাছতো 80% অ’ৰিজিনেল কেপাচিটী ধৰি ৰখাৰ সক্ষমতা আছে। OPPO-ৰ স্মাৰ্ট চাৰ্জিং ফীছাৰে ইয়াক এখোজ আগুৱাই লৈ গৈ, আপোনাৰ ব্যৱহাৰৰ ধৰণৰ সৈতে খাপ খুৱাই স্পীড আৰু বেটেৰীৰ স্বাস্থ্য দুয়োকে বহনক্ষম কৰি ৰাখে। ইয়াৰ সহজ অৰ্থ হৈছে, বেটেৰী শেষ হোৱাৰ কোনো দুচিন্তা নকৰাকৈ 335 ঘণ্টালৈকে টকটাইম, 15.77 ঘণ্টালৈকে YouTube প্লে’বেক একেটা চাৰ্জতে সম্ভৱ। দেখাত অতি শুৱনি OPPO K12x 5G-ৰ 6.67-inch ডিছপ্লে’ display হৈছে আপোনাৰ ডিজিটেল এডভেঞ্চাৰৰ বাবে এক উত্তম কেনভাছ। ইয়াত আছে বিজুলী-বেগী 120Hz ৰিফ্ৰেশ্ব ৰেট, যাৰ সহায়ত আপুনি আপোনাৰ প্ৰিয় ম’বাইল গেমবিলাক সঁচাই বিজুলী বেগত খেলিব পাৰিব। তাৰোপৰি প্ৰখৰ ৰ’দতো আপুনি স্ক্ৰীনখন চাওঁতে নিজৰ চকুত জোৰ দিবলগীয়া নহয়, কাৰণ ইয়াত আছে চমকদাৰ 1000 nits পীক ব্ৰাইটনেছ। ৱেবছিৰিজ বিঞ্জ কৰি ভাল পোৱা লোকৰ বাবে OPPO-ই সঁচাকৈয়ে উপহাৰ কঢ়িয়াই আনিছে। Widevine L1 চাৰ্টিফিকেশ্যন থকাৰ বাবে K12x 5G-ৰ ডিছপ্লে’খন Netflix, Amazon Prime Video (Amazon HD Certification), Disney+ Hotstar, আৰু অধিক সেৱাৰ পৰা HD ভিডিঅ’ ষ্ট্ৰীম কৰাৰ বাবে অনুমোদনপ্ৰাপ্ত। Widevine L1 চাৰ্টিফিকেশ্যন আৰু OPPO K12x 5G-ৰ ডাঙৰ 6.67-inch ডিছপ্লে’, 120Hz ৰিফ্ৰেশ্ব ৰেট, আৰু 1000 nits পীক ব্ৰাইটনেছে সৃষ্টি কৰে অতুলনীয়, ইমাৰ্ছিভ মাল্টিমীডিয়া অভিজ্ঞতা- আপুনি য’তেই নাথাকক কিয়, যিমানেই দীঘল আপোনাৰ বিঞ্জ ছেশ্যন নহওক কিয়, আপুনি পাব ভৰপূৰ আনন্দ। এতিয়া পাৰ্টীবোৰো হৈ পৰিব অধিক মজাৰ- কাৰণ OPPO-ৰ আলট্ৰা ভলিউম ম’ডৰ সহায়ত ফোনটোৰ ভলিউম 300%লৈকে বঢ়াই আনন্দ কৰিবলৈ আপোনাক লাগে সংগীতৰ ভাল পচন্দ আৰু আপোনাৰ OPPO K12x 5G! স্পীড ডেমন MediaTek Dimensity 6300 5G chipset-ৰ দ্বাৰা পাৱাৰকৃত OPPO K12x 5G-ই বেটেৰী জীৱন কম্প্ৰ’মাইজ নকৰাকৈ পাৰফৰ্মেন্স পাঞ্চ প্ৰদান কৰে। আপুনি এগৰাকী প্ৰফেশ্যনেল হিচাপে মাল্টিটাস্কিং কৰাই হওক, ইনটেন্স গে’ম খেলাই হওক বা HD-ত আপোনাৰ প্ৰিয় শ্ব’ চোৱাৰ ক্ষেত্ৰতেই হওক OPPO K12x 5G-এ গোটেইবিলাক অনায়াসে চম্ভালি লয়। OPPO-ৰ ট্ৰিনিটী ইঞ্জিনে আপোনাৰ ফোনৰ সমলবিলাক ফাইন-টিউন কৰি পাৰফৰ্মেন্সৰ অপ্টিমাইজেশ্যনক একেবাৰে ওপৰলৈ লৈ যায়, যাৰ ফলত একেবাৰে হেভী ল’ড থাকিলেও স্মুথ আৰু ষ্টেবল পাৰফৰ্মেন্স লাভ কৰিব পাৰি। OPPO-ৰ 50-মহীয়া ফ্লুৱেন্সী প্ৰটেকশ্যনৰ সৈতে, আপোনাৰ ফোনটো লাগি নধৰাকৈ, (কমেও) 50 মাহলৈকে বিজুলী-বেগী পাৰফৰ্মেন্স লাভ কৰিব। 8GB বিজুলী-বেগী RAM থকাই নহয়, OPPO-ৰ সৃষ্টিশীল RAM এক্সপানশ্যন টেকনল’জীয়ে আপোনাক অব্যৱহৃত ষ্ট’ৰেজক ভাৰ্চুৱেল RAMলৈ পৰিৱৰ্তন কৰি আপোনাক অতিৰিক্ত পাৰফৰ্মেন্স বুষ্ট প্ৰদান কৰে। এইটো ফোনে যদিও 256GB আহল-বহল ষ্ট’ৰেজ প্ৰদান কৰে, শ্বাটাৰবাৰ্গসকলে এখন microSD যোগ কৰি 1TB লৈকে অতিৰিক্ত ষ্ট’ৰেজ যোগ কৰিব পাৰে। যিকোনো স্থানতে সংযুক্ত হৈ থাকক লিফ্ট, বেছমেণ্ট বা ভিৰ থকা স্থানত ছিগনেল নোহোৱা হোৱাৰ কথা কোনে নাজানে? OPPO K12x 5G-ৰ গেম-চেঞ্জাৰ AI LinkBoost টেকন’লজীয়ে আপোনাৰ সেই চিন্তা নোহোৱা কৰিব। AI LinkBoost-এ ৱাই-ফাই আৰু চেলুলাৰ নেটৱৰ্কৰ মাজত বুদ্ধিদীপ্ত ভাৱে সালসলনি কৰি থাকি পৰম্পৰাগত পদ্ধতিতকৈ 20% বেগাই কাম কৰে। ডুৱেল ছিম ষ্টেণ্ডবাইৰ সৈতে আপুনি মুহূৰ্ততে দুখন ছিম কাৰ্ডৰ মাজত সালসলনি কৰিব পাৰে। দৰ্শকেৰে ভৰি থকা কনচাৰ্টখনত কোনো বন্ধুৰ সৈতে ফটো শ্বেয়াৰ কৰিবলৈ লৈছে? কোনো কথা নাই। AI Linkboost-এ দুৰ্বল ছিগনেলৰ সমস্যা সমাধান কৰি নিশ্চিত কৰে যাতে আপোনাৰ মূল্যবান ফটোকেইখন খৰতকীয়াকৈ শ্বেয়াৰ কৰিব পাৰি। আপুনি মহানগৰৰ ব্যস্ত পথৰ মাজেৰে বা ৰাজহুৱা পৰিবহেনেৰে ভ্ৰমণ কৰি থাকোঁতেও OPPO K12x 5G-ৰ AI LinkBoost-এ আপোনাক অনলাইনত থাকিবলৈ দি নিয়ন্ত্ৰণ প্ৰদান কৰে। প্ৰতিটো মুহূৰ্ত কেপচাৰ কৰক ইমান শক্তিশালী ফোন এটা থাকিলে ছিৰিয়াছ ফটোগ্ৰাফী নিশ্চয় কৰাৰ প্ৰয়োজন! 32MP AI ডুৱেল কেমেৰাৰে সজ্জিত OPPO K12x 5G-ই যিকোনো প্ৰত্যাহবান গ্ৰহণ কৰিবলৈ প্ৰস্তুত। পোহৰ যেনেকুৱাই নহওক কিয় 32MP-ৰ মেইন কেমেৰাৰে প্ৰতিটো ডিটেইল ধৰি ৰাখক। OPPO’s HDR 3.0 টেকন’লজীয়ে নিশ্চিত কৰে ভাইব্ৰেণ্ট কালাৰ আৰু ষ্টানিং কনট্ৰাষ্ট; আনহাতে পৰ্ট্ৰেইট ম’ডে সহজতে বেকগ্ৰাউণ্ড অস্পষ্ট কৰি আপোনাৰ প্ৰিয় লোকসকলৰ চকুতলগা প’ৰ্ট্ৰেইট তোলে। আপোনাৰ ছেলফি-বন্ধুসকলে 8MP ফ্ৰণ্ট ছেলফি কেমেৰাটো নিশ্চয় পচন্দ কৰিব, বিশেষকৈ যিহেতু তাত আছে AI প’ৰ্ট্ৰেইট ৰিটাচ্চিং ফীচাৰ, যি দিয়ে আপোনাক এক প্ৰাকৃতিক আৰু ত্ৰুটিহীন লুক। ভ্ল’গ কৰোঁতাৰ বাবে আছে, ডুৱেল ভিউ ভিডিঅ’, যি আপোনাক একেলগতে ফ্ৰ’ণ্ট আৰু ৰীয়েৰ কেমেৰাৰে ৰেকৰ্ড কৰাৰ সুবিধা দিয়ে। ইয়াৰ ফলত আপোনাৰ সময় ৰাহি হোৱাৰ লগতে আপুনি কঢ়িয়াই ফুৰিবলগীয়া সঁজুলিও কম হৈ পৰে। মতামত: সঁচাকৈয়ে অপ্ৰতিৰোধ্য OPPO K12x 5G কেৱল স্মাৰ্টফোনেই নহয়, ই হৈছে লাইফষ্টাইলৰ প্ৰিয়বন্ধু। ইয়াৰ অপূৰ্ব মিনিমেলিষ্ট ডিজাইন, অতুলনীয় বহনক্ষমতা, আনবীটেবল ডিজাইন, চমকদাৰ বেটেৰী জীৱনৰ সৈতে এই কথা স্পষ্ট যে OPPO-ই এনে এক ডিভাইচ নিৰ্মাণ কৰি উলিয়াইছে যিটোৱে আপুনি দিয়া যিকোনো প্ৰত্যাহবান হেলাৰঙে পাৰ কৰিব পাৰে। OPPO K12x 5G-ৰ মূল্য হৈছে INR 12,999 (6GB+128GB ভেৰিয়েণ্ট) আৰু INR 15,999 (8GB+256GB ভেৰিয়েণ্ট)। এই ডিভাইচটো বিক্ৰীৰ বাবে উপলব্ধ আৰু Flipkart, OPPO e-Store, আৰু মেইনলাইন খুচুৰা বিপণীত উপলব্ধ হ’ব। গ্ৰাহকে নতুন OPPO K12x 5G ক্ৰয় কৰোঁতে আকৰ্ষণীয় অফাৰো লাভ কৰিব পাৰে। আপুনিও Live Unstoppable হ’ব খোজেনে? আপোনাৰ সন্ধানৰ উত্তৰ এতিয়া আপোনাৰ হাতত! This is a Partnered Post. None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.