NEWS

Bangladesh: দুমুখীয়া বাংলাদেশী উন্মাদ, মুজিব বিৰোধী প্ৰতিবাদ আৰু মুজিবুৰৰ ফটো সন্নিবিষ্ট মুদ্ৰা

এয়াই হয়তো বিদ্ৰোহৰ পৰিহাস! পৰিহাস নহয়নো কি? সৌ সিদিনা মূৰত লথিয়াই লথিয়াই ভাঙিছিল বংগবন্ধুৰ প্ৰতিমূৰ্তি। সভ্যতাৰ সীমা চেৰাই এজন হঠাৎ পেট্ৰিয়টে আকৌ প্ৰস্ৰাবো কৰিলে বংগবন্ধুৰ মূৰত। পিছে…এই সকলোবোৰচোন বুমেৰাং হ’ল কাৰ্যক্ষেত্ৰত। দিন বাগৰাৰ লগে লগে দেখা গ’ল তথাকথিত বাংলাদেশী দেশভক্তৰ দলৰ দুমুখীয়া স্থিতি। এফালে দেশপ্ৰেমৰ নাম লৈ ধ্বংস কৰি গৈছে পূৰ্বৰ গৰিমাময় কৃতিচিহ্নসমূহ, আনফালে গুৱালগালিৰে একাংশ পূৰ্বৰ ৰাষ্ট্ৰনেতাৰ গোষ্ঠী উভালি পেলোৱা এইসকল লোকেই আকৌ এতিয়াও চলাই আছে পূৰ্বৰ ৰাষ্ট্ৰনেতাসকলে বান্ধি দিয়া নিয়ম। নৱ স্বাধীনতা লাভ কৰা বুলি ঘোষণা কৰি উন্মাদ হৈ বাংলাদেশত অভূতপূৰ্ব হিংসাত্মক কাৰ্যকলাপেৰে দেশখন অস্থিৰ কৰি তোলা একাংশ লোকৰ দুমুখীয়া স্থিতি। ঘটনাক্ৰমত হঠাৎ দেশৰ প্ৰধান শত্ৰু হৈ পৰিল একেখন বাংলাদেশৰেই নাগৰিকে এদিন সাদৰেৰে বংগবন্ধু বুলি ঘোষণা কৰা মুজিবুৰ ৰহমান। বাটৰ কাষৰ প্ৰতিমূৰ্তিৰ পৰা চৰকাৰী কাৰ্য়ালয়লৈ, য’তেই মজিবুৰ ৰহমানৰ ফটো, প্ৰতিমূৰ্তি দেখিছে আঁতৰাই দিয়া হ’ল। চৰকাৰী কৰ্মচাৰীসকলক বাধ্য কৰোৱা হ’ল বেৰৰ পৰা মুজিবুৰৰ ফটো আঁতৰাবলৈ। কিন্তু তথাকথিত বিদ্ৰোহী, স্বাধীনতাৰ পূজাৰীসকলে পাহৰি গ’ল যিমানেই ঘৃণাৰে উপচাই নিদয়ক কিয় বংগবন্ধু মুজিবুৰ ৰহমানক তেওঁলোকৰ জীৱনৰ পৰা এতিয়াও আঁতৰাব পৰা নাই। আজিৰ তাৰিখতো বাংলাদেশত প্ৰচলিত হৈ আছে পূৰ্বৰ মুদ্ৰা। এই মুদ্ৰাৰ অধিকাংশতেই সন্নিবিষ্ট আছে বংগবন্ধুৰ ফটো। ‘ঘৃণিত’ বংগবন্ধুক সামৰি-সুতৰিয়েই চলাইছে বিত্তীয় কাম-কাজ। আনকি এনে ঘটনাও শেহতীয়াকৈ ঘটিছে- উন্মাদৰ দলে ঘৰে ঘৰে মুজিবুৰৰ ফটো বিচাৰিব পাৰে বুলি ভয়তে স্বামীয়ে পত্নীক মুজিবুৰৰ ফটো ঘৰত আছে নেকি বুলি সোধাত মানুহজনৰ পত্নীয়ে হেনো উলিয়াই দিছিল বাংলাদেশৰ এখন এখন নোট। নোটখনত থকা মুজিবুৰৰ ফটোলৈ আঙুলিয়াই ইংগিতেৰে উত্তৰ দিলে তেওঁলোকৰ ঘৰতো মুজিবুৰৰ ফটো আছে বুলি। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, এইসকল হঠাৎ দেশপ্ৰেমীয়েই আকৌ চূড়ান্তভাৱে অপমান কৰিছে আমাৰ কবিগুৰুকো। ৰবীন্দ্ৰনাথ ঠাকুৰকো ৰেহাই নিদিলে বাংলাদেশী উন্মাদৰ দলে। কিন্তু সৌ সিদিনা আকৌ মহম্মদ ইউনুছৰ নেতৃত্বত গঠন কৰা অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানতো বাজিল আমাৰ কবিগুৰুৱেই ৰচনা কৰা গানটো। এই গানটোকেই গ্ৰহণ কৰা হৈছিল বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.