NEWS

Health Care : ডায়েবেটিছ ৰোগীয়ে কিদৰে ল’ব চকুৰ যতন, এগৰাকী চকু বিশেষজ্ঞই দিলে এই পৰামৰ্শ

ডায়েবেটিচ ৰোগীয়ে নকৰিব এই কাম। নহ'লে আপোনাৰ দৃষ্টি শক্তি কমিব পাৰে! খাদ্যভ্যাসৰ ফলতেই হওক বা আন কোনো কাৰণতেই হওক বৰ্তমান সময়ত ডায়েবেটিছ ৰোগীৰ সংখ্য বৃদ্ধি পাবলৈ ধৰিছে। বহু কম বয়সৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো ধৰা পৰিছে ডায়েবেটিছ। ডায়েবেটিছ ৰোগীয়ে বিভিন্ন দিশত গুৰুত্ব দিব লাগে। চিকিৎসকৰ পৰামৰ্শ মতে খাদ্য খালে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। পিছে ডায়েবেটিছ বহু বছৰ হোৱাৰ পাছত আমাৰ শৰীৰত আন আন কিছুমান সমস্যাই দেখা দিয়ে। ইয়াৰে ভিতৰত এটা সমস্য হৈছে চকুৰ সমস্যা। কিন্তু চকুৰ যতন কিদৰে ল’ব ডায়েবেটিছ ৰোগীয়ে? এগৰাকী ডায়েবেটিছ ৰোগীয়ে কিদৰে চকুৰ যতন ল’ব লাগে সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায় চকু বিশেষজ্ঞ ডাঃ নিলাক্ষী বৰুৱাই। তেওঁ উল্লেখ কৰা অনুসৰি,আজিকালি ডায়েবেটিছ বহু কম বয়সৰ লোকৰো হোৱা দেখা পোৱা যায়। বিশেষকৈ ডায়েবেটিছ ৰোগৰ আৰম্ভণিতে আমাৰ শৰীৰত বিশেষ প্ৰভাৱ নপৰে। কিন্তু যিমানেই ডায়েবেটিছ পুৰণি হৈ যায় বা মধুমেহ ৰোগটো নিয়ন্ত্ৰণত নাথাকে সিমানেই আপোনাৰ নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা বৃদ্ধি হয়। চকুৰ ক্ষেত্ৰত এজন‌ ডায়েবেটিচ ৰোগীক নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়। বিশেষকৈ ৰেটিনা বা পৰ্দাখন নিয়মিতভাৱে পৰীক্ষা কৰি থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়। কাৰণ যিমানেই ডায়েবেটিছ পুৰণি হৈ যায় বা ডায়েবেটিচ নিয়ন্ত্ৰণত নাথাকে তেতিয়া ৰেটিনাত কিছু সমস্যা সৃষ্টি হোৱা পৰিলক্ষিত হয়। যেনেকৈ হৃদপিণ্ডৰ বাবে ই চি জি চোৱা হয় ঠিক তেনেকৈ বছৰি এবাৰ ৰেটিনাখন পৰীক্ষা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হয়। যদি একো লক্ষণ নাথাকে তেতিয়া বছৰি এবাৰকৈ পৰীক্ষা কৰি থাকিলেও হৈ যায়। যদি কিবা সমস্যা সৃষ্টি হৈছে তেতিয়া আৰু সোনকালে পৰীক্ষা কৰিবলৈ কোৱা হয়। অৰ্থাৎ ৬ মাহৰ মূৰে-মূৰে পৰীক্ষা কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়। লগতে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাটো খুবেই জৰুৰী হয়। যদি কিবা সমস্যা সৃষ্টি হয় তেতিয়া চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা কৰিলে দৃষ্টি শক্তি কমি যোৱাৰ সম্ভাৱনা কম হয়। মুঠতে এগৰাকী ডায়েবেটিচ ৰোগীয়ে নিয়মীয়াকৈ চকু পৰীক্ষা কৰি থকাটো খুবেই জৰুৰী। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.