দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বৃহস্পতিবাৰে মুক্তি লাভ কৰিলে আল্লু অৰ্জুন অভিনীত ছবি ‘পুষ্পা-২ দ্যা ৰুল’ (Pushpa 2 the rule)। ক্ৰাইম আৰু একশ্যন থ্ৰিলাৰ চিনেমাখনৰ দৈৰ্ঘ প্ৰায় ৩ ঘন্টা ২ মিনিট। মুক্তিৰ পূৰ্বেই বিভিন্ন অভিলেখ গঢ়া এই চিনেমাখনে এতিয়া মুক্তিৰ পাছতো ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে। শেহতীয়া তথ্য অনুসৰি বুধবাৰলৈ ‘পুষ্পা-২ দ্যা ৰুলে’ বিশ্বব্যাপী এডভান্স বুকিঙৰ জৰিয়তে ১৪০ কোটি টকা আয় কৰিবলৈ সক্ষম হয়। গতিকে পুষ্পা-দ্যা ৰুলৰ দৰে এই ছবিখনেও মনোৰঞ্জন জগতত খলকনি তুলিবলৈ আগবাঢ়িছে। এই চিনেমাখনৰ মুখ্য চৰিত্ৰত আল্লু অৰ্জুনে অভিনয় কৰাৰ বিপৰীতে মুখ্য অভিনেত্ৰী হিচাপে ৰশ্মিকা মান্ধানাক দেখা গৈছে। চিনেমাখন হিন্দী, তেলুগু, তামিল, কন্নড় আৰু মালায়লম ভাষাত মুক্তি লাভ কৰিছে। নিৰ্দেশনা কৰিছে সুকুমাৰে আৰু নিৰ্মাতা নবীন য়ৰনেনী, বাই ৰবিশংকৰৰ। ‘পুষ্পা ২ দ্যা ৰুল’ৰ প্ৰথম ভাগ ‘পুষ্পা দ্যা ৰাইজ’ সমগ্ৰ দেশতে ছুপাৰহিট হৈছিল আৰু দৰ্শকে এই চিনেমাখন যথেষ্ঠ পচন্দ কৰিছিল। ২০২১ চনত মুক্তি লাভ কৰা ‘পুষ্পা দ্যা ৰাইজ’এ ৩০০ কোটিৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। Climax With A Banger‼️ Fight.. BGM Also Worked Out Very Well… I feel for making Pushpa 3 Sukku Done Pushpa 2 … Movie Failed At Some Portion But Immediate Picked up With Fights & Elevations Elements.. Overall A Good Watch.. #Pushpa2 #Pushpa2TheRule #Pushpa2ThRuleReview এইবাৰ চিনেমাখনৰ সৈতে জড়িত সকলোৱে ‘পুষ্পা-২ দ্যা ৰুল’ৰ পৰা অধিক আশা কৰিছে। এই চিনেমাখনৰ ট্ৰেইলাৰৰ মুক্তি লাভৰ পাছতেই দৰ্শকৰ মাজত তীব্ৰ উৎসাহ দেখা গৈছিল। মুহূৰ্তৰ ভিতৰতে বিশ্বজুৰি ভাইৰেল হৈ পৰিছিল আল্লু অৰ্জুনৰ ‘ফায়াৰ নহী ৱাইল্ড ফাইৰ’ সংলাপ। ইয়াৰোপৰি চিনেমাখনৰ আইটেম ছংটোৱেও দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, এডভান্স বুকিঙৰ ক্ষেত্ৰত পুষ্পা-২য়ে ৰেকৰ্ড গঢ়িছে। ‘পুষ্পা-২’ উপভোগ কৰাৰ পাছতেই বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে। এগৰাকী ‘এক্স’ ব্যৱহাৰকাৰীয়ে কৈছে, ‘ফহাদ হাছিলৰ কথা ক’বলৈ পাহৰি গ’ল। প্ৰথম খণ্ডত তেওঁ একেই আছিল যদিও এইবাৰ সুক্কুয়ে তেওঁ জোকাৰ হিচাপে লিখিছে। ফহাদ আৰু আল্লু অৰ্জুনৰ মাজত অফ ছীন…ক্লাইমেক্স সাংঘাটিক। কোনোবা ক্ষেত্ৰত চিনেমাখন অসফল হ’লেও এক্সনে সেয়া পূৰ কৰিছে।’ আন এজনে লিখিছে- ৱাইল্ড ফায়াৰা এন্টাৰটেইনাৰ। অত্যন্ত ভাল চিনেমা। সুকুমাৰ এজন যাদুকৰ। বক্স অফিচত ধুমুহা আহি গৈছে। উল্লেখ্য যে, একাংশই চিনেমাখনত আল্লু অৰ্জুনৰ অভিনয় আদৰি লৈছে। নৃত্য আৰু এক্সনৰ একাংশই প্ৰশংসা কৰিছে। এইবাৰ পুষ্পা-২ত আল্লু অৰ্জুনক শাড়ী পিন্ধাও দেখা গৈছে। বিশেষ এয়াই যে এই চিনেমাত শাড়ী পিন্ধি মাৰপিট কৰে আল্লু অৰ্জুনে। আনহাতে নিগেটিভ চৰিত্ৰত থকা ফহাদ ফাচিলৰ অভিনয়ো অত্যন্ত ভাল পাইছে একাংশই। কেতিয়াবা খং, কেতিয়াবা ধেমেলীয়া কথাৰে ফহাদৰ অভিনয়ে চিনেমাখন বিশেষ কৰি তুলিছে। আনহাতে প্ৰথম চিনেমাখনতকৈ ৰশ্মিকাই এইবাৰ অধিক স্ক্ৰীণ টাইম লাভ কৰিলে। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.