NEWS

Sheikh Hasina : পুনৰ বাংলাদেশলৈ ঘূৰি যাবলৈ সাজু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা! অংশ ল’ব নিৰ্বাচনতো, হাছিনা-পুত্ৰৰ মন্তব্যত বিশেষ ইংগিত

পুনৰ বাংলাদেশলৈ ঘূৰি যাব প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা! দেশখনৰ ৰাজনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতে এই মন্তব্য শ্বেখ হাছিনাৰ পুত্ৰ সজীব ৱাজেদৰ। শান্তিৰ নোবেল জয়ী ড° মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠনৰ পাছতেই হাছিনা-পুত্ৰৰ এই মন্তব্যই বহন কৰিছে বিশেষ তাৎপৰ্য। যেতিয়াই দেশখনৰ নতুন অন্তৰ্ৱৰ্তীকালীন চৰকাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’ব, তেতিয়াই প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজৰ দেশলৈ উভতি যাব বুলি মন্তব্য কৰিছে শ্বেখ হাছিনাৰ পুত্ৰই। প্ৰায় দুমাহজোৰা প্ৰৱল প্ৰতিবাদৰ ফলত হাছিনাই সোমবাৰে ভাৰতলৈ পলাই আহে। তাৰ পাছত দেশখনত গঠন হয় অন্তৰ্ৱৰ্তীকালীন চৰকাৰ। আৰু শেহতীয়াকৈ ভাৰতৰ সংবাদ মাধ্যমৰে মত বিনিময় কৰি আমেৰিকাত থকা তেওঁৰ পুত্ৰ সজিব ৱাজেদ জয়ে কয়, ‘‘বৰ্তমান সময়ৰ বাবে তেওঁ (হাছিনা) ভাৰতত আছে। অন্তৰ্ৱৰ্তীকালীন চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে তেওঁ বাংলাদেশলৈ উভতি যাব।’’ উল্লেখযোগ্য যে হাছিনাৰ আৱামী লীগ দলে অন্তৰ্ৱৰ্তীকালীন চৰকাৰত স্থান পোৱা নাই। সম্প্ৰতি নতুন দিল্লীৰ এটা সুৰক্ষিত স্থানত আশ্ৰয় লৈ আছে শ্বেখ হাছিনাই। একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁ বৃটেইনত আশ্ৰয় লোৱাৰ পৰিকল্পনা কৰিছিল যদিও বৃটিছ চৰকাৰে তেওঁৰ ভিছা বাতিল কৰিছে। অসমৰ বাতৰি / খবৰ / বিশ্ব / Sheikh Hasina : পুনৰ বাংলাদেশলৈ ঘূৰি যাবলৈ সাজু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা! অংশ ল’ব নিৰ্বাচনতো, হাছিনা-পুত্ৰৰ মন্তব্যত বিশেষ ইংগিত Sheikh Hasina : পুনৰ বাংলাদেশলৈ ঘূৰি যাবলৈ সাজু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা! অংশ ল’ব নিৰ্বাচনতো, হাছিনা-পুত্ৰৰ মন্তব্যত বিশেষ ইংগিত পুনৰ বাংলাদেশলৈ ঘূৰি যাব প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা! দেশখনৰ ৰাজনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতে এই মন্তব্য শ্বেখ হাছিনাৰ পুত্ৰ সজীব ৱাজেদৰ। শান্তিৰ নোবেল জয়ী ড° মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠনৰ পাছতেই হাছিনা-পুত্ৰৰ এই মন্তব্যই বহন কৰিছে বিশেষ তাৎপৰ্য। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : August 9, 2024, 12:35 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Written By : Dipankar Dutta সম্পৰ্কীয় বাতৰি পুনৰ বাংলাদেশলৈ ঘূৰি যাব প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা! দেশখনৰ ৰাজনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতে এই মন্তব্য শ্বেখ হাছিনাৰ পুত্ৰ সজীব ৱাজেদৰ। শান্তিৰ নোবেল জয়ী ড° মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠনৰ পাছতেই হাছিনা-পুত্ৰৰ এই মন্তব্যই বহন কৰিছে বিশেষ তাৎপৰ্য। যেতিয়াই দেশখনৰ নতুন অন্তৰ্ৱৰ্তীকালীন চৰকাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’ব, তেতিয়াই প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজৰ দেশলৈ উভতি যাব বুলি মন্তব্য কৰিছে শ্বেখ হাছিনাৰ পুত্ৰই। বিজ্ঞাপন প্ৰায় দুমাহজোৰা প্ৰৱল প্ৰতিবাদৰ ফলত হাছিনাই সোমবাৰে ভাৰতলৈ পলাই আহে। তাৰ পাছত দেশখনত গঠন হয় অন্তৰ্ৱৰ্তীকালীন চৰকাৰ। আৰু শেহতীয়াকৈ ভাৰতৰ সংবাদ মাধ্যমৰে মত বিনিময় কৰি আমেৰিকাত থকা তেওঁৰ পুত্ৰ সজিব ৱাজেদ জয়ে কয়, ‘‘বৰ্তমান সময়ৰ বাবে তেওঁ (হাছিনা) ভাৰতত আছে। অন্তৰ্ৱৰ্তীকালীন চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগে তেওঁ বাংলাদেশলৈ উভতি যাব।’’ উল্লেখযোগ্য যে হাছিনাৰ আৱামী লীগ দলে অন্তৰ্ৱৰ্তীকালীন চৰকাৰত স্থান পোৱা নাই। সম্প্ৰতি নতুন দিল্লীৰ এটা সুৰক্ষিত স্থানত আশ্ৰয় লৈ আছে শ্বেখ হাছিনাই। একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁ বৃটেইনত আশ্ৰয় লোৱাৰ পৰিকল্পনা কৰিছিল যদিও বৃটিছ চৰকাৰে তেওঁৰ ভিছা বাতিল কৰিছে। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: bangladesh news , Sheikh Hasina First Published : August 9, 2024, 12:35 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.