NEWS

Krishna Janmashtami: সোমবাৰে জন্মাষ্টমী: সেই দিনটোত কৰক এইকেইটা বিশেষ কাম, সুখ-শান্তিৰে উপচি পৰিব জীৱন

সোমবাৰে জন্মাষ্টমী, সেই দিনটোত কৰক এইকেইটা বিশেষ কাম। জন্মাষ্টমীৰ দিনা কি কৰিব সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে জ্যোতিষী ড° পৰশমণি শৰ্মাই। তেওঁ উল্লেখ কৰা অনুসৰি ২৬ আগষ্ট সোমবাৰে জন্মাষ্টমী। পিছে, জন্মাষ্টমীৰ দিনাখন আপুনি কি কৰিব? জন্মাষ্টমী দিনাখন শ্ৰীকৃষ্ণৰ আৰাধনা কৰাটোৱেই মূল কথা। গতিকে শ্ৰীকৃষ্ণৰ ফটো বা মূৰ্তিত আপুনি আৰাধনা কৰিব পাৰে। জন্মাষ্টমীৰ দিনাখন শ্ৰীকৃষ্ণক বগা মিঠাই আৰু ঘিউৰ চাকি দিব লাগে। আপোনাৰ ঘৰৰ মৰি যোৱা তুলসী গছৰ ডালিত শলিতা লগাই যদি ঘিউ চাকি দিব পাৰে, তেতিয়াহ’লে ঘৰৰ আৰ্থিক সমস্যাৰ পৰা মুক্ত হ’ব পাৰি। জন্মাষ্টমী দিনাখন কৰা এই কামে আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিব। এইদৰে আপুনি প্ৰত্যেক বৃহস্পতিবাৰ নহ’লে শুকুৰবাৰে এই কাম কৰি থাকিব পাৰে নতুবা বুধবাৰেও কৰিব পাৰে। যদিহে আপুনি সন্তানহীনতাৰ সমস্যাত ভুগিছে বা সন্তানসম্ভৱা হৈ আছে তেতিয়াহ’লে আৰু এটা কাম কৰিব পাৰে। জন্মাষ্টমীৰ দিনাখন এটা তিয়ঁহ আনিব আৰু সেই তিয়ঁহটোৰ ঠাৰিডাল থাকিলে বেছি ভাল। সেইদিনা নিশা ২ বজাত এটা খুচুৰা পইচাৰে ঠাৰি আৰু তিয়ঁহৰ মাজৰ অংশটো কাটিব লাগিব। যদি এই তিয়ঁহটো সন্তানহীনা মহিলা বা সন্তানসম্ভৱাই খাই তেতিয়াহ’লে তেওঁলোকে ভাল সন্তানৰ অধিকাৰী হ’ব পাৰিব। যিবিলাক লোকৰ সম্পৰ্কৰ সমস্যা হৈছে, প্ৰেমিক-প্ৰেমিকা বা পতি-পত্নীৰ মাজৰ সম্পৰ্কৰ সমস্যা হৈছে তেওঁলোকে ১০৮ বাৰ ৰাধা-কৃষ্ণ, ৰাধা-কৃষ্ণ জপ কৰিলে তেওঁলোকৰ সম্পৰ্কৰ জটিলতা আঁতৰ হ’ব পাৰে। জন্মাষ্টমীৰ পাছত প্ৰতিদিনে তেওঁলোকে ২৮ বাৰ নহ’লে ৫১ বাৰ পঢ়িব পাৰে। ইয়াৰ উপৰি আপুনি যদি শনিৰ সমস্যাত ভুগি আছে তেতিয়া হ’লে সৰু ল’ৰাক কিবা খুৱাব পাৰে বা হালধীয়া বস্ত্ৰ দান দিব পাৰে। তেতিয়া ৰাহু, কেতু , শনিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। জন্মাষ্টমীৰ দিনাখন ঘৰত ১০৮ বাৰ ‘ঔম নমঃ ভগৱতেই বাসুদেৱাই’ এই মন্ত্ৰফাঁকি জপ কৰিব পাৰে। শ্ৰীমদ্ভৱদগীতাখনৰো যিকোনো অধ্যায় আপুনি পঢ়িব পাৰে। এইখিনি সময়ত শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰাটোৱেই হৈছে প্ৰধান কাম। জন্মাষ্টমীৰ দিনাখন যদি ঘৰত এটা ময়ূৰৰ পাখী আনি ৰাখিব পাৰে, তেতিয়া বিদ্যাৰ্থীৰ বাবে শুভ হ’ব। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.