NEWS

অৱশেষত ক্ষমা খুজিলে অভিনেতা যতীন বৰাই

অৱশেষত ক্ষমা খুজিলে অভিনেতা যতীন বৰা আৰু ক’ষ্টিউম ডিজাইনাৰ চাও চেং ৰাজকোঁৱৰে। ইতিহাস থিয়েটাৰৰ মহাবীৰ লাচিত বৰফুকন নাটকৰ এখন প’ষ্টাৰক লৈ হৈছিল বিতৰ্ক। লাচিত বৰফুকনৰ সাজ-পাৰকলৈ হৈছিল তুমুল বিতৰ্ক। অভিনেতা যতীন বৰাই যি অলংকাৰ আৰু পাগুৰি পিন্ধিছিল তাক লৈ হৈছিল বিতৰ্কৰ সূত্ৰপাত। ক্ষমা খোজাৰ ওপৰিও আহোমসকলৰ পৰামৰ্শ লৈ পৰৱৰ্তী সময়ত কাম কৰাৰ আশ্বাস প্ৰদান দিয়ে যতীন বৰাই। যিখন প’ষ্টাৰ ভাইৰেল হৈছিল সেইখন আনুষ্ঠানিকভাৱে মুকলি কৰা নাছিল বুলি প্ৰকাশ কৰে যতীন বৰাই। কি হৈছিল প্ৰকৃততে? সুদীৰ্ঘ ৬ বছৰৰ মূৰত পুনৰ ভ্ৰাম্যমাণৰ মঞ্চ জগতলৈ প্ৰত্যাৱৰ্তন কৰিছে অভিনেতা যতীন বৰাই। বৰ্তমান ৰাজ্যৰ প্ৰায়সমূহ নাট্যদলে আগন্তুক ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে টঙালি বান্ধিছে। বহু আগশাৰীৰ নাট্যদলে ইতিমধ্যে মুকলি কৰিছে আখৰা শিৱিৰ। কোনো নাট্যদলে মুকলি কৰিছে প্ৰ’ম’-নৃত্য-গীতৰ ভিডিঅ’। এইবাৰ ইতিহাস থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় অভিনেতা যতীন বৰাই। ইতিমধ্যে ইতিহাস থিয়েটাৰেও অভিজিৎ ভট্টাচাৰ্যৰ ‘মহাৰাজ’ নাটকখনৰ এটি গীত আৰু প্ৰ’ম’ মুকলি কৰিছে। আৰু পঢ়ক: হঠাৎ সামাজিক মাধ্যমত এটি বিশেষ প’ষ্ট দিলে জনপ্ৰিয় অভিনেতা যতীন বৰাই! বৃহস্পতিবাৰে সংবাদ মাধ্যম যোগে কি ক’ম বুলি ক’লে যতীন বৰাই? বুধবাৰে ইতিহাস থিয়েটাৰৰ ‘মহাবীৰ লাচিত’ নাটকখনৰ এখন প’ষ্টাৰ সামাজিক মাধ্যমত প’ষ্ট দিছিল যতীন বৰাই। তাৰ পিছতে লাচিত বৰফুকনৰ বেশভূষা আৰু সাজসজ্জাক লৈ ভিন্ন জনে ভিন্ন মত প্ৰকাশ কৰিছে। লাচিত বৰফুকৰ সাজসজ্জাক লৈ বহুজন কৰে বহু মন্তব্য। লাচিত বৰফুকনৰ ৰূপত যি সাজ পৰিধান কৰিছে তাক লৈ সৃষ্টি হৈ তুমুল বিতৰ্ক। বুধবাৰেও নিশাই যতীন বৰাই ফেচবুকত এটি বিশেষ প’ষ্ট দিয়ে। কিন্তু পৰৱৰ্তী সময়ত শেষ প’ষ্ট ফেচবুকৰ পৰাই আঁতৰাই দিয়ে। আৰু আজি যতীন বৰাই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত যতীন বৰাই কয় যে ‘‘যিখন প’ষ্টাৰ ভাইৰেল হৈছিল সেইখন আনুষ্ঠানিকভাৱে মুকলি কৰা নাছিল।’’ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.