মগজুৰ স্বাস্থ্য উন্নত কৰিব পাৰে এই বিধ পাচলিয়ে মগজুৰ স্বাস্থ্য উন্নত কৰিব পাৰে এই বিধ পাচলিয়ে। লগতে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাতো সহায়ক এই পাচলি বিধ। বহুতৰে প্ৰিয়, বিশেষকৈ চালাডত অন্তৰ্ভুক্ত কৰিলে চালাডৰ সোৱাদ বৃদ্ধি পায়। এই পাচলি বিধ হৈছে গাজৰ। গাজৰৰ আছে আৰু বহু উপকাৰিতা। গাজৰ এবিধ অত্যন্ত পুষ্টিকৰ আৰু স্বাস্থ্যপ্ৰদ পাচলি। ই বিভিন্ন পুষ্টিগুণৰে ভৰপূৰ, যিয়ে শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্য সুৰক্ষাত সহায় কৰে। গাজৰৰ স্বাস্থ্যগুণসমূহৰ বিষয়ে ডাক্তৰ পল ৰবচন মেধিয়ে কি কয় জানো আহক। পুষ্টিৰ ভঁৰাল হৈছে গাজৰ।গাজৰেদৃষ্টিশক্তি, ছালৰ উজ্জ্বলতা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত সন্মিলিত ভিটামিন কে, ভিটামিন চি আৰু ভিটামিন B6 দেহৰ হাড়ৰ মজবুতিত,ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি আৰু শক্তি উৎপাদনত সহায় কৰে। ইয়াত পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়ামো থাকে, যি শৰীৰৰ মাংসপেশীৰ গঠনত সহায় কৰে। দৃষ্টিশক্তি উন্নত কৰাৰ ক্ষেত্ৰতো সহায় কৰে গাজৰে। গাজৰত থকা বিটা-কেৰ’টিন আৰু লুটেইন চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী। ই বয়সজনিত দৃষ্টিহীনতা আৰু চকুৰ বিভিন্ন ৰোগ ৰোধ কৰিব পাৰে। পেটৰ ৰোগ হ্ৰাস কৰাত সহায়ক গাজৰ। গাজৰত থকা প্ৰচুৰ পৰিমাণৰ আঁহে পেটৰ ৰোগ, বিশেষকৈ কোষ্ঠকাঠিন্য ৰোধ কৰিবলৈ সহায় কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে গাজৰে। গাজৰত থকা এণ্টি-অক্সিডেন্ট সমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহু ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। এয়াৰ উপৰিও হৃদৰোগৰ বিপদ কমায়। গাজৰত পটাছিয়াম, আঁহ আৰু এণ্টি-অক্সিডেন্টৰ সমন্বয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগৰ সংক্ৰান্তিৰ সম্ভাৱনা কমায়। শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰখাতো সলহায় কৰে গাজৰে। গাজৰ কম কেল’ৰিৰ খাদ্য, কিন্তু আঁহৰে ভৰপূৰ। ই দীৰ্ঘ সময়লৈ পেট ভৰাই ৰাখে আৰু খোৱাৰ ইচ্ছা হ্ৰাস কৰে। ছালৰ স্বাস্থ্য বাবেও গাজৰ বহু উপকাৰী। গাজৰত থকা বিটা-কেৰ’টিন আৰু এণ্টি-অক্সিডেন্টসমূহে ছালক সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। মগজুৰ স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰতো যথেষ্ট উপকাৰী গাজৰ। গাজৰত থকা পুষ্টিগুণসমূহে স্মৃতিশক্তি বৃদ্ধি আৰু মগজুৰ বয়সজনিত ক্ষয় ৰোধত সহায় কৰে। সেয়েহে ডাক্তৰ পল ৰবচন মেধিয়ে নিয়মিত পৰিমাণে গাজৰ সেৱন কৰিবলৈ উপদেশ আগবঢ়াইছে। কিন্তু ঔষধ সেৱন কৰি থকা ৰোগী সকলে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত। None
Popular Tags:
Share This Post:
What’s New
Spotlight
Today’s Hot
-
- January 6, 2025
-
- January 6, 2025
-
- January 6, 2025
Featured News
Latest From This Week
ভাৰতৰ সীমাত গঠন হোৱাৰ দিশে নতুন ৰাষ্ট্ৰ, বেলি মাৰ যাব নেকি জুণ্টা চৰকাৰৰ?
NEWS
- by Sarkai Info
- January 6, 2025
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.