গাজাত চলি থকা যুদ্ধৰ বাবে সম্পৰ্কৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত ইজৰাইলে দেওবাৰে আয়াৰলেণ্ডত থকা নিজৰ দূতাবাস বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে পেলেষ্টাইনৰ চিকিৎসকসকলৰ অভিযোগ অনুসৰি ইজৰাইলৰ নতুন বিমান আক্ৰমণত কেইবাটাও শিশুকে ধৰি ৪৬ জনতকৈ অধিক লোকৰ পুনৰ মৃত্যু হৈছে। ইজৰাইলৰ বৈদেশিক মন্ত্ৰীয়ে আয়াৰলেণ্ডৰ “চৰম ইজৰাইল বিৰোধী নীতিৰ প্ৰতিক্ৰিয়া স্বৰূপে দূতাবাস বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আয়াৰলেণ্ডে নৰৱে, স্পেইন আৰু স্লোভেনিয়াৰ সৈতে পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিব বুলি ঘোষণা কৰাৰ পিছত মে’ মাহত ইজৰাইলে ডাবলিনত থকা নিজৰ ৰাষ্ট্ৰদূতক ঘূৰি অহাৰ আহ্বান জনাইছিল। যোৱা সপ্তাহত আইৰিছ কেবিনেটে ইজৰাইলৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ গোচৰত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত আনুষ্ঠানিকভাৱে হস্তক্ষেপ কৰাৰ সিদ্ধান্ত লৈছিল, যিটো গোচৰত ইজৰাইলক গাজাত গণহত্যাৰ অভিযোগ উত্থাপন কৰা হৈছিল। অৱশ্যে এই অভিযোগক ইজৰাইলে অস্বীকাৰ কৰিছিল। “আমি চিন্তিত যে গণহত্যা কি হয় তাৰ অতি সংকীৰ্ণ ব্যাখ্যাই শাস্তিহীনতাৰ সংস্কৃতিৰ সৃষ্টি কৰে য’ত সাধাৰণ নাগৰিকৰ সুৰক্ষা নূন্যতম হয়।’- আয়াৰলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মাইকেল মাৰ্টিনে এইদৰে সংবাদ মাধ্যমৰ ওচৰত মন্তব্য কৰিছিল। দূতাবাস বন্ধ কৰাৰ সন্দৰ্ভত ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰৰ বিবৃতিত কোৱা হৈছে যে “আয়াৰলেণ্ডে ইজৰাইলৰ সৈতে সম্পৰ্কৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰিছে।” আইৰিছ প্ৰধানমন্ত্ৰী চাইমন হেৰিছে দূতাবাস বন্ধ কৰাৰ সিদ্ধান্তক “গভীৰভাৱে দুখজনক” বুলি অভিহিত কৰিছে। X-ত তেওঁ লগতে কয় যে, “আয়াৰলেণ্ড ইজৰাইল বিৰোধী বুলি কোৱা কথাটো মই সম্পূৰ্ণৰূপে নাকচ কৰো। আয়াৰলেণ্ড শান্তি, মানৱ অধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ হে সমৰ্থক।” None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.