‘‘মিনি বাংলাদেশত পৰিণত হৈছে নামনি আৰু মধ্য অসম ৷ নামনি আৰু মধ্য অসমৰ (Assam) তিনি জিলাত হৈছে বিশেষ সম্প্ৰদায়ৰ আগ্ৰাসন ৷ তিনিখন বিশেষ জিলাত ভয়ংকৰ, ভয়াৱহ হাৰত বৃদ্ধি হৈছে বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা ৷’’ - এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ তিনিখন জিলাত বৃদ্ধি হোৱা এনে জনসংখ্যাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী (Himanta Biswa Sarma) হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীৰ মতে, বাংলাদেশৰ সমানে অসমৰো তিনি জিলাত হ্ৰাস হৈছে হিন্দুৰ জনসংখ্যা ৷ বিপৰীতে উদ্বেগজনক হাৰত বৃদ্ধি এটা বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা ৷ মুখ্যমন্ত্ৰীৰ তথ্য অনুসৰি হিন্দুৰ জনসংখ্যা (Hindu Population) হ্ৰাস হোৱা অসমৰ তিনি জিলা ক্ৰমে ধুবুৰী, বৰপেটা আৰু মৰিগাঁও ৷ এই তিনি জিলাত আজিৰ তাৰিখত হিন্দুৰ জনসংখ্যা ধুবুৰীত ১২% , বৰপেটাত ৩০% আৰু মৰিগাঁও জিলাত ৩৫% ৷ জনসংখ্যাৰ এনে পৰিৱৰ্তনক লৈ একপ্ৰকাৰ অসহায় হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁ কয়, ‘‘জাতিৰ স্বাৰ্থত থকা চৰকাৰ বেছিদিন থাকিব নোৱাৰে দিছপুৰত ৷ বিপৰীতে আন কোনোৱাই দখল কৰিব দিছপুৰ ৷ যদিওবা ইয়াৰ বিৰুদ্ধে সময়ে সময়ে আন্দোলন, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে , তথাপি সুৰক্ষিত কৰিব পৰা নাই জাতিক ৷ কাৰণ হিন্দুৰ তুলনাত তুলনামূলকভাৱে অধিক সম্প্ৰদায়টোৰ জনসংখ্যা ৷ সেয়ে জাতিটোক ভাল পোৱা সমাজৰ প্ৰতিগৰাকী লোকক সজাগ, সচেতন হোৱাটো সময়ৰ আহ্বান।’’ শুকুৰবাৰে ৰুক্মিণীগাঁও টঙৰা সত্ৰত অনুষ্ঠিত হোৱা ভকত আৰু ভোজন গৃহ শুভ উদ্বোধন কৰি এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ উল্লেখ্য যে বাংলাদেশৰ ঘটনাক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ চুবুৰীয়া দেশ বাংলাদেশত হিন্দুৰ ওপৰত যধে-মধে আক্ৰমণ চলিছে ৷ অসহায় নিৰুপায় হৈ পৰিছে দেশখনৰ হিন্দুসকল ৷ এনে সময়ত যাতে বাংলাদেশৰ দৰে অসম নহয় তাৰবাবে সকলোকে আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এই মন্তব্যৰ পাছতে সৰব হৈ পৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমল ৷ তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰীৰ এয়া অদ্ভুত মন্তব্য ৷ এনে মন্তব্য কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷’’ চৰকাৰে জনসংখ্যা আইনৰ জৰিয়তে জন্ম নিয়ন্ত্ৰণ কৰাৰ আহ্বান বদৰুদ্দিন আজমলৰ ৷ None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- August 26, 2024
-
- August 26, 2024
-
- August 26, 2024
Featured News
Latest From This Week
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.