NEWS

Bangladesh News : সংৰক্ষণবিৰোধী আন্দোলনৰ পৰিণতিত গাদীচ্যুত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন

সংৰক্ষণ বিৰোধী আন্দোলনৰ পৰিণতি। গাদীচ্যুত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা।১৯৭৫ চনৰ ১৫ আগষ্টত ঢাকাৰ বাসভৱনতে সপৰিয়ালে ঘাতকে প্ৰাণ লৈছিল হাছিনাৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানৰ। সেই নৃশংস ঘটনাৰ ৪৯ বছৰৰ পাছত বাংলাদেশৰ পৰা পলাব লগা হ’ল মুজিব কন্যা হাছিনাই। বাংলাদেশ স্বাধীন হোৱা মাত্ৰকে ১৯৭১ চনৰ ৭ মাৰ্চত ঢাকাৰ ৰেছকোৰ্চ ময়দানৰ পৰা ঐতিহাসিক ভাষণত পাকিস্তানক হুংকাৰ দিছিল বংগবন্ধু মুজিবুৰ ৰহমানে। কোনেও আমাৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে বুলি মুজিবুৰৰ সেই উদাত্ত ভাষণৰ সুৰ এতিয়া শুনা গৈছে প্ৰতিবাদকৰাকীৰ মুখত। ছাত্ৰ সমাজৰ আন্দোলন দমন কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিও শেষ ৰক্ষা কৰিব নোৱাৰিলে শ্বেখ হাছিনাই। প্ৰৱল গণবিক্ষোভত প্ৰধানমন্ত্ৰীৰ পদ এৰি বাংলাদশৰ পৰা পলাব লগা হ’ল মুজিব কন্যাই। সংৰক্ষণবিৰোধী আন্দোলন আৰম্ভ হোৱা দিন ধৰি উত্তাল হৈছিল বাংলাদশৰ পৰিস্থিতি। প্ৰথমাৱস্থাত ৰাজাকাৰৰ নেতৃত্বত আন্দোলন হোৱা বুলি কটাক্ষ কৰিছিল শ্বেখ হাছিনাই। জনৰোষত পৰি সেই ভাষ্য উঠাই লোৱাৰ পাছতো ৰেহাই নাপালে হাছিনাই।আনকি চৰকাৰী চাকৰিত ৫৬%ৰ পৰা মাত্ৰ ৭%লৈ সংৰক্ষণ কমোৱাৰ উচ্চতম ন্যায়ালৰ নিৰ্দেশৰ পাছতো ক্ষান্ত নহ’ল প্ৰতিবাদকাৰী। বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছত ৯ দফীয়া দাবীত আন্দোলন চলাই যোৱাৰ কথা ঘোষণা কৰিলে আন্দোলনকাৰীৰ নেতৃত্বই। আৰু পঢ়ক : ভাৰতত শৰণ মুজিব কন্যাৰ, হাছিনাৰ হেলিকপ্টাৰে ভাৰতৰ সীমাত প্ৰৱেশৰ লগে লগে জাতিক উদ্দেশ্যি ভাষণ বাংলাদেশৰ সেনা প্ৰধানৰ, পৰৱৰ্তী সময়ত ক’লৈ যাব হাছিনা? ৩ আগষ্টৰ পৰা ৯ টা দাবীৰ সলনি কেৱল শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত দেশজুৰি আৰম্ভ হ’ল আন্দোলন। পূৰ্বৰ দৰে প্ৰতিবাদকাৰীৰ সৰ্বাত্মক অসহযোগৰ আহ্বানক সেনাৰ শক্তিৰে ওফৰাই দিয়াৰ চেষ্টা কৰিলে হাছিনাৰ চৰকাৰে। প্ৰতিবাদকাৰীৰ শ্লোগানৰ প্ৰত্যুত্তৰত চলিল সেনা-আৰক্ষীৰ গুলী। শক্তিৰে শত্ৰুপক্ষক মষিমুৰ কৰাৰ চেষ্টা চলালে হাছিনাৰ চৰকাৰে। তেতিয়াই প্ৰতিআক্ৰমণ আৰম্ভ কৰিলে প্ৰতিবাদকাৰীয়ে। সমগ্ৰ বাংলাদেশজুৰি বিয়পি পৰিল হিংসা। আন্দোলনকাৰীয়ে জ্বলাই দিলে থানা। ভাঙি ছিঙি লণ্ডভণ্ড কৰিলে আৱামী লীগৰ কাৰ্যালয়। প্ৰতিবাদকাৰীৰ কণ্ঠ ৰোধ কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিলে হাছিনাৰ চৰকাৰে। প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল হাছিনাৰ সেনা আৰু আৰক্ষী। দেওবাৰে চৰকাৰী পক্ষৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষত প্ৰাণ গ’ল ৯৮ জন লোকৰ। আক্ৰমণ প্ৰতিআক্ৰমণত প্ৰাণ গ’ল ১৪ গৰাকী আৰক্ষীৰ। লগতে পঢ়ক : ‘আমি সকলো দায়িত্ব লৈছো, শান্তি-শৃংখলা পুনৰ ঘূৰাই আনিম…’, আশ্বাস বাংলাদেশৰ সেনা প্ৰধানৰ ২০২৪ৰ জানুৱাৰীত পঞ্চমবাৰৰ বাবে বাংলাদশৰ মছনদত বহিছিল শ্বেখ হাছিনা। নিৰপেক্ষ এখন তত্বাবধায়ক চৰকাৰৰ অধীনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত সেই নিৰ্বাচন বৰ্জন কৰিছিল বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ লগতে বাওপন্থী দলসমূহে। কিন্তু বিৰোধীৰ কোনো এটা দাবীত কাণসাৰ নিদি পুনৰাই বাংলাদেশৰ প্ৰধানমন্ত্ৰী হৈছিল শ্বেখ হাছিনা। ক্ষমতা দখলৰ ৭ মাহৰ পাছতে তীব্ৰ গণবিক্ষোভত গাদী এৰিবলৈ বাধ্য হ’ল শ্বেখ হাছিনাই। সৰ্বাত্মক অসহযোগৰ শেষ পৰ্যায়ত লাখ লাখ লোকে ঢাকালৈ মাৰ্চ কৰাৰ পাছতে দেশ এৰি পলাল হাছিনা। ২০০৪ চনৰ ২১ আগষ্টৰ গ্ৰেণেড আক্ৰমণৰ পৰা কথমপি সাৰি যোৱা হাছিনাৰ বিৰুদ্ধে এইবাৰ ৰাজনৈতিক প্ৰতিশোধ ল’লে বিৰোধীয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.