নিৰ্বাচনী ধামখুমীয়াৰ মাজত চৰকাৰ তথা প্ৰশাসন ব্যস্ত থকাৰ সময়তে যোৰহাটৰ নিমাতীঘাটত সোমবাৰৰ পুৱাৰে পৰা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়াই। দুবছৰ পূৰ্বে নিমাতীঘাটত ৰূপায়ণ কৰা গৰাখহনীয়া প্ৰতিৰোধী জিঅ’বেগ আৰু পাৰ্কুপাইন আঁচনিৰ বৃহৎ অংশ গৰাখহনীয়াত জাহ গৈছে। বাৰিষাৰ প্ৰাকক্ষণত সমগ্ৰ যোৰহাটলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে নিমাতীঘাটৰ এই গৰাখহনীয়াই। তাৎক্ষণিকভাৱে বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ নকৰিলে এইবাৰ যোৰহাটৰ নিমাতীঘাট ৰক্ষা কৰাতো বৃহৎ প্ৰত্যাহ্বান হব চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ বাবে। ২২ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পুৱাৰে পৰা যোৰহাটৰ নিমাতীঘাটত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই। ২০২১-২২ বৰ্ষত নিমাতীঘাটত জলসম্পদ বিভাগে ৰূপায়ণ কৰা খহনীয়া প্ৰতিৰোধী জিঅ’বেগ আৰু পাৰ্কুপাইন আঁচনিখনৰ অংশতে গৰাখহনীয়াত জাহ গৈছে কেইবামিটাৰ অংশ। আনহাতে নিমাতীৰ এই অংশত ভয়ংকৰ খহনীয়া অব্যাহত আছে। ২০২১-২২ বৰ্ষত নিমাতীঘাটত জলসম্পদ বিভাগে ৰূপায়ণ কৰিছিল কেইবা কোটিটকীয়া গৰাখহনীয়া প্ৰতিৰোধী আঁচনি। জিঅ’ বেগ আৰু পাৰ্কুপাইন সমান্তৰালকৈ ব্যৱহাৰ কৰি গৰাখহনীয়া প্ৰতিৰোহৰ এই আঁচনিখন পৰিদৰ্শন কৰিবলৈ আহি সন্তুষ্টি প্ৰকাশ কৰিছিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে নিমাতীঘাটত ৰূপায়ণ কৰা জিঅ’বেগ আৰু পাৰ্কুপাইন আঁচনিৰ কামসমূহ পৰিদৰ্শন কৰি এই আঁচনিসমূহৰ ফলাফল আগন্তুক বাৰিষাত পোৱা যাব বুলি সেই সময়ত মত ব্যক্ত কৰিছিল। কিন্তু তাৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গল ২০২৪ৰ বাৰিষাৰ পূৰ্বেই। ২০২৪ চনৰ ২২ এপ্ৰিলৰ পুৱা দুবছৰ পূৰ্বৰ সেই আঁচনিখনৰে একাংশ জিঅ’বেগ আৰু পাৰ্কুপাইন জাহ যায় গৰাখহনীয়াত। ভয়ংকৰ ৰূপত গৰাখহনীয়াই গ্ৰাস কৰি গৈছে ব্ৰহ্মপুত্ৰৰ কাষৰ এই অংশ। গৰাখহনীয়াৰ এই ভয়ংকৰ ৰূপ দেখি শংকিত হৈ পৰিছে বিভাগীয় বিষয়াসকলো। বাৰিষা আৰম্ভ নৌহওঁতেই যোৰহাটৰ নিমাতীঘাটৰ এই ভয়ংকৰ দৃশ্যই বৰ্তমান চিন্তাত পেলাইছে সকলোকে। আনহাতে যোৰহাট নগৰ তথা নিমাতীঘাটৰ সুৰক্ষা কবচ ৰূপে পৰিগণিত ১নং বুলহেডটোৰ বহু অংশ প্ৰায় দুবছৰ পূৰ্বে গৰাখহনীয়াই বিধ্বস্ত কৰাৰ পিছত সেই বুলহেডটো পূনৰনিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান সেই বুলহেডটোৰ ওপৰতো হেঁচা বৃদ্ধি পাইছে। বাৰিষাৰ প্ৰাকক্ষণত ব্ৰহ্মপুত্ৰত কিছু পানী বৃদ্ধি পোৱাৰ সময়তে নিমাতীঘাটত আৰম্ভ হোৱা এই গৰাখহনীয়া শীঘ্ৰে প্ৰতিৰোধ কৰাতো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। বৰ্তমান নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা চৰকাৰৰ বৰমূৰীয়াসকলে শীঘ্ৰে এই ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰিলে যোৰহাটৰ নিমাতীঘাটৰ গৰাখহনীয়াই বিপজ্জনক ৰূপ ধাৰণ কৰাতো নিশ্চিত। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.